Logo
image

অভিভূত অক্ষয় আহিব কাজিৰঙালৈ

আমাৰ অসম, ২১ মাৰ্চঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথা চিন্তা কৰি বলীউডৰ তাৰকা অক্ষয় কুমাৰে আগবঢ়োৱা ধনেৰে ইতিমধ্যে সকলো নিৰ্মাণ কাৰ্য সম্পন্ন কৰিছে উদ্যান কত্তৃৰ্পক্ষই৷ কাম সম্পূৰ্ণ হোৱাৰ পাছত শনিবাৰে উদ্যান কত্তৃৰ্পক্ষই বলীউডৰ তাৰকা অক্ষয় কুমাৰক ধন্যবাদ জনোৱাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আমন্ত্ৰণ জনাই এটা টুইট কৰিছিল৷ উদ্যানখনৰ কত্তৃৰ্পক্ষৰ টুইটক সঁহাৰি জনাই বলীউডৰ অতি জনপ্ৰিয় তাৰকাগৰাকীয়ে নিমন্ত্ৰণ গ্ৰহণ কৰি অতি সোনকালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব বুলি শনিবাৰেই পুনৰ টুইট কৰি অৱগত কৰে৷ অক্ষয় কুমাৰৰ কাজিৰঙা আগমনৰ কথা জানিব পাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া-কৰ্মীৰ লগতে ইয়াৰ কাষৰীয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে৷ যদি বলীউডৰ তাৰকাজন কাজিৰঙালৈ আহে তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া-কৰ্মীয়ে উদ্যানখনৰ সুৰক্ষা দিয়াত আৰু অধিক উৎসাহ পোৱাৰ লগতে কাজিৰঙালৈ পৰ্যটকৰ আগমন বৃদ্ধি পোৱাৰ থল আছে বুলি উদ্যান কত্তৃৰ্পক্ষই মত প্ৰকাশ কৰে৷  বিভাগীয় সূত্ৰে জানিব পৰা মতে ২০১৯ বৰ্ষত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি কৰিছিল৷ এই বানপানীত কেইবাটাও গঁড়কে ধৰি বহুসংখ্যক বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিব লগা হৈছিল৷ কাজিৰঙাৰ বন্যপ্ৰাণীয়ে বানপানীৰ পৰা প্ৰাণ ৰক্ষা আৰ খাদ্যৰ তাড়নাত দিক-বিদিক হেৰুৱাই পেলাইছিল৷ এই কথা সংবাদ মাধ্যমৰ যোগেদি বলীউডৰ তাৰকা অক্ষয় কুমাৰে জানিব পাৰি অতি ব্যথিত হৈ পৰিছিল৷ ইয়াৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে উদ্যান কত্তৃৰ্পক্ষলৈ ৰ কোটি টকাৰ অনুদান প্ৰেৰণ কৰিছিল বন্যপ্ৰেমী অক্ষয় কুমাৰে৷ সেই সময়ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে অতি আগ্ৰহ আৰু আন্তৰিকতাৰে আগবঢ়োৱা অক্ষয় কুমাৰৰ ধনেৰে পৰিকল্পনা কৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল৷ বিভাগীয় সূত্ৰে জানিব পৰা মতে অক্ষয় কুমাৰে আগবঢ়োৱা ধনেৰে ইতিমধ্যে উদ্যান কত্তৃৰ্পক্ষই বন্যপ্ৰাণীৰ সুৰক্ষা দিয়াত সুবিধা হোৱাকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ অধীনত কাৰাসিং আৰু বাগৰি বনাঞ্চলৰ অধীনত ডুঙা বন শিবিৰ তথা দৰ্শন চূড়া অতি আটকধুনীয়াকৈ নিৰ্মাণ কৰে৷ ইয়াৰ উপৰিও বাগৰি বনাঞ্চলৰ অধীনত বান্দৰডুবি হাইলেণ্ড তথা পথ, বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনত বিজ্ঞানসন্মতভাৱে পতাহি জলাশয়ৰ পানী সংৰক্ষণ ব্যৱস্থা আৰু ব্ৰহ্মপুত্ৰত বনকৰ্মীয়ে দিনে-নিশাই টহল দিব পৰা এখন ভ্ৰাম্যমাণ যন্ত্ৰচালিত নাৱৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য যে অলপতে দেশৰ ৰাষ্ট্ৰপ্ৰধান ৰামনাথ ক’বিন্দ পৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ পত্নী আৰু কন্যাই অক্ষয় কুমাৰে আগবঢ়োৱা ধনেৰে নিৰ্মাণ কৰা বাগৰি বনাঞ্চলৰ দৰ্শন চূড়াত উঠি উদ্যানৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিছিল৷ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে বলীউডৰ তাৰকা অক্ষয় কুমাৰে আগবঢ়োৱা ধনেৰে কৰা নিৰ্মাণ কাৰ্যৰ কথা জানিব পাৰি সন্তোষ প্ৰকাশ কৰিছিল৷