Logo
image

মত্ত উৎসৱত ৰাজহ সংগ্ৰহৰ অভিলেখ

সমানে ঘটিল দুৰ্ঘটনা, উদ্ভণ্ডালিও

আমাৰ অসম, ২১ মাৰ্চঃ প্ৰত্যাশিতভাবেই ৰাজ্যৰ পুনৰ মত্ত উৎসৱত সৃষ্টি হ’ল সুৰাৰ ৰাজহ সংগ্ৰহৰ অভিলেখ৷ শাৰদীয় দুৰ্গা পূজা, থাৰ্‌টি ফাষ্টৰ্, মাঘ বিহুৰ পিছতে এইবাৰ হোলীৰ দুটা দিনত গুৱাহাটীত অভিলেখ সংখ্যক সুৰাৰ বিক্ৰী হ’ল৷ আবকাৰী বিভাগৰ সূত্ৰই জনোৱা মতে এইবাৰ হোলীত ড্ৰাই দে’উঠাই দিয়াত কেৱল গুৱাহাটীত সুৰাৰ বিক্ৰী হয় প্ৰায় ৪ কোটি ৭০ লাখ টকা৷ সমগ্ৰ ৰাজ্যত হোলীৰ দুটা দিনত সুৰাৰ বিক্ৰীৰ হাৰ ১০ কোটিৰো অধিক৷ হোলীত ড্ৰাই দে’উঠাই দি ৰাজ্য চৰকাৰে সুৰাৰ বিক্ৰীৰ পৰা এক বুজন পৰিমাণৰ ৰাজহ লাভ কৰাৰ বিপৰীতে আৰক্ষীয়ে সুৰাপায়ীৰ বিৰুদ্ধে অভিযান চলাইয়ো গঢ়িলে আন এক অভিলেখ৷ কেৱল গুৱাহাটী মহানগৰীতে হোলীৰ সময়ত সুৰাপায়ীৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ ফাইন সংগ্ৰহ কৰাৰ লগতে গোচৰো ৰুজু কৰে৷ লক্ষণীয় যে ৰাজ্যত বিগত কিছু বছৰৰ পৰা উৎসৱৰ বতৰত অভিলেখ যাত্ৰাত সুৰাৰ বিক্ৰী তথা সুৰাপাণ কৰাটো এক স্বভাৱত পৰিণত হৈছে৷ উৎসৱৰ বতৰত এটুপি ধৰিবলৈ নাপালে যেন বহুতৰ ৰাইজাইয়ে নকৰে দেহা৷ ইয়াৰ পৰিণতিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংঘটিত হয় অসংখ্য পথ দুৰ্ঘটনা, মাৰপিট, কাজিয়া-পেছাল, উৎপীড়ন-নিৰ্যাতনৰ ঘটনা৷ হোলীৰ সময়ত গুৱাহাটী মহানগৰীত সৰু বৰ ১০ টাৰো অধিক দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷ হুনাৰ হাট আৰু হোলীৰ আনন্দৰ মাজতে খানাপাৰাৰ ফ্লাই অভাৰত তীব্ৰবেগী গাড়ীৰ খুন্দাত নিহত হয় এটি শিশু৷ গণেশগুৰিত দুজন স্কুটি আৰোহীয়ে সুৰামত্ত হৈ ডিভাইডাৰত খুন্দা মৰাৰ ফলত আহত হয়৷ ইফালে সুৰামত্ত স্কুটি আৰোহীয়ে পিছফালৰ পৰা আন এখন স্কুটিক খুন্দা মৰাত উলুবাৰীত দুজন আহত হয়৷ চান্দমাৰীত এজন মটৰ চাইকেল আৰোহী আহত হয়৷ ফাকুৱাৰ আনন্দৰ মাজতে গুৱাহাটীৰ বাহিৰেও ৰাজ্যৰ কেইবাটাও প্ৰান্তত সংঘটিত হয় পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত প্ৰাণহানি হয় কেইবাজনৰো৷ শদিয়াত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন যুৱক৷ মৃত যুৱকজনৰ নাম পুলক গগৈ বুলি জানিব পৰা গৈছে৷ আনহাতে বকোত মেজিকৰ খুন্দাত নিহত হয় এজন লোক৷ প্ৰাতঃ ভ্ৰমণ কৰি থকাৰ সময়তেই দুৰ্ঘটনাৰ সূত্ৰপাত হয়৷ নিহত লোকজন বকোৰ আগছিয়াৰ চাদেক আলী৷ ইফালে তিতাবৰ গোলাঘাট সংযোগী ধোদৰ আলিত পথ দুৰ্ঘটনা সংঘটিত হয়৷ পথৰ দাতিত থকা বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দা মাৰে বাইক আৰোহীয়ে৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী৷ আহত সঞ্জয় খাপা, পৱন মালিকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ আনহাতে তিনিচুকীয়াত চিলিণ্ডাৰ পৰিবাহী ট্ৰাক-ক্ৰেটাৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় ক্ৰেটা চালক৷ নিহত চালকজনৰ নাম ইশান বাগাৰীয়া বুলি জানিব পৰা গৈছে৷ ইপিনে, পৱিত্ৰ হোলীৰ গইনালৈ গুৱাহাটী মহানগৰীত ৰিজতৰীয়া পাৰ্টি অনুষ্ঠানো অনুষ্ঠিত কৰাৰ অভিযোগ উঠিছে৷ বিশেষকৈ সোণাপুৰৰ নকৈ গঢ় লৈ উঠা ক্লাব নিৰ্ভানা নামৰ বিলাসী ৰিজৰ্টখনত হোলীৰ নামত বিজতৰীয়া পাৰ্টি অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে৷  এনে পাৰ্টিত অংশগ্ৰহণ কৰা নিচাসক্ত যুৱকৰ হাতত যুৱতী লাঞ্চিতা হোৱাৰ পাছত লাঞ্চিতা যুৱকীগৰাকীৰ প্ৰেমিকে এতিয়া সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব লগা হৈছে৷ আনহাতে অভিযোগ পোৱাৰ পাছতো আৰক্ষীয়ে অভিযুক্তকহে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি অভিজয় চৌধুৰী নামৰ যুৱকজনে জ্যেষ্ঠ ভাতৃ আৰু দুই বান্ধবীৰ সৈতে পাৰ্টি উপভোগ কৰি থকা সময়তে ৰৌনক আগৰৱালা আৰু বিকাশ আগৰৱালা নামৰ যুৱকদ্বয়ে অভিজয়ৰ প্ৰেয়সীক লোকচক্ষুৰ সন্মুখতে শ্লীলতাহানি কৰে৷ উদণ্ড যুৱকদ্বয়ৰ এই কাৰ্যত অভিজয়ে বাধা দিবলৈ যোৱাত ওলোটাই দুয়োজন যুৱকে অভিজয় আৰু ভাতৃক প্ৰচণ্ড ভাবে প্ৰহাৰ কৰাৰ লগতে অভিজয়ৰ হোণ্ডাচিটি গাড়ীখনখনো ক্ষতিগ্ৰস্ত কৰে৷ এনে পৰিস্থিতত অভিজয়ে সোণাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হ’য়৷ আনহাতে অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে অভিযুক্তৰ পক্ষ লোৱাৰ অভিযোগ অভিজয়ৰ৷ কালি আৰক্ষীয়ে ৰৌনক আগৰৱালাক থানালৈ মাতি পঠাই যদিও নিয়মমাফিক সোধ-পোচ কৰিয়েই আৰক্ষীয়ে যুৱক জনক যাবলৈ দিয়ে৷ আনহাতে অভিযুক্ত বিকাশ আগৰৱালা আই পি এল বুকি বুলিও জনা গৈছে৷ ইপিনে অভিযুক্ত যুৱকদ্বয়ৰ আত্মীয়য়ো পৃথকে অভিজয়ৰ বিৰুদ্ধে আজি এখন এজাহাৰ দাখিল কৰিছে৷

বাগ্‌সাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত নিমুৱাত যোৱা নিশা সংঘটিত হৈছে এক ৰহস্যজনক পথ দুৰ্ঘটনা৷ উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় গোৱৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থাৰ এজন কৰ্মী৷ নিহত ছাত্ৰ সন্থাৰ কৰ্মীজন হৈছে গোৱৰ্ধনাৰ সমীপৰ নিমুৱাৰ তথা গোৱৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক বিশাল দাস [২২]৷  দুৰ্ঘটনাত নিহত হোৱা গোৱৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক বিশাল দাসৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজে৷ প্ৰাপ্ততথ্য অনুসৰি যোৱা নিশা প্ৰায় ৰ.৩০ বজাত বাগ্‌সা জিলাৰ ৰাজধাকমালৰ পৰা দৌল মহোৎসৱ চাই মটৰ চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত নিমুৱা গাঁও নিবাসী ৰবিন দাসৰ পুত্ৰ বিশাল দাসৰ পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যু হয়৷ দৌল মহোৎসৱ চাই ঘূৰি অহা স্থানীয় লোকে বাইকসহ মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে আৰু স্থানীয় গোৱৰ্ধনা আৰক্ষী থানাত খবৰ দিয়ে৷ মৃত যুৱকজন গোৱৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থাৰ এজন অক্লান্ত কৰ্মী আছিল৷ তেওঁৰ মৃত্যুত বৃহত্তৰ গোৱৰ্ধনা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷

চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত আই নৈৰ ওপৰত থকা হাগ্ৰামা দলঙত আজি পুৱাৰ ভাগত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷ শিল-বালি ভৰ্তি এএছ ১৯ এচি ৩৭০০ নম্বৰৰ ডাম্পাৰখনে দলংখনৰ ওপৰতে এগৰাকী স্কুটী আৰোহীক মহটিয়াই নিয়াৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে৷ উক্ত দুৰ্ঘটনাটোত দীপিকা নাৰ্জাৰী [৩৫] নামৰ স্কুটী আৰোহী মহিলাগৰাকী থিতাতে নিহত হয়৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে দলং খনৰ দুয়ো পাৰৰ স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে তেওঁলোক উত্তেজিত হৈ পৰে আৰু প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তেজিত ৰাইজে দলংখনৰ ওচৰতে থকা আৰক্ষীৰ চেকপ’ষ্টৰো ক্ষতি সাধন কৰে আৰু ৰাস্তাটোৰে ডাম্পাৰৰ চলাচল বন্ধ কৰাৰ দাবীত শ্লোগান দিয়ে৷ পাছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ পুৰণিগুদাম টেলিয়াগাঁও পহুকটাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধ্যা ৬.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ মৃত্যু হয়৷ জানিব পৰামতে চামগুৰি সাপ্তাহিক বজাৰৰ পৰা নিজৰ ম’হপৰা ঘৰ অভিমুখে আহি থকাৰ সময়ত এ এছ ০১ এন চি ৫৪০৫ নম্বৰৰ তীব্ৰবেগী ট্ৰাক এখনে খুন্দা মৰাৰ ফলতেই লোকজন থিতাতে নিহত হয়৷ শাক-পাচলিৰ ব্যৱসায় কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া অমায়িক স্বভাৱৰ হিৰণ্য ফুকন [শান্তি] নামৰ লোকজনৰ মৃত্যুত বৃহত্তৰ পুৰণিগুদাম অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷ 

দেওবাৰে সন্ধিয়া বকলীয়াঘাট পাট্ৰাদিছাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এজন বাইক আৰোহী থিতাতে নিহত হয়৷ দুৰ্ঘটনাটো সংঘটিত কৰি গাড়ীখন পলায়ন কৰে৷ এই পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে৷ তদুপৰি মৃত লোকজনৰ পৰিচয়ো লাভ কৰা নাই আৰক্ষীয়ে৷ মৃত লোকজনৰ দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ নম্বৰ এ এছ ০৯ এ ৫৫২৮৷ গুৱাহাটীত পথ দুৰ্ঘটনাত আহত ‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মা, সাংবাদিক দীপু কুমাৰ বৈৰাগী হোলী উৎসৱৰ আনন্দ-উলাহৰ মাজতে গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ এছ বি দেওৰা কলেজৰ সমীপত শনিবাৰে নিশা ১০.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত ‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মা আৰু সাংবাদিক দীপু কুমাৰ বৈৰাগী গুৰুতৰভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মা আৰু সাংবাদিক  দীপু কুমাৰ বৈৰাগী শনিবাৰে নিশা ১০.৩০ বজাত কৰ্তব্য সমাধা কৰি উলুবাৰীৰ কাৰ্যালয়ৰ পৰা ভঙাগড় আৰু বেলতলাৰ ঘৰৰ অভিমুখে এখন স্কুটীত দুয়ো গৈ আছিল৷ উলুবাৰীৰ এছ বি দেওৰা কলেজৰ সমীপত উপস্থিত হোৱাৰ লগে লগে পিছফালৰ পৰা তীব্ৰ বেগেৰে অহা ৰঙা ৰঙৰ প্লিজাৰ স্কুটীখনে ভুল পথেৰে আহি সাংবাদিক দুজনৰ স্কুটীখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি পলায়ন কৰে৷ ফলত সাংবাদিকদ্বয়ৰ স্কুটীখন সোঁফালে বাগৰি পৰাত গৌতম শৰ্মা আৰু দীপু কুমাৰ বৈৰাগী গুৰুতৰভাৱে আহত হয়৷ এই বিষয়ে জানিব পাৰি ‘আমাৰ অসম’ৰ কাৰ্যালয়ৰ পৰা সাংবাদিক-সংবাদকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত সাংবাদিকদ্বয়ক উদ্ধাৰ কৰি মহানগৰীৰ হায়াত হাস্পতালত ভৰ্তি কৰায়৷ হাস্পতালত চিকিৎসকে সাংবাদিকদ্বয়ৰ এক্সৰে কৰায়৷ এক্সৰে প্ৰতিবেদনত জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ কান্ধৰ হাড় ভগা বুলি ধৰা পেলায় আৰু সাংবাদিক দীপু কুমাৰ বৈৰাগী ভৰিত গুৰুতৰভাৱে জখম হোৱা বুলি ধৰা পৰে৷ হাস্পতালৰ চিকিৎসক যুদ্ধকালীন তৎপৰতাৰে সাংবাদিকদ্বয়ক চিকিৎসা সেৱা প্ৰদান কৰি আছে৷ ইপিনে, দুৰ্ঘটনা সংঘটিত কৰা স্কুটীখনৰ আৰোহী দুজন অত্যধিক সুৰাপান কৰি গাড়ী চলাই আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷ ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাৰ ভাৰপ্ৰাপ্ত  বিষয়াক মৌখিকভাৱে অভিযোগ দিয়া হৈছিল যদিও ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা স্কুটী আৰোহী দুজনক গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ মহানগৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই গুৱাহাটীত উদ্বেগজনকভাৱে পথ দুৰ্ঘটনা বৃদ্ধি পাইছে৷