Logo
image

সাজু হওক! এই গ্ৰীষ্মত জুই বৰষিব

আমাৰ অসম, ২০মাৰ্চঃ ‘ক’ৰ এজাক সপোন যেন বৰষুণ/ধূলিৰ ওৰণি ঠেলি ভাহি আহে/কোমল মাটিৰ গান গুণ গুণ গুণ...৷’–ধূলি, গৰম আৰু ৰুক্ষ প্ৰকৃতিৰ ৰূপত অতীষ্ঠ সকলোকে এতিয়া এজাক বৰষুণ লাগে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত খুবেই প্ৰয়োজন হৈছে এজাক সপোন যেন বৰষুণৰ৷ অসমীয়াৰ পৰম্পৰাগত লোকবিশ্বাস অনুসৰি চ’ত মাহত বিচনী উলিয়াব নাপায়৷ গৰু বিহুৰ দিনা গৰুৰ মেজি বিচিবলৈহে অসমীয়াই প্ৰথমে বিচনীখন ব্যৱহাৰ কৰে৷ আজিৰ যুগত যদিও বিচনীৰ ব্যৱহাৰ সীমিত,তথাপি এই কথাষাৰৰ মাহাত্ম্য শেষ হৈ যোৱা নাই৷ বিচনীৰ সলনি মানুহে বৈদ্যুতিক পাংখা বা এ চি ব্যৱহাৰ কৰে৷ কিন্তু এইবাৰ চ’তৰ পহিলাতে উৎকট গৰমৰ পৰা হাত সাৰিবলৈ গুৱাহাটী তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ব্যৱহাৰ কৰিবলগীয়া হৈছে এ চি, ফেন৷ শনিবাৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইখনমান প্ৰধান চহৰত দিনৰ ভাগত সৰ্বোচ্ছ তাপমাত্ৰা এনেধৰণৰ হৈছেগৈ গুৱাহাটী ৩৬.৪ ডিগ্ৰী, তেজপুৰ ৩৫.০ ডিগ্ৰী, ডিব্ৰুগড় ৩৫.২ ডিগ্ৰী, শিলচৰ ৩৬.৫ ডিগ্ৰী, উত্তৰ লখিমপুৰ ৩৫.৬ ডিগ্ৰী, ধুবুৰী ৩৫.৫ডিগ্ৰী, যোৰহাট ৩৪.৩ ডিগ্ৰী ছেলচিয়াছ৷ ৰাজ্যৰ প্ৰধান চহৰসমূহত চ’তৰ পহিলাতে যি তাপমাত্ৰা দেখা গৈছে, এয়া স্বাভাৱিকতকৈ ৮.৭-৭.ৰ শতাংশ পৰ্যন্ত অধিক৷ সাধাৰণতে মে’,জুন মাহতহে এনে গৰম পূৰ্বতে ৰাজ্যত অনুভৱ হৈছিল৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এইবাৰ প্ৰখৰ গৰমৰ মাহ জুন, জুলাই, আগষ্টত কিমান ডিগ্ৰীলৈ উধৰ্গামী হ’ব পাৰে পাৰাস্তম্ভ৷ হয়তো এইবাৰ গ্ৰীষ্মত জুই বৰষিব–চ’তৰ অস্বাভাৱিক গৰমে যেন ইয়াকে স্পষ্ট কৰিছে৷ চ’তে দিলে আগজাননী– সকলো সাজু হ’বৰ হ’ল৷ লক্ষণীয় যে অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত বিগত প্ৰায় দুসপ্তাহ ধৰি অব্যাহত আছে গৰমৰ প্ৰকোপ৷ অৱশ্যে ২২ মাৰ্চৰ পাছত অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত গৰমৰ প্ৰকোপ কিছু হ্ৰাস পাব৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এক সূত্ৰই সদৰি কৰা অনুসৰি ২১ মাৰ্চত বংগোপ সাগৰৰ আন্দামান দ্বীপপুঞ্জৰ ওচৰত প্ৰৱল চাপৰ বাবে সৃষ্টি হ’ব লগা সামুদ্ৰিক ধুমুহা ‘আশানী’ৰ প্ৰভাৱৰ বাবে ২২ মাৰ্চৰ পাছত বতৰৰ কিছু পৰিৱৰ্তন হ’ব অসমসহ উত্তৰ-পূবত৷ আশানীৰ পোনপটীয়া প্ৰভাৱ অসমত নপৰিলেও ইয়াৰ পৰোক্ষ প্ৰভাৱত ২২ মাৰ্চৰ পৰা অসমৰ আকাশ ঠাইবিশেষে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হ’ব৷ অৱশ্যে, ২৪ আৰু ২৫ মাৰ্চতহে অসমৰ কেতবোৰ অঞ্চলকে ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশত বৰষুণ হ’ব৷ আনহাতে, ২২ মাৰ্চৰ পাছত আকাশ ডাৱৰীয়া মেঘাচন্ন হ’ব বাবে গৰমৰ প্ৰকোপ বৰ্তমানতকৈ কমি যাব পাৰে৷ বতৰ ডাৱৰীয়া হ’লে ২২ মাৰ্চৰ পাছত তিনি-চাৰি দিনলৈ তাপমাত্ৰা কমি গৈ ৩২ ডিগ্ৰী ছেলচিয়াছ বা তাৰ আশে-পাশে থাকিব৷ অৰ্থাৎ উৎকট গৰমৰ পৰা ৰাইজ সাময়িকভাৱে কিছু সকাহ পাব৷ উল্লেখ্য, ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত অলপ বৰষুণ হোৱাৰ বাহিৰে প্ৰায় তিনি সপ্তাহ ধৰি বৰষুণ নহাত তাপমাত্ৰা উধবৰ্গামী হৈছে৷ ফলত চাৰিওফালে শুকান পৰিৱেশৰ লগতে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চ’তৰ উৎকট গৰমৰ সমান্তৰালভাৱে এতিয়া তীব্ৰ জল সংকটত পৰিছে গুৱাহাটীবাসী৷ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ এতিয়া গুৱাহাটীবাসীৰ৷ ভূ-গৰ্ভস্থ জলৰ স্তৰ উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ চৰকাৰ আহে, চৰকাৰ যায়– সমাধান নহয় গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা৷ বছৰৰ পাছত বছৰ ধৰি ছবি একেখনেই– এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ গুৱাহাটীবাসীৰ৷ পিয়াহ নিবাৰণ কৰা, গাধোৱা, বাচন ধোৱা, কাপোৰ ধোৱা, ভাত বনোৱা ইত্যাদি প্ৰত্যাহিক কামৰ বাবে পানীৰ বাবে আজিও হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰীৰ প্ৰায়বোৰ আৱাসিক, ফ্লেট, ব্যৱসায়িক অঞ্চলৰ বাসিন্দাই৷ জলজীৱন মিছন, স্মাৰ্ট চিটীৰ নামত হাজাৰ কোটি টকা খৰচ কৰা চৰকাৰে এটা দশকৰ পাছতো গুৱাহাটীবাসীক যোগান ধৰিব নোৱাৰিলে চৰকাৰীভাৱে এটুপি বিশুদ্ধ পানী৷ চৰকাৰৰ অকৰ্মণ্যতা, ব্যৰ্থতাৰ সুযোগ লৈ এতিয়া গুৱাহাটীত সক্ৰিয় হৈ পৰিছে একাংশ ভূজল মাফিয়া৷ জধে-মধে ভূগৰ্ভস্থ জলত ব’ৰিং কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছে এইসকল ব্যৱসায়ীয়ে৷ অৱশ্যে ৰাইজৰো তেওঁলোকৰ শৰণাপন্ন হোৱাৰ বাহিৰে নাই কোনো উপায়৷ কাৰণ পানী লাগিবই, পানীয়েই প্ৰাণ৷