Logo
image

২০২৩ চনৰ স্বাধীনতা দিৱসত উঃ গুৱাহাটীলৈ দলং মুকলি!

আমাৰ অসম, ২০ মাৰ্চঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটী মহানগৰীৰ পোনপটীয়া যাতায়ত ব্যৱস্থা অতি সুচল কৰাৰ লক্ষৰে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত চলি আছে  গুৱাহাটী - উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত দলঙৰ নিৰ্মাণ কাৰ্য৷ ভাৰত চৰকাৰৰ জৰিয়তে নিউ ডেভলপমেণ্ট বেংকৰ পৰা লাভ কৰা ২,৬০৮.৬৮ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কাৰ্য চলি থকা দলংখন অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ ইতিহাসত আটাইতকৈ অধিক ব্যয় আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং হিচাপে পৰিগণিত হব৷ উল্লেখযোগ্য যে লোকনিৰ্মাণ বিভাগৰ ‘‘বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্প [Externally Added Project] চমুকৈ ই এ পি ৰ ব্ৰহ্মপুত্ৰ দলং সংমণ্ডলে নিৰ্মাণ কৰি থকা দলংখনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা ২০২০ বৰ্ষৰ পহিলা মাৰ্চত স্থাপন কৰা হৈছিল৷ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে দলং নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল৷ আধাৰশিলা স্থাপনৰ সময়তে দলংখন ২০২৩ বৰ্ষত স্বাধীনতা দিৱস তথা ১৫ আগষ্টত ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰা হ’ব বুলি সৰ্বানন্দ সোণোৱাল আৰু ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল৷  উল্লেখযোগ্য যে দলংখন নিৰ্মাণ হলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ লগত  যাতায়তৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা হোৱাটো নিশ্চিত৷  ৰ,২৪০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ৩৩ মিটাৰ বহলৰ ছয়লেনযুক্ত দলংখন দুয়োফালে পথ সহিতে মুঠ দৈৰ্ঘ্য হ’ব ৮,৪০৫ কিঃমিঃ৷ ইতিমধ্যে নদীৰ ওপৰত পদপথ সহিতে থাকিব লগীয়া ৰ,২৪০ মিটাৰ অংশত ৬টা খুটা থাকিব৷  অৰ্থাৎ মাত্ৰ ছয়টা খুটাৰ ওপৰত থাকিব মূল দলংখন৷ প্ৰতিটো খুটাৰ মাজত ব্যৱধান হব প্ৰায় ২০০ মিটাৰ৷  নিৰ্মাণ কাৰ্যৰ তদাৰক কৰি থকা অভিযন্তা সকলে  জানিবলৈ দিয়া মতে এই পৰ্যন্ত পৰ্যন্ত দলংখনৰ ৫৫ শতাংশৰো অধিক  নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে৷ সমান্তৰালভাৱে দলঙৰ খুটা সমূহৰো পানীৰ তলত থাকিবলগীয়া অংশৰ [৫০ ৰ পৰা ৬০ মিটাৰ পৰ্যন্ত গভীৰতা] নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে ৷ আনহাতে আৰম্ভণিৰে পৰা গড় হিচাপত দৈনিক প্ৰায় এক হাজাৰ শ্ৰমিক নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত হৈ আছে৷