Logo
image

জেলেনস্কিৰ নামত অসমৰ চাহ

আমাৰ অসম, ১৮মাৰ্চঃ ৰাছিয়াৰ বিশাল সামৰিক শক্তিৰ বিৰুদ্ধে অতি দক্ষতাৰে যুদ্ধক নেতৃত্ব দি বিশ্ববাসীৰ সন্মুখত অনন্য সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে৷ জেলেনস্কিৰ যুঁজাৰু মনৰ যি দক্ষ সাহস তাক যেন কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ শক্তিশালী মানসিক দৃঢ়তাৰ অধিকাৰী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ প্ৰতি উচৰ্গা কৰি অসমৰ এৰ’মিকা চাহে কৰিছে ব্ৰেণ্ডিং৷ উদ্যোগী ৰঞ্জিত বৰুৱাই এৰ’মিকা কোম্পানীৰ নতুন অৰ্থডক্স চাহৰ নাম ৰাখিছে ‘জেলেনস্কি’৷ ইতিমধ্যে অনলাইনত বিক্ৰীৰ বাবে মুকলি কৰি দিছে চাহবিধ৷ ৰাছিয়াৰ বিৰুদ্ধে সমুখ সমৰত অৱতীৰ্ণ হৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে যিদৰে শক্তিশালী স্থিতি দেখুৱাবলৈ সক্ষম হৈছে ঠিক তেনেদৰেই ‘জেলেনক্সি’ নামৰ বিশেষ চাহবিধৰো শক্তি আছে বুলি সদৰি কৰিছে ৰঞ্জিত বৰুৱাই৷ বৰুৱাই কয় যে নতুনকৈ মুকলি কৰা শক্তিশালী অসমৰ ক’লা চাহ–জেলেনস্কি হৈছে শক্তিশালী অসম চিটিচি আৰু হস্তশিল্প কাৰিকৰীৰ [আৰ্টিচনেল হেণ্ডক্ৰাফ্‌টেড] অসম অৰ্থোডক্স চাহৰ এক বিশেষ মিশ্ৰণ৷ নক’লেও হ’ব যে ৰাছিয়াৰ পুটিন বাহিনীয়ে নিজৰ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিও ইউক্ৰেইন দখল কৰাত বৰ্তমানলৈ ব্যৰ্থ হোৱাৰ আঁৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ আত্মবিশ্বাস আৰু মানসিক শক্তি৷ অসম বা ভাৰতৰ মানুহে ভল’ডিমিৰ জেলেনস্কিক লগ নাপালেও তেওঁৰ নামৰ চাহ খাই নিজৰ শক্তিৰ অনুমান কৰিব পাৰিব বুলিও কোম্পানীটোৱে প্ৰকাশ কৰিছে৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাত নিজৰ প্ৰাণৰক্ষাৰ বাবে ইউক্ৰেইন এৰি পলায়ন নকৰি ইউক্ৰেইনত থাকি ইউক্ৰেইনৰ সৈন্য আৰু ইউক্ৰেইনবাসীক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি ভল’ডিমিৰ জেলেনস্কিয়ে যি শক্তি আৰু সাহস দেখুৱাইছে ই সঁচাকৈ প্ৰশংসনীয়৷ অসমৰ এই চিটিচি চাহত আছে জেলেনস্কিৰ শক্তিৰ দৰেই বুলি জানিবলৈ দিয়ে ৰঞ্জিত বৰুৱাই৷ বৰুৱাই লগতে কয়,‘এই চাহে আপোনাক উজ্জীৱিত কৰিব আৰু এক ‘মাল্টি ফ্লেভাৰৰ’সৈতে শক্তিশালী চাহ কাপ দিব৷’উল্লেখ্য, ৰঞ্জিত বৰুৱাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এৰ’মিকা টিৰ বিভিন্ন প্ৰকাৰৰ চাহ এতিয়া দখল কৰিছে বিশ্বৰ কেইবাখনো দেশৰ বজাৰ৷ প্ৰথম অৱস্থাত পাঁচ প্ৰকাৰৰ চাহ প্ৰস্তুত কৰা এৰ’মিকা টিয়ে এতিয়া ৪২ প্ৰকাৰৰ চাহ প্ৰস্তুত কৰে৷ ভোট জলকীয়াৰ চাহ, নীলা চাহৰ  জৰিয়তে এৰ’মিকা টি সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় হৈ উঠিছে৷ ইপিনে, ১০-১৫ দিনৰ ভিতৰত বিভিন্ন ই-কমাৰ্চ ছাইটত বিক্ৰীৰ বাবে উপলব্ধ হ’বলগীয়া চাহবিধৰ পৰা লাভ কৰা এটা অংশ যুদ্ধত স্থানচ্যুৎ হোৱা ইউক্ৰেনিয়ান লোকৰ সহায় তথা মানৱীয় ক্ষেত্ৰত দান দিবলৈ পালে সুখী হ’ব বুলিও মত ব্যক্ত কৰিছে ব্যৱসায়ী বৰুৱাই৷