Logo
image

অসহায় অসম

চকু পকাই ধৰিছে চুবুৰীয়াই

আমাৰ অসম ১৬মাৰ্চঃ অসমৰ মুখ্যমন্ত্ৰীয়ে চুবুৰীয়া ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীৰ সৈতে দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে আনুষ্ঠানিক-অনানুষ্ঠানিক বৈঠকত মিলিত হ’লেও সীমান্তত এতিয়াও চুবুৰীয়াৰ আগ্ৰাসন অব্যাহত আছে৷ সেয়া লাগিলে মেঘালয়েই হওক বা নাগালেণ্ডেই হওক৷ মিজোৰামেই হওক বা অৰুণাচল সীমান্তই হওক৷ প্ৰতিদিনেই যেন অসমৰ চুবুৰীয়া ৰাজ্যখনৰ সীমান্তত বেদখলৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আহিছে৷ সীমান্তৰ ভূমিক লৈ চুবুৰীয়া ৰাজ্যৰ বাসিন্দাই চকু পকাই ধৰাত যেন অসহায় হৈ পৰিছে অসম৷ মঙলবাৰে অসম-অৰুণাচল সীমান্তৰ বামগড়াত অৰুণাচলীয়ে অসমৰ ভূমিত ঘৰ সজাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ফলত সীমান্তত অসমৰ বন বিভাগৰ বিষয়াৰ দল উপস্থিত হৈ অৰুণাচলীয়ে বাঁহ আৰু টকৌপাতেৰে সজা ঘৰ ভাঙি পেলায়৷ অৱশ্যে সীমান্তত এই উত্তেজনা চলি থকাৰ মাজতে মঙলবাৰে অৰুণাচল বিধানসভাৰ সদনত কংগ্ৰেছ বিধায়ক নাবাম টুকীৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যখনৰ গৃহমন্ত্ৰী বামাংগ ফেলিক্সে অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যই সৌহাদ্যপূৰ্ণভাৱে কাম কৰি থকা বুলি অৱগত কৰিছে৷ ইপিনে অসমৰ বকো সীমান্তত মেঘালয়ৰ আগ্ৰাসন তথা দুষ্কৃতিকাৰীৰ হাৰাশাস্তিক লৈ মঙলবাৰে অসম বিধানসভাৰ সদনত ক্ষোভ উজাৰে বকোৰ বিধায়ক নন্দিতা দাসে৷ কংগ্ৰেছী বিধায়কগৰাকীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যম আগত কয়– ‘অসম-মেঘালয়ৰ সীমান্তৰ মালাং শালবাৰী নামৰ অঞ্চলটোত জ্জ মাৰ্চত মেঘালয়ৰ একাংশ লোকে অসমৰ ভূমিত আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ অসমৰ মানুহৰ ঘৰ, গছ-গছনি ভাঙি পেলাইছিল, অসমীয়ালৈ ফটকা নিক্ষেপ কৰিছিল৷ কিছুদিন পূৰ্বে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সদনত মালাং শালবাৰী গাঁওখন মেঘালয়ত অন্তৰ্ভুক্তিৰ সন্দৰ্ভত বক্তব্য ৰাখিছিল৷ এই লৈ গাঁওবাসী উদ্বিগ্ন হৈ আছিল৷ অসমৰ লোকসকলে মেঘালয়ত চামিল হ’ব বিচৰা নাছিল যদিওমুখ্যমন্ত্ৰী কনৰাড চাংমাই যি বক্তব্য কৰিছিল সেয়া সন্দেহজনক৷ কিয়নো মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা চুক্তিৰ সময়ত যিসমূহ গাঁৱে যিখন ৰাজ্যৰ লগত থাকিব বিচাৰে বুলি কয়, সেইমতে সিদ্ধান্ত ল’ব বুলি উল্লেখ কৰা হৈছিল৷ মালাং শালবাৰী লোকসকলে অসমতে থকাৰ ইচ্ছা প্ৰকাশ কৰাৰ পাছতো মুখ্যমন্ত্ৰী কনৰাড চাংমাই কিয় সীমান্তৰ গাঁওখন নিজৰ ৰাজ্যলৈ যাব বুলি ক’লে ইয়াৰ সুদুত্তৰ বিচাৰিছোঁ অসম চৰকাৰক৷’ লক্ষণীয়ভাৱে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিধানসভাৰ সদনত অসম সীমান্তৰ বিবদমান ৩৬খন গাঁৱৰ ভিতৰত ৩০খন গাঁও মেঘালয়ত চামিল হ’ব বুলি প্ৰকাশ কৰিছিল৷ আনকি গুৱাহাটীৰ খানাপাৰা আৰু পিলিংকাটাৰ ৬খন গাঁৱৰ প্তখনেই মেঘালয়ৰ হাতত যাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷ আনহাতে, চুবুৰীয়া মিজোৰাম সীমান্ততো আগ্ৰাসন চলিছে মিজোৰ৷ মিজোৰাম প্ৰশাসনৰ উদ্যোগত অসমৰ বনাঞ্চলত গছ কাটি পথ নিৰ্মাণ কৰিছে৷ বিগত সপ্তাহৰ শুকুৰবাৰে বৰাকৰ হাইলাকান্দি জিলাৰ দক্ষিণ সীমান্তৰ ৰামনাথপুৰত অসমৰ ভূমিতে গৃহ নিৰ্মাণ কৰিছিল একাংশ মিজোৱে৷ যাৰ বাবে অসম চৰকাৰ-প্ৰশাসনৰ লোকে উপস্থিত হৈ ঘৰ নিৰ্মাণ কাৰ্যত বাধা দিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছিল৷ এনেদৰে নাগালেণ্ড সীমান্ততো বিগত সময়ছোৱাত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে৷ আনকি নগাই অসমৰ খেতি-বাতি নষ্ট কৰাই নহয়, কৃষকৰ পশুধন লৈ যোৱাৰ ঘটনাও সংঘটিত হৈছে৷