Logo
image

অসমীয়া স্কুলত নামভৰ্তিৰ বাবে দুনিশা উজাগৰে অভিভাৱকৰ দীৰ্ঘ শাৰী

শিৱসাগৰত মন ভাল লগা দৃশ্য

আমাৰ অসম, ২১মাৰ্চঃ শিৱসাগৰ জিলাত যি সময়ত অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণৰ অনিছ্চুকতা বাবে ৭০ খনৰো অধিক বিদ্যালয় শিক্ষা বিভাগে বন্ধ কৰি দিবলৈ বাধ্য হৈ পৰাৰ সময়তে শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত দুখীয়া স্কুল নামেৰে খ্যাত তথা ১নং টাউন প্ৰাথমিক বিদ্যালয়ত  নামভৰ্তিৰ আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ কালি দিনৰ প্ৰায় ২ বজাৰ পৰা অভিভাৱকৰ লানি দেখিবলৈ পোৱা গৈছে৷ জানিব পৰা মতে কাইলৈ পুৱা ১০ বজাৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে পাল পাতি ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ আৰু অভিভাৱকে লানি পাতিছে৷ স্কুল কৰ্তৃপক্ষই জনোৱা মতে প্ৰাথমিকত মাত্ৰ ৬০জন ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তিৰ ব্যৱস্থা আছে৷ এই  ৬০জন ছাত্ৰ-ছাত্ৰীৰ বাবে ৬০খন প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব৷ স্মৰ্তব্য যে, চৰকাৰী মাধ্যমৰ বিদ্যালয়ত শিক্ষকতা কৰি পৰিয়াল পোহপাল দিয়া গৰিষ্ঠসংখ্যক শিক্ষক-শিক্ষয়িত্ৰীৰ পুত্ৰ-কন্যাক ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাই আহিছে৷ ইয়াৰ বিপৰীতে একাংশ উচ্ছ শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ অভিভাৱক তথা পিতৃ-মাতৃয়ে সন্তানক এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ  প্ৰ-পত্ৰৰ বাবে প্ৰায় ৪৮ ঘণ্টা সময় ভোগে লঘোণে  লানি পাতিব লগা হৈছে৷ বিগত কেইবা বছৰ ধৰি এই বিদ্যালয়খনত নিজ সন্তানক নামভৰ্তিৰ বাবে অভিভাৱকে এনেদৰে শাৰী পাতি থিয় হোৱা দৃশ্য সুলভ হৈ পৰিছে৷ শিৱসাগৰ এনে দৃশ্যই সংকটৰ সন্মুখীন হোৱা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে৷ প্ৰণিধানযোগ্য যে, বিগত সময়ত শিৱসাগৰ জিলাত ছাত্ৰ-ছাত্ৰীৰ অভাৱত প্ৰায় ৭০খন অসমীয়া মাধ্যমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ কৰি দিয়া হৈছে৷ উল্লেখ্য যে শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বৰ্ডিং ৰোডত অৱস্থিত এই  দুখীয়া স্কুল তথা বৰ্তমানৰ ৰনং প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰা  ১১ গৰাকীকৈ  ছাত্ৰই  অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হোৱাৰ লগতে দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ আসন শুৱনি কৰিছিল দুখীয়া স্কুলৰ ছাত্ৰই৷