Logo
image

পুৱা আত্মসমৰ্পণ, নিশাৰ এনকাউণ্টাৰত চাৰিটা বুলেটেৰে খতম বিকি

আমাৰ অসম ১৭মাৰ্চঃ পুনৰবাৰ অসম আৰক্ষীয়ে সংঘটিত কৰিছে এনকাউণ্টাৰ৷ বিগত ২৪ ঘণ্টাত আৰক্ষীয়ে ধৰ্ষণৰ গোচৰৰ ২টা অভিযুক্তক এনকাউণ্টাৰ কৰি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ জালুকবাৰীৰ দশম শ্ৰেণীৰ ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণ-কাণ্ডৰ মূল অভিযুক্ত বিকি আলীয়ে মঙলবাৰে পুৱা আত্মসমৰ্পণৰ পাছতেই নিশা জিম্মাত থকা অৱস্থাতে গুলীয়াই ধৰাশায়ী কৰে আৰক্ষীয়ে৷ ইপিনে, ওদালগুৰি আৰক্ষীয়ো এটি সাত বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ অভিযুক্ত ৰাজেশ মুণ্ডাক আৰক্ষীৰ জিম্মাতে নিশা এনকাউণ্টাৰত হত্যা কৰে৷ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুয়োটা অভিযুক্তই হেণ্ডকাফসহ জিম্মাত থকা অৱস্থাতে আৰক্ষীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ বিশেষকৈ জালুকবাৰীৰ ধৰ্ষণৰ অভিযুক্ত বিকি আলীয়ে আত্মসমৰ্পণৰ ইচ্ছা প্ৰকাশ কৰাৰ সূত্ৰেই পৰিয়ালৰ লোকে অভিযুক্তটোক মঙলবাৰে হাজোৰ দামপুৰত গতাই দিছিল আৰক্ষীক৷ কিন্তু আত্মসমৰ্পণ কৰা এটা অভিযুক্তই আৰক্ষীৰ পিষ্টল কাঢ়ি এনকাউণ্টাৰত মৃত্যু হোৱা ঘটনাক সহজভাৱে লোৱা নাই বিকিৰ পৰিয়ালে৷ অৱশ্যে অভিযুক্ত বিকি আলী আত্মসমৰ্পণ কৰা বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিলেও তদন্তকাৰী আৰক্ষীয়ে নিহত অভিযুক্ত বিকিক গোপন সূ্‌ত্ৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা বুলিহে দাবী কৰিছে৷ লক্ষণীয়ভাৱে মঙলবাৰে পৰিয়ালৰ লোকে বিকিয়ে দামপুৰত আত্মসমৰ্পণ কৰাৰ কথা সংবাদ মাধ্যমক প্ৰকাশ কৰিছিল৷ কিন্তু মঙলবাৰৰ দিনটোত আৰক্ষীয়ে সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখি এনকাউণ্টাৰৰ পাছতহে ৰাজহুৱা কৰা কাৰ্যই সন্দেহৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, গুৱাহাটীৰ জালুকবাৰীৰ গাড়ীগাঁৱৰ দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ সৈতে প্ৰেম তথা বন্ধুত্বৰ সম্পৰ্ক আছিল গাড়ীগাঁৱৰে বিকি আলী নামৰ যুৱকজনৰ৷ বিগত ১৬ ফেব্ৰুৱাৰীত বিয়লি প্ৰায় ৪ বজাত টিউচনলৈ বুলি ওলাই অহা ১৬ বছৰীয়া ছাত্ৰীগৰাকীক মিছা কথাৰে নিজৰ ঘৰলৈ মাতি নি ধৰ্ষণ কৰে প্ৰেমিকৰূপী বিকি আলীয়ে৷ উক্ত দিনা বিকিৰ লগতে বিকিৰ বন্ধু ফাইজুল আলীয়েও কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ লগতে সমগ্ৰ দৃশ্য ম’বাইলত ৰেকৰ্ডিং কৰিছিল৷ ইয়াৰ পাছতেই বিকিয়ে প্ৰেয়সী কিশোৰীগৰাকীক ম’বাইলত ৰেকৰ্ডিং কৰা ‘ছেক্স ভিডিঅ’ কেইবাজনো বন্ধুৰে দেখা পোৱা বুলি জানিবলৈ দি বন্ধুকেইজনৰ সৈতেও শাৰীৰিক সম্পৰ্ক কৰিলে ভিডিঅ’টো ডিলিট কৰি দিয়াৰ চৰ্ত দি ব্লেকমেইলিং কৰে৷ নিজৰ মান-সন্মানৰ কথা চিন্তা কৰি মানসিকভাৱে ভাগি পৰা কিশোৰীগৰাকীয়ে বিকিৰ চৰ্ত মানি লৈ ১৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ আদাবাৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউছ নামৰ লজটোত উপস্থিত হৈছিল৷ বিকিৰ বন্ধু ৰাজা আলীয়ে অনলাইন প্লেটফৰ্ম অয়’ [oyo] এপৰ জৰিয়তে লজটোৰ ১০৫ নম্বৰ কোঠাটো দুজন ব্যক্তিৰ নামত বুকিং কৰিছিল৷ লক্ষণীয়ভাৱে উক্ত দিনা হোটেলৰ কোঠাটোতে বিকি আৰু তাৰ বন্ধু ক্ৰমে ৰাজা আলী, ফাইজুল আলী, পোনা আলী আৰু পিংকু আলীয়ে দলবদ্ধ ধৰ্ষণ কৰে কিশোৰীগৰাকীক৷ এই ঘটনাৰ পাছতেই মেট্ৰিক পৰীক্ষাৰ্থী ছাত্ৰগৰাকী টিউচন যোৱা, খোৱা-বোৱা সকলো এৰি দিছিল যদিও প্ৰায় কুৰি দিনৰ পাছত ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে অৱগত হয়৷ লগে লগে কিশোৰীগৰাকীৰ মাতৃয়ে বিগত ৮ মাৰ্চত গুৱাহাটীৰ পাণবজাৰৰ সমূহ মহিলা থানাত বিকিসহ ৫ ধৰ্ষণকাৰীৰ বিৰুদ্ধে ১৯/২০২২ নম্বৰত গোচৰ ৰুজু কৰে৷ কিন্তু দলবদ্ধ ধৰ্ষণৰ দৰে এটা স্পৰ্শকাতৰ গোচৰ ৰুজু হোৱাৰ পাছতো পাণবজাৰ মহিলা থানাৰ অ’চি টুইংকল গোস্বামী আৰু এচিপি ভনিতা নাথে বিশেষ গুৰুত্ব নিদিয়াত আটাইকেইটা অভিযুক্তই পলায়নৰ সুযোগ লাভ কৰে৷ শেহতীয়াকৈ সংবাদ মাধ্যমত চাঞ্চল্যকৰ ঘটনাটোৰ সন্দৰ্ভত ধাৰাবাহিক বাতৰি প্ৰকাশ পোৱাৰ পাছত যেন টোপনিৰ পৰা সাৰ পালে আৰক্ষী৷ ফলত পাণবজাৰ মহিলা থানাৰ লগতে জালুকবাৰী আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সে যৌথভাৱে অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে অভিযান আৰম্ভ কৰিলে৷ কিন্তু অভিযুক্তকেইটাক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱাত উপায় নোহোৱাত স্মাৰ্ট গুৱাহাটী আৰক্ষীয়ে অভিযুক্তকেইটাক পলায়নত সহায় কৰাৰ অভিযোগত পৰিয়াল তথা আত্মীয়ক গ্ৰেপ্তাৰ কৰি মানসিক হেঁচা দিয়াৰ কৌশল গ্ৰহণ কৰে৷ আৰক্ষীয়ে ধৰ্ষণকাণ্ড সংঘটিত হোৱা লজটোত কাম কৰা অভিজিৎ মজুমদাৰ নামৰ কৰ্মচাৰীজনৰ লগতে মুঠ ৭জন লোকক সোমবাৰে গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীৰ এই কৌশলে যেন কিছু কাম দিয়ে৷ ফলত পৰিয়ালৰ আহ্বানমৰ্মে মঙলবাৰে ধৰ্ষণকাণ্ডৰ মাষ্টাৰমাইণ্ড বিকি আলীয়ে দামপুৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ অৱশ্যে বিকি আলীক গ্ৰেপ্তাৰ বা আত্মসমৰ্পণৰ বিষয়টো মঙলবাৰৰ দিনটোত আৰক্ষীৰ ফালৰ পৰা কোনো কথা জানিবলৈ দিয়া হোৱা নাছিল সংবাদ মাধ্যমক৷ সাংবাদিকে বাৰম্বাৰ যোগাযোগ কৰাৰ পাছতো গুৱাহাটী আৰক্ষীৰ কোনো শীৰ্ষ বিষয়াই গ্ৰেপ্তাৰ সন্দৰ্ভত সঁহাৰি দিয়া নাছিল৷ অৱশ্যে মাজনিশা বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙে গীতাৰ শ্লোকৰ উদ্ধৃতিৰে এটা টুইটত ধৰ্ষণকাৰীয়ে শাস্তি লাভ কৰাৰ ইংগিত দিয়াৰ পাছতেই বিকি আলীৰ এনকাউণ্টাৰত মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহে৷ নিশা আৰক্ষীয়ে বিকিক লগত লৈ আত্মগোপন কৰি থকা সহযোগীকেইটাৰ সন্ধানত অসম-মেঘালয় সীমান্তৰ গড়ভাঙাত অভিযান চলাবলৈ যাওঁতেই আৰক্ষীৰ পিষ্টল কাঢ়ি গুলীচালনা কৰাত কৰ্তব্যৰত আৰক্ষীয়ে প্ৰাণৰক্ষাৰ বাবে প্ৰত্যুত্তৰত গুলী চলোৱাত জিম্মাত থকা অভিযুক্তটোৰ মৃত্যু হোৱা বুলি দাবী কৰে৷ অৱশ্যে বিকি আলীয়ে আত্মসমৰ্পণ কৰাৰ লগতে ভুৱা এনকাউণ্টাৰত আৰক্ষীয়ে গুলীয়াই হত্যা কৰা বুলিহে দাবী কৰিছে বিকিৰ পৰিয়ালে৷ জিএমচিএইচৰ মৰ্গৰ সন্মুখত পুত্ৰৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে অপেক্ষাৰত বিকিৰ পিতৃ ৰাজেজুল আলীয়ে সংবাদ মাধ্যমৰ আগত কয়– ‘পুলিচে আমাক কৈছিল ল’ৰাটো ধৰি দিব লাগে৷ সোমবাৰে বিকিয়ে আত্মগোপন কৰা স্থানৰ পৰা ঘৰলৈ ফোন কৰিছিল৷ তেতিয়া আমি ঘৰৰ মানুহক গ্ৰেপ্তাৰ কৰা কথা কোৱাত সি আত্মসমৰ্পণ কৰিব বুলি ক’লে৷ তাৰ আত্মসমৰ্পণৰ ইচ্ছাৰ কথা আৰক্ষীক কোৱাত মঙলবাৰে পুৱা অসামৰিক পোছাকত যোৱা তিনিজন পুলিচৰ হাতত হাজোৰ দামপুৰত বিকিক গতাই দিয়া হৈছিল৷ তাক আমি যি স্থানত ৰৈ থাকিবলৈ কৈছিলোঁ, সেই স্থানতে ৰৈ আছিল৷ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত তাৰ কোনো খবৰ পোৱা নাছিলোঁ৷ পাছত মৃত্যু হোৱা বুলি আমাক জনাইছে৷ সেয়া গ্ৰহণযোগ্য নহয়৷’ ইপিনে বিকি আলীৰ মাতৃয়েও সংবাদ মাধ্যমৰ আগত কয়–‘সোমবাৰে বিকিয়ে আমালৈ ফোন কৰাত তাক আত্মসমৰ্পণ কাৰ বাবে বুজাইছিলোঁ৷ জালুকবাৰী থানাৰ অ’চিয়ে নিজেই গৈ তাক লৈ আনিছিল৷ দামপুৰত তিনিজন আৰক্ষীয়ে গাড়ীত তুলিয়েই তাক তীব্ৰ গতিত আঁতৰাই নিছিল৷ আমি গাড়ী লৈ পিছে পিছে আহিও ক’লৈ লৈ গ’ল ধৰিব নোৱাৰিলোঁ৷ সি কেৱল পুলিচৰ গাড়ীখনৰ ভিতৰৰ পৰা বাৰে বাৰে আমালৈ চাইছিল৷ কেইবাখনো থানাত বিকিক নিশা বিচাৰিছিলোঁ যদিও কোনো খবৰ জনোৱা নাছিল আৰক্ষীয়ে৷’আনহাতে, বিকিৰ ভ্ৰাতৃয়ে এনকাউণ্টাৰৰ ঘটনা ভুৱা বুলি দাবী কৰি সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰি কয়–‘বিকিয়ে আত্মসমৰ্পণ কৰিছিল৷ আত্মসমৰ্পণ কৰা লোকে কেতিয়াও পলায়ন নকৰে৷ আৰক্ষীয়ে পলাইছিল বুলি মিছাকৈ দাবী কৰিছে৷ তাক আৰক্ষীয়ে ইচ্ছা কৰি জানি-বুজি মাৰিছে৷ প্ৰথমে মাৰপিট কৰি পাছত গুলী কৰিছে৷ আৰক্ষীয়ে যদি আত্মসমৰ্পণৰ পাছত এনকাউণ্টাৰ কৰে আমি কি কৰিব পাৰোঁ৷ আৰক্ষীয়েই আমাক বিকিৰ আত্মসমৰ্পণৰ কথা সাংবাদিকক নজনাবলৈ কৈছিল৷’অৱশ্যে এনকাউণ্টাৰক লৈ পৰিয়ালৰ লোকৰ অভিযোগ পোনচাটেই নাকচ কৰিছে ডিচিপি নৱনীত মহন্তই৷ সংবাদ মাধ্যমৰ আগত ডিচিপি মহন্তই কয়–‘গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হাজোৰ দামপুৰৰ পৰা মঙলবাৰে বিকি আলীক কৰায়ত্ত কৰোঁ৷ আৰক্ষীৰ সোধা-পোছাত বিকি আলীয়ে তাৰ সহযোগী অভিযুক্তকেইটাই আত্মগোপন কৰি থকা স্থান দেখুৱাই দিয়াৰ বাবে আৰক্ষীৰ এটা দলক অসম-মেঘালয় সীমান্তৰ গড়ভাঙালৈ লৈ গৈছিল৷ এটা সময়ত বিকিয়ে আৰক্ষীৰ দলটোক আগবাঢ়ি যাবলৈ কৈ সি আমাৰ আৰক্ষী বিষয়া তথা পাণবজাৰ মহিলা থানাৰ অ’চি টুইংকল গোস্বামীৰ ছাৰ্ভিচ পিষ্টলটো কাঢ়ি পলায়নৰ চেষ্টা চলাই আৰু দুইজাই গুলী মাৰে৷ এই ঘটনাতে অ’চি টুইংকল গোস্বামী আঘাতপ্ৰাপ্ত হয়৷ ফলত আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও বিকিলৈ গুলীচালনা কৰিব লগা হয়৷ এই ঘটনাত এচিপি ভনিতা নাথো আঘাতপ্ৰাপ্ত হয়৷ লগে লগে তিনিওজনকে প্ৰথমে ধীৰেণপাৰা হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত জিএমচিএইচলৈ লৈ যোৱা হয়৷ বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে অ’চি টুইংকল গোস্বামী আৰু এচিপি ভনিতা নাথ৷ অভিযুক্ত বিকিয়ে চৰকাৰী অস্ত্ৰ লৈ পলায়নৰ চেষ্টা কৰাত সেই পৰিৱেশত গুলীচালনা কৰিবলৈ আৰক্ষীয়ে বাধ্য হৈছিল৷ যাতে পুনৰ অভিযুক্তটোৱে গুলীচালনা কৰিব নোৱাৰে৷’ইপিনে, এনকাউণ্টাৰত নিহত আৰু আহতৰ চিকিৎসাৰ সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই কয়– ‘নিশা প্ৰায় ৰ বজাত বিকি আলীক জিএমচিএইচলৈ অনা হৈছিল৷ কিন্তু হাস্পতাল পোৱাৰ আগতেই বিকিৰ মৃত্যু হৈছিল৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে এনকাউণ্টাৰৰ ঘটনাটো নিশা প্ৰায় ১১.১৫ বজাৰ ভিতৰত সংঘটিত হৈছিল৷ বিকি আলীৰ মৃতদেহৰ শৰীৰত গুলীৰ চাৰিটা আঘাতৰ চিহ্ন আছিল৷ পিঠিৰ ফালে ৩টা আঘাতৰ চিহ্ন স্পষ্ট হোৱাৰ লগতে বুকুৰ ফালেও গুলীৰ এটা আঘাতৰ চিহ্ন আছিল৷ অৱশ্যে কেইটা গুলী লাগিছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হ’ব৷ এই এনকাউণ্টাৰৰ সময়ত টুইংকল গোস্বামী নামৰ এগৰাকী আৰক্ষী বিষয়াৰ সোঁআঠুৰ তলৰে পেন ভেদ কৰি এটা গুলী পাৰ হৈ যোৱাত উফৰি পৰে আৰক্ষী বিষয়াগৰাকী৷ ফলত বাওঁ হাতত কিছু আঘাত পাইছে মহিলা আৰক্ষী বিষয়াগৰাকীয়ে৷ এচিপি ভনিতা নাথে কোনো আঘাত পোৱা নাই৷’লক্ষণীয় বিষয়টো হৈছে বিকি আলীৰ এনকাউণ্টাৰ তথা গ্ৰেপ্তাৰক লৈ সকলো পক্ষৰ পৰস্পৰবিৰোধী বক্তব্যই ঘটনাটোত সন্দেহৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে দাবী কৰাৰ দৰে বিকি আলীক গ্ৰেপ্তাৰ কৰা আৰু আৰক্ষীৰ পিষ্টল কাঢ়ি লৈ যোৱাটো নি(য়কৈ বিপজ্জনক হিচাপেই ধৰা হয়৷ কিন্তু ৰাজ্যৰ বিগত সময়ছোৱাৰ এনকাউণ্টাৰৰ ঘটনালৈ লক্ষ্য কৰিলে বাৰে বাৰে জিম্মাত থকাত হেণ্ডকাফ লগোৱা অভিযুক্তই কৰ্তব্যৰত আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি নিবলৈ সক্ষম হোৱাটোও নি(য়কৈ সমানেই স্মাৰ্ট আৰক্ষীৰ বাবেও ব্যৰ্থতা আৰু বিপজ্জনক৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে স্মাৰ্ট অসম আৰক্ষীৰ শাৰীৰিক সক্ষমতাৰো নিয়মীয়া পৰীক্ষা লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে নেকি?