Logo
image

ঘোঁৰা সাজু, ৰহা পালেগৈ স্বয়ং মুখ্যমন্ত্ৰী

ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ শেষমুহূৰ্তৰ খেলত দিশহাৰা কংগ্ৰেছ

আমাৰ অসম ২১ মাৰ্চঃ ৰাজনীতিত নেতাৰ ৰাজনৈতিক স্বাৰ্থৰ বাহিৰে বন্ধুত্ব বা শত্ৰুতাৰ যে কোনো স্থান নাই আজি এই কথা পুনৰ প্ৰমাণ কৰি দেখুৱালে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে৷ সুযোগ পালে যে সুযোগৰ সদ্ব্যৱহাৰ কৰিব লাগে তাকো দেখুৱাই দিলে কংগ্ৰেছৰ সুযোগসন্ধানী বিধায়কজনে৷ তেওঁ দেখুৱাই দিলে বিক্ৰী যাবলৈ ঘোঁৰা সাজু৷ দেওবাৰে পুৱাই বিধায়ক শশীকান্ত দাসক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহ পালেগৈ খোদ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছী বিধায়কজনৰ বাসগৃহলৈ অহাৰ আধাঘণ্টা পূৰ্বে কংগ্ৰেছৰ পক্ষত থকা বুলি দাবী কৰিছিল৷ মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ বাসগৃহত প্ৰৱেশ কৰাৰ আধাঘণ্টা পাছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মুখপাত্ৰৰ দৰে আচৰণ কৰা পৰিলক্ষিত হয়৷ মুখ্যমন্ত্ৰীয়ে বিধায়কজনৰ বাসগৃহত দেওবাৰে পুৱাৰ আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে বিধায়কজনে সংবাদ মাধ্যমৰ আগত কয়– এয়া মোৰ বাবে সৌভাগ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ ঘৰত পদাৰ্পণ কৰিব৷ নিশ্চিতভাৱে মোৰ বাবে এয়া সৌভাগ্যৰ দিন৷ এই ভ্ৰমণত ৰাজনৈতিক কোনো কথা নাই৷ জ্যেষ্ঠ আৰু কণিষ্ঠ ভ্ৰাতৃৰ সম্পৰ্কৰে তেওঁ আজি মোৰ ঘৰলৈ আহিব৷ কংগ্ৰেছে মোক নিলম্বিত কৰি ৰাখিছে৷ তথাপি কংগ্ৰেছৰ নীতি আদৰ্শ মতে মই কাম কৰি আছোঁ৷ মোৰ নিলম্বনৰ ক্ষেত্ৰত দলৰ হাইকামাণ্ডে কি সিদ্ধান্ত লয়, সেই কথা চিন্তা-চৰ্চা কৰি আগবাঢ়িম৷ আজি মোৰ বাবে যিদৰে এফালে সৌভাগ্যৰ দিন, আনফালে মই কষ্ট পাইছোঁ৷ কংগ্ৰেছৰ বিধায়িনী দলৰ  বৈঠক ইতিমধ্যে সম্পন্ন হৈছে৷ এই বৈঠকলৈ মোক নিমন্ত্ৰণ কৰা নাই৷ মুখ্যমন্ত্ৰীজন হৈছে হাউচৰ নেতা৷ তেওঁৰ কোনো দলৰ কথা নাথাকে৷ কংগ্ৰেছ মই বহু কষ্ট কৰি কৰিছিলোঁ৷ ২৭-২৮ বছৰ বয়সৰ পৰা কংগ্ৰেছ কৰিছিলোঁ৷ ৰাজনৈতিকভাৱে বিজেপি বা আন দলত যোগদানৰ কোনো কথা অহা নাই৷ ইফালে মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পাছত কংগ্ৰেছী বিধায়কজনে কয়– [কংগ্ৰেছ] দলে যিহেতু মোক নিলম্বন কৰিছে আৰু কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকলৈ নিমন্ত্ৰণ জনোৱা নাই৷ দলৰ বিভিন্ন বৈঠকৰ পৰা আঁতৰাই ৰাখিছে৷ গতিকে মুখ্যমন্ত্ৰীজনৰ উন্নয়নশীল চিন্তা চৰ্চাৰে আগবাঢ়ি যাম৷ বিধায়ক শশীকান্তৰ ঘৰত চাহ-তামোল খাই ওলাই আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– ৰাজ্যসভাত হুইপৰ কোনো মূল্য নাথাকে৷ আচলতে ভোট দিয়াৰ সময়ত বেলট পেপাৰখন দেখুৱাই দিব লাগে৷ কিন্তু কাৰোবাক ভোট দিয়ক বা নিদিয়ক তাক লৈ কাৰো বিধায়ক পদ খাৰিজ নহয়৷ হুইপ জাৰি কৰিলে কেৱল যাক ভোট দিব সেই কথা সকলোৱে জানিব পাৰে৷ কোনেও লুকাই ভোট দিব নোৱাৰে৷ থ্ৰি লাইন হুইপ সদনৰ ভিতৰতহে, বাহিৰত নহয়৷ তেওঁ আৰু কয়– শ্বেৰমান আলীৰ কথা মই নাজানো৷ কিন্তু শশীকান্ত দাসে মোক জনাইছে যে তেওঁ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব৷ গতিকে ৰাজ্যসভাত দুয়োখন আসনতে শাসক পক্ষই জয় লাভ কৰিব৷ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ শেষ মুহূৰ্তৰ খেলত কাৰ্যতঃ দিশহাৰা হৈ পৰে কংগ্ৰেছ৷ যিহেতু ৰাজ্যসভাৰ নিৰ্বাচনৰ সম্পূৰ্ণ খেল সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিছে, সেয়ে বিধায়ক শশীকান্ত দাসৰ শেহতীয়া কাৰ্যকলাপে কংগ্ৰেছৰ নিৰ্বাচনী অংকত যে আউল লগাব সেয়া স্পষ্ট হৈ পৰিছে৷ কংগ্ৰেছৰ একাংশ বিধায়কৰ এনে বিজেপিপ্ৰীতিয়ে ৰাজ্যসভা নিৰ্বাচনৰ বিৰোধী পক্ষৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰতি যে ভাবুকিৰ সৃষ্টি কৰিব তাক লৈ শংকিত হৈ পৰিছে কংগ্ৰেছ৷ কংগ্ৰেছৰ নিৰ্বাচনী অংকত এনেদৰে আউল লগোৱাৰ সমান্তৰালকৈ দেওবাৰে সন্ধিয়া বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাক আনুষ্ঠানিকভাৱে দলে টিকট প্ৰদান কৰে৷ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই তেওঁক টিকট প্ৰদান কৰে৷ কাইলৈ দিনৰ ১২.৩০ বজাত তেওঁ দাখিল কৰিব মনোনয়ন-পত্ৰ৷ প্ৰায় একে সময়তে মনোনয়ন দাখিল কৰিব ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়েও৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগমনক দেওবাৰে পুৱাৰ পৰাই উথপথপ লাগিছিল বিধায়ক শশীকান্ত দাসৰ বাসগৃহত৷ পুৱা দহ বজাত বিধায়ক দাসৰ ঘৰত প্ৰৱেশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই বিধায়ক দাসৰ পদুলিমুখত উপস্থিত হোৱাৰ লগে লগে স্থানীয় মহিলাসকলে উৰুলি দি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ মুখ্যমন্ত্ৰী শৰ্মা আৰু বিধায়ক শশীকান্তৰ সমৰ্থকসকলে মুখ্যমন্ত্ৰীৰ মূৰত পুষ্পবৃষ্টি কৰাৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, শশীকান্ত দাস জিন্দাবাদ আদি ধবনি দিয়ে৷ বিধায়ক শশীকান্ত দাসৰ পত্নীয়ে নিজে বনোৱা লুচি, মাংসৰ আঞ্জা, চাহ-মিঠাইৰে মুখ্যমন্ত্ৰীক আপ্যায়ন কৰে৷ মুখ্যমন্ত্ৰীৰ এই বিশেষ ভ্ৰমণত সংগ দিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ জোঙাল বলহু গড় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ ৰহাৰ জোঙালবলহু গড় তথা চৰকাৰী মীনপাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আজি পুৱা মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাক লগত লৈ উপস্থিত হয়হি জোঙালবলহু গড়ত আৰু প্ৰায় তিনি কিলোমিটাৰ খোজকাঢ়ি গড় তথা মীনপামখন পৰ্যবেক্ষণ কৰে৷ উল্লেখ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জোঙালবলহু গড়ক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল আৰু তাৰবাবে ৰাজ্য চৰকাৰে ৫০ কোটি টকা আৱণ্টন দিছে৷ মুখ্যমন্ত্ৰীয়ে পৰ্যটনস্থলীৰ বাবে প্ৰস্তুত কৰা প্ৰাককলন পৰ্যবেক্ষণ কৰে৷ মীন পামখনত পৰ্যটকৰ বাবে লবলগীয়া কিছু আঁচনিৰ কামৰো টোকা লিখি বিভাগীয় বিষয়াক নিৰ্দেশ দিয়াৰ লগতে নগাঁও জিলা উপায়ুক্তক মীনপামখনৰ লগত পূৱ আৰু পশ্চিম দিশত বিশ বিঘা মাটি অধিগ্ৰহণ কৰি মাটিৰ গৰাকীক মূল্য আদায়ৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে৷ লগতে এক বৃক্ষৰোপণ কাৰ্যসূচীতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে৷  ৰাজ্যসভাৰ নিৰ্বাচন, শশীকান্ত দাস আৰু পল্টন বজাৰ কাণ্ডৰ ওপৰতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷  মীন পামখনৰ পৰা মুখ্যমন্ত্ৰী ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ডিমৌ চাৰিআলি বাসগৃহলৈ যায়৷ পথৰ পৰা বিধায়কজনৰ ঘৰলৈ বায়ন গায়নে আদৰি  অনাৰ সময়ত সমষ্টিটোৰ বহু সংখ্যক কংগ্ৰেছৰ নেতা-কৰ্মীৰ লগতে এআইইউডিএফৰ নেতা- কৰ্মীয়ে মুখ্যমন্ত্ৰীক আদৰণি জনায়৷ ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োটা চিটতে জয়ী হম বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় কংগ্ৰেছৰ থকা ৮-১০ জনৰ বাহিৰে বাকী বিধায়ক আমাৰ লগত আছে৷ বিধায়ক শশীকান্ত ৰ ভোট পোৱাত আমাৰ অসুবিধা নাই৷ আনহাতে পল্টন বজাৰৰ আৰক্ষীয়ে সাধাৰণ লোকক মাৰপিট কৰা ঘটনাৰ বিষয়ে সাংবাদিকে জানিব বিচাৰাত মুখ্যমন্ত্ৰীয়ে কয়– নামৰূপৰ আৰক্ষীৰ কনফাৰেন্সত মই কৈছো কোনো নিৰপৰাধী লোকে আৰক্ষীৰ অত্যাচাৰৰ কোনো কাৰণতেই সন্মুখীন হব নোৱাৰিব আৰু অপৰাধীৰ ক্ষেত্ৰত আৰক্ষী অধিক কঠোৰ হ’ব৷ পল্টন বজাৰৰ ফুটেজ পৰীক্ষা কৰি থকা হৈছে অপৰাধীয়ে শাস্তি পাবই বুলি কয়৷