Logo
image

বৰপেটাত দৌলোৎসৱ আৰম্ভ

আমাৰ অসম ১৭ মাৰ্চঃ ‘আহা আহা খেলো হোলী/সখী সবে মিলি জুলি/ফাগু সানো ৰঙতে উমলি/দোলাৰো উপৰে তুলি/বজাই হৰি মুৰুলী/চলি যায় ঘুনুচাৰ পদূলি...৷’ দৌল উৎসৱৰ আজি প্ৰথম দিনটোতে পাৰভঙা আনন্দ-উছাহত উবুৰি খাই পৰিল সত্ৰনগৰী বৰপেটাবাসী৷ বছৰজোৰা অপেক্ষাৰ অন্তত অহা দৌল উৎসৱক কেন্দ্ৰ কৰি সত্ৰনগৰী বৰপেটাৰ আকাশে-বতাহে গুঞ্জৰিত হৈছে হোলী গীতৰ সুৰ৷ ভক্তি আৰু আনন্দৰ সমন্বয়ৰ উৎসৱ দৌলোৎসৱক কেন্দ্ৰ কৰি উদুলি-মুদুলি হৈ পৰিছে সত্ৰনগৰী বৰপেটা৷ দৈনন্দিন জীৱন যাত্ৰাৰ প্ৰাত্যহিকতাৰ পৰা  আঁতৰি আহি সকলোৱে যেন ভাগ লৈছে এই আনন্দৰ উৎসৱত৷ ৰং-ৰসৰ সাগৰত ডুবিছে এতিয়া সত্ৰনগৰী বৰপেটাৰ প্ৰতিজন লোক৷ আলোকসজ্জাৰে সু-সজ্জিত বৰপেটা সত্ৰৰ চৌহদত গন্ধ যাত্ৰাৰে আজিৰে পৰা আৰম্ভ হৈছে দৌল মহোৎসৱ৷ এইবেলিচাৰিদিনীয়াকৈ পালন কৰা হ’ব বৰপেটা সত্ৰৰ দৌল মহোৎসৱ৷  ইপিনে, বৰপেটা সত্ৰৰ টুপৰ চোতালত বৰপেটাৰ প্ৰতিখন হাটীৰ  ভক্তপ্ৰাণ ৰাইজে পথাৰৰ পৰা নল, খাগৰি, ইকৰা আদি আনি এটা বৃহৎ মেজি সাজি উলিয়ায়৷ বিয়লি সত্ৰৰ মণিকূট গৃহৰ পৰা দৌল-গোবিন্দ আৰু কলীয়া ঠাকুৰক উলিয়াই আনি মঠৰ চোতালত বৰ শৰাইত ৰখা হয়৷ পাছত গোসাঁইক অধিবাস সম্পন্ন কৰি টুপৰ চোতালত প্ৰজ্বলিত মেজিৰ চৌদিশে সাতপাক প্ৰদক্ষিণ কৰাই নক্ষত্ৰৰ ক্ষণ অনুসৰি, দৌলগৃহত আৰোহণ কৰা হয়৷ আনহাতে, একে সময়তে সত্ৰৰ চৌহদত স্থানীয় আতচবাজী শিল্পীৰ দ্বাৰা কাৰিকৰী চমকেৰে নিৰ্মিত নানাৰঙী আতচবাজী প্ৰদৰ্শন কৰা হয়৷ আকাশলৈ উৰুৱা ফানুচ, ৰং-বিৰঙৰ আতচবাজীৰ দৃশ্যই উপস্থিত সকলোকে মুগ্ধ কৰি তোলে৷ কাইলৈ আৰু ১৮ মাৰ্চত বৰপেটা সত্ৰত ভৰদৌল পালন কৰা হ’ব৷ কাইলৈ পুৱা বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে ফাকুগুড়ি ছটিয়াই গোসাঁইক সেৱা কৰাৰ পাছতে ভক্তসকলৰ বাবে গোসাঁইক ফাকুগুড়ি ছটিয়াই সেৱা জনাব পাৰিব৷ ১৯মাৰ্চত বৰপেটাত অনুষ্ঠিত হ’ব অসম বিখ্যাত ফাকুৱা বা সুঁৱেৰী উৎসৱ৷ ইপিনে, বৰপেটাৰ অগ্ৰণী অনুষ্ঠান ৰাইজিং ক্লাবে হোলীগীতক জনমুখী কৰাৰ উদ্দেশ্যে আজি প্ৰতিবছৰৰ দৰে আয়োজন কৰে মুকলি পথৰ হোলীগীত প্ৰতিযোগিতা৷ বাটে বাটে অনুষ্ঠিত কৰা এই মুকলি হোলীগীত প্ৰতিযোগিতাখনে সত্ৰনগৰী বৰপেটাত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা এই হোলীগীত প্ৰতিযোগিতাত সুৰ-গীতেৰে ভৰপূৰ অনুপম ব্যঞ্জনাময় গীতসমূহে মুহূৰ্ততে সত্ৰনগৰীবাসীৰ মনত জগাই তোলে আনন্দৰ লহৰ৷ ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে আয়োজন কৰা এই প্ৰতিযোগিতাখন আজি পুৱা বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ পৰা ডেকাসত্ৰীয়া গৌতম পাঠকে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ ১৫ টা প্ৰতিযোগী দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখন বৰপেটা সত্ৰৰ সন্মুখৰ পৰা নহাটী, ৰ নং গলিয়াহাটী, শংকৰদেৱ বিদ্যা নিকেতন হৈ বৰপেটা চহৰত প্ৰৱেশ কৰে৷ এক ব্যতিক্ৰমী প্ৰয়াসেৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত পুৰুষ-মহিলা প্ৰতিযোগীসকলে ইজনে-সিজনলৈ নানাৰঙী আবিৰ ছটিয়াই প্ৰাণঢালি গোৱা হোলীগীতসমূহ উপভোগ কৰিবলৈ পথৰ দাঁতিয়ে দাঁতিয়ে অগণন লোকৰ সমাগম ঘটে৷ সত্ৰনগৰী বৰপেটা ৰাইজৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অসংখ্য লোকৰ উপস্থিতিয়ে এই প্ৰতিযোগিতাখন অধিক মনোগ্ৰাহী কৰি তোলে৷ উল্লেখনীয় যে, চেমনীয়াৰ পৰা বৃদ্ধলৈকে ঢোল, তাল, খুঞ্জুৰি লৈ গোৱা হোলীগীতসমূহে স্বাভাৱিকতে সত্ৰনগৰীৰ বুকুত এক আনন্দৰ জোৱাৰ তোলে৷ অধিক আকৰ্ষণীয় ৰূপত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাব প্ৰাংগণত৷ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান আৰু অভিনেত্ৰী ভ্ৰান্তি মেধি, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠক, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ উপস্থিত থাকে৷ বৰপেটা প্ৰেছ ক্লাব চৌহদত অনুষ্ঠিত হোৱা এই সামৰণি অনুষ্ঠানত শিল্পীসকলৰ লগত গোৱা হোলীগীতে অনুষ্ঠানটোক এক অন্য মাত্ৰা প্ৰদান কৰে৷ অনুষ্ঠানৰ শেষত বিজয়ী প্ৰতিযোগীসকলক  বঁটা বিতৰণ কৰা হয়৷ বৰপেটাৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এনাজৰী, বৰপেটাৰ সপ্তম প্ৰকাশ ‘প্ৰসংগঃ হোলী আৰু হোলীগীত’ শীৰ্ষক পুস্তিকাখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখত আজি শতাধিক ভকত বৈষ্ণৱ, আই-মাতৃৰ উপস্থিতিত পুৱা ন বজাত এই পুস্তিকাখন উন্মোচন কৰে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে৷ পুস্তিকাখন উন্মোচন কৰি ডেকাসত্ৰীয়া পাঠকে এনাজৰী, বৰপেটাৰ এই পদক্ষেপৰ শলাগ লয় আৰু অনুষ্ঠানটোৰ এনে কৰ্মই দৌলোৎসৱক জনাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি মত পোষণ কৰে৷ এনাজৰীৰ সদস্য নিৰ্মল ৰঞ্জন মজুমদাৰে আঁত ধৰা এই  অনুষ্ঠানটোত জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি আৰু কণ্ঠশিল্পী ৰাকেশ ৰিয়ানকে ধৰি বহুলোক উপস্থিত থাকে৷ উল্লেখ্য যে, এনাজৰী বৰপেটাই বিগত সাতবছৰে দৌলৰ সময়ত  পুস্তিকা প্ৰকাশ কৰি বিনামূলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰি আহিছে৷ পুস্তিকাখনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ আশিস নিৰ্মালী বচন লিখাৰ উপৰিও ড॰ উমেশ চন্দ্ৰ ডেকা, কবিন্দ্ৰ নাথ দাস, ড॰ সংগীতা শইকীয়া, ড॰ বৰ্ণালী ডেকা আৰু ধৰ্মাচাৰ্য মাধৱদেৱ মহন্তৰ একোটিকৈ হোলী উৎসৱ বিষয়ক প্ৰৱন্ধ সন্নিবিষ্ট কৰা হৈছে৷

ফাকুৱা উপলক্ষে ১৯ মাৰ্চত বৰপেটাত স্থানীয় বন্ধ ঘোষণা

১৯ মাৰ্চত ফাকুৱা উপলক্ষে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে বৰপেটা জিলা উপায়ুক্তই৷ এন আই এক্টৰ অধীনত উপায়ুক্তজনে সিদিনা  সমগ্ৰ জিলাখনত চৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয় আদি বন্ধ থাকিব বুলি নিৰ্দেশনাত প্ৰকাশ কৰিছে৷ আনহাতে, ফাকুৱা উপলক্ষে বৰপেটা জিলাৰ উপায়ুক্তই সমগ্ৰ জিলাখনতে ‘ড্ৰাই-দে’ ঘোষণা কৰিছে৷ এই সময়ছোৱাত ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ সকলো দোকান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে৷ অন্যথা আইন অনুসৰি, ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্তজনে নিৰ্দেশনাটোত উল্লেখ কৰে৷

ৰাজ্যজুৰি ৰঙৰ উৎসৱ ফাকুৱাক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷ বৰদোৱা, বৰপেটাত এতিয়া বিৰাজ কৰিছে উৎসৱ মুখৰ পৰিৱেশৰ৷ সমগ্ৰ ৰাজ্যত দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ সময়তে উত্তৰ-পূবৰ দুৱাৰখন গুৱাহাটী মহানগৰীতো চলিছে দৌল উৎসবৰ ব্যাপক প্ৰস্তুতি৷ উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰীশ্ৰীদৌল গৌবিন্দ মন্দিৰত বৃহস্পতিবাৰৰ পৰা ২১ মাৰ্চলৈ পাঁচদিনীয় কাৰ্যসূচীৰে ‘দৌল উৎসৱ ২০২২’ৰ আয়োজন কৰা হৈছে৷ সেইদৰে দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে ১৭ আৰু ১৮ মাৰ্চত বিংশ বৰ্ষৰ দৌল উৎসৱৰ আয়োজন কৰা হৈছে৷ দৌল উৎসৱ উপলক্ষে ইতিমধ্যে গুৱাহাটীৰ বজাৰ ভৰি ভৰিছে ৰং বিৰঙী আবিৰ, ফিচকাৰী, বিভিন্ন ৰঙৰ মুখা আদিৰে৷ এই সম্পৰ্কে বাণিজ্যৰ কেন্দ্ৰ ফাঁচি বজাৰৰ বৃদ্ধিচান্দ কেশৱদেৱৰ ব্যৱসায়ী কিশন শৰ্মাই কয়-আমি দীৰ্ঘদিন ধৰি এই ব্যবসায়ৰ সৈতে জড়িত৷ এইবাৰ মুম্বাইৰ পৰা প্ৰাকৃতিক আবিৰ অনাৰ লগতে বিহাৰৰ পৰা পেকেট আবিৰ, ৰাজস্থানৰ পৰা ভিন্ন ৰঙী টুপি, পাগুৰি আদি অনা হৈছে৷ লগতে শিশুৰ বাবে নানা পুতলা ফিচকাৰী আদি অনা হৈছে৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ পূৰ্বতকৈ দুগুণ বৃদ্ধি হৈছে সামগ্ৰীৰ মূল্য৷ ‘এইবাৰ বাণিজ্যৰ কেন্দ্ৰ ফাঁচি বজাৰত আহিছে কানপুৰৰ ১৫ ৰ ২০জন ক্ষুদ্ৰ ব্যৱসায়ী৷ এই সম্পৰ্কে কানপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী আচলামে কয়–আমি চাৰিদিনৰ বাবে নানা ৰঙী আবিৰ লৈ গুৱাহাটী মহানগৰীলৈ ব্যৱস্যায় কৰিবলৈ আহিছোঁ৷ আমি প্ৰতি কিলোগ্ৰাম আবিৰ ২০০ টকাকৈ বিক্ৰী কৰিছোঁ৷’ ইফালে প্ৰাকৃতিক ৰঙেৰে ফাকু খেলি নিজৰ ছাল চুলি ৰাসায়নিক দ্ৰব্যৰ পৰা ৰক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে সৌন্দৰ্য  বিশেষজ্ঞ ভানু শৰ্মাই৷ তেওঁ কয়–‘ঘৰতে সহজে উপলব্ধ গোলাপ ফুল, জবা ফুল, নাৰ্জী ফুল, অপৰাজিতা ফুল, পলাস ফুল, পদিনা, ধনীয়া, পালেং শাক, জেতুকা, কেঁচা হালধি, কফি পউদাৰ, ডালিম গুটি, পুৰৈ শাকৰ গুটি, বীট, গাজৰ, বেঙুনীয়া বন্ধাকবি আদিৰ ৰসেৰে প্ৰাকৃতিক ফাকুৱা খেলিব লাগে৷ লগতে ময়দা, কৰ্নফ্ল’ৰ, মেথি গুড়ি, টেলকম পাউদাৰ, চাউলৰ গুড়িৰ সৈতে মিহলি কৰি বিভিন্ন ৰঙৰ আবিৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব পাৰে৷ যিবোৰ আমাৰ ছালৰ বাবে উপকাৰী৷ লগতে কৰ্দৈ টেঙা ৰং আঁতৰাবলৈ ব্যৱহাৰ কৰাৰ লগতে গা আৰু মূৰত ৰং খেলাৰ পূৰ্বে বিশুদ্ধ নাৰিকল তেল ঘঁহিব লাগে৷’ উল্লেখ্য, আকাশে-বতাহে এতিয়া আবিৰৰ ৰঙে উৎসৱৰ বতৰা কঢ়িয়াই আনিছে৷