Logo
image

ৰাজ্যবাসী বিদ্যুৎস্পৃষ্ট

প্ৰতি ইউনিটত ৫৯ পইচা বৃদ্ধিৰে গ্ৰাহকক পুনৰ মাধমাৰ

আমাৰ অসম, ২২মাৰ্চঃ মূল্যবৃদ্ধিৰ ভৰত কোঙা প্ৰজা৷ চৌদিশে এতিয়া মূল্যবৃদ্ধিৰ জুই– কি ইন্ধন, কি খাদ্য সামগ্ৰী, কি ঔষধ, কি শাক-পাচলি,সকলো এতিয়া মহঙা৷ সমান্তৰালভাৱে বৃদ্ধি পাইছে চৰকাৰৰ কৰ-কাটল৷ উদং, শূন্য ৰাজভঁৰাল পূৰণ কৰিবৰ বাবে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত জাপি দিছে ইটোৰ পিছত সিটো কৰ-কাটলৰ বোজা৷ পৰিবহণ, সুৰাৰ ৰাজহৰ পাছত এইবাৰ চৰকাৰী শেনচকু পৰিল সৰ্বসাধাৰণৰ বিদ্যুৎ মাচুলৰ ওপৰত৷ নিৰ্বাচনী সভাত ৰাইজক বিনামূলীয়া বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতিত পৰিল চেঁচা পানী৷ পুনৰ গ্ৰাহকৰ মূৰত ৰাম টাঙোন সোধালে অসম বিদ্যুৎনিয়ামক আয়োগে৷ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৫৯ পইচা বৃদ্ধিত অনুমোদন দিলে আয়োগে৷ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন বিদ্যুতৰ নিৰিখ৷ সোমবাৰে এক সংবাদমেলত অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই বিদ্যুৎ মাচুল বৃদ্ধিৰ যুক্তিযুক্ততা দাঙি ধৰি কয়–‘২০২০-২১ বৰ্ষৰ শক্তি কোম্পানীসমূহৰ [এপিডিচিএল, এপিজিচিএল, এইজিচিল, এছএলডিচি] কাম-কাজৰ ওপৰত ভিত্তি কৰি ২০২২-২৩ বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন নিৰিখ নিৰ্ধাৰণ কৰা হৈছে৷ ২০২০-২১ বৰ্ষটো ক’ভিড-১৯১ দ্বাৰা আটাইতকৈ ক্ষতিগ্ৰস্ত বৰ্ষ আছিল৷ অন্য খণ্ডৰ দৰে সেই বৰ্ষটোত শক্তিখণ্ড বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ সেই সময়ত সকলোবিলাক মানুহ ঘৰৰ ভিতৰত আছিলে৷ লকডাউন আছিলে৷ লকডাউনৰ ফলত ডমেষ্টিক কনজামচনটো বহুত বেছি বাঢ়ি গৈছিল৷ ডমেষ্টিক কনজামচনটো সদায় ছাবচিডাইজ কমজামচন৷ উদ্যোগবিলাক বন্ধ হৈ থকাৰ বাবে উদ্যোগ ভেল্যু টাৰিফটোৰ খৰচ কম হ’ল৷ ইয়াৰ ফলতো এটা লোকচান হ’ল৷ সেই লোকচান হিচাপ কৰি আমি পাও যে ইয়াৰ ফলত সেই বছৰত ৭৮০ কোটি টকাৰ লোকচান হৈছিল৷ তাৰোপৰি যেতিয়া লৱাৰ চেল অৱ কনজুমাৰ অৰ্থাৎ উচ্ছ দামত বিদ্যুৎ কিনি কম দামত বেলেগ এটা সময়ত বিক্ৰী কৰিবলগীয়া হোৱাৰ বাবেও লোকচান হৈছিল ১৯১ কোটি টকা৷ ২০১৯-২০ বৰ্ষত এপিডিচিএল ১৮.৫৫ শতাংশ ডিষ্ট্ৰিবিউচন ক্ষতি এটাৰ সন্মুখীন হৈছিল৷ সংখ্যাৰ হিচাপত এই ক্ষতিৰ পৰিমাণ আছিল ১৯৮ কোটি টকা৷ ২০১৯-২০ চনতে নীপকোৰ দুটা প্ৰজেক্ট কপিলী-১ আৰু কপিলী-২ প্ৰাকৃতিক দুৰ্যোগৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল৷ এই প্ৰকল্প দুটাৰ পৰা আমি পাৱাৰ ১.৪০ টকাত লাভ কৰিছিলোঁ৷ ইয়াৰোপৰি কাৰ্বি লাংপি হাইড্ৰ’পাৱাৰ প্ৰজেক্ট ২০২০ ছেপ্টেম্বৰৰ শেষৰ পৰা ২০২১ৰ মাৰ্চলৈকে বিভিন্ন কাৰণত বন্ধ আছিলে৷ ইয়াৰ ফলত যিবিলাক পাৱাৰ আমি দুটকা-আঢ়ৈটকাত পাইছিলোঁ, তাক বেছিদামত কিনিবলগীয়া হৈছিল৷ ইয়াৰ ফলত এপিডিচিএলৰ ২,১৮৯ কোটি টকাৰ ৰাজহ ঘাটি হোৱা বুলি বিদ্যুৎ নিয়ামক আয়োগক প্ৰস্তাৱ দিছিল৷ সেই ৰাজহ ঘাটিটো পূৰণ কৰিবলৈ গ’লে আমি ৩৮ শতাংশ বিদ্যুৎ মাচুল বৃদ্ধি কৰিব লগা হয়৷ ৩৮ শতাংশ বৃদ্ধি মানে প্ৰতি ইউনিটত ২.৪১ টকা বৃদ্ধি৷ বিদ্যুৎ নিয়ামক আয়োগে এপিডিচিএলৰ প্ৰস্তাৱ পৰীক্ষা কৰি দেখিলে যে এই ৰাজহ ঘাটিটো ৯৪৬ কোটিলৈ কম কৰিব পাৰি৷ সেই হিচাপে ১৩.২ শতাংশৰ বৃদ্ধি এটা হ’ব পাৰে৷ সেইটোৰ ফলত ৰ টকা ৪ পইচা প্ৰতি ইউনিটত বাঢ়ি যায়৷ কিন্তু অসম চৰকাৰে কনজুমাৰৰ কথা মনত ৰাখি এটা ৪০০ কোটি টকাৰ ৰাজসাহায্য দিছে৷ ইয়াৰ ফলত ৰাজহ ঘাটি ৫৪৬ কোটিলৈ হ্ৰাস পায়৷ তাৰ ফলত ৮.১৪ শতাংশহে বিদ্যুৎ মাচুল বৃদ্ধি হয়৷ এই ৮.১৪ শতাংশটো ৫৯ পইচা প্ৰতি ইউনিটত হয়গৈ৷ পহিলা এপ্ৰিলৰ পৰা এই বিদ্যুৎ মাচুল বৃদ্ধি বলৱৎ হ’ব৷ অক্সিজেন উৎপাদকক আমি বিল ২০ শতাংশ কম কৰি দিবৰ বাবে পৰামৰ্শ দিছোঁ৷ মিড ডে মিল, হাংগাৰ বিৰুদ্ধে কাম কৰা সংগঠনৰ বিদ্যুৎৰ বিল স্কুল কলেজৰ দৰে ছাবচিডাইজলৈ আনিবলৈ চেষ্টা কৰিছোঁ৷ অত দিনে তেওঁলোকে কমাৰ্চিয়েল বিল দি আছিল৷’উল্লেখ্য, সংবাদমেলত কুমাৰ সঞ্জয় কৃষ্ণই উদাহৰণ হিচাপে দাঙি ধৰা তথ্য অনুসৰি ২৫ কিলোৱাটৰ ওপৰত ঘৰুৱা ব্যৱহাৰৰ বিদ্যুতৰ মাচুল ফিক্সড চাৰ্জত এতিয়াৰে পৰা বৰ্তমানৰ ৫০ পইচাৰ স্থানত বাঢ়ি ৬০ পইচা হ’ব আৰু এনাৰ্জী চাৰ্জত ৪০ পইচা বাঢ়ি বৰ্তমানৰ ৬.৮০ টকা ৭.২০ টকা হ’ব৷ সেইদৰে ২৫ কিলোৱাটৰ ওপৰৰ কমাৰ্চিয়েল মাচুলত ফিক্সড চাৰ্জত ২০ পইচা বাঢ়ি ১.৮০ পইচাৰ পৰা দুটকা হ’ব আৰু এনাৰ্জী চাৰ্জ ৭.১০ টকাৰ পৰা ৫০ পইচা বাঢ়ি ৭.৬০ টকা হ’ব৷’লক্ষণীয় যে যি সময়ত দিল্লীত অৰবিন্দ কেজৰিৱালে সফলতাৰে গ্ৰাহকক ২০০ ইউনিট পৰ্যন্ত বিদ্যুতৰ মাচুল ৰেহাই দিছে, সেই সময়তে অসমত এনেদৰে বছৰৰ পাছত বছৰ ধৰি লোকচানৰ অজুহাত দেখুৱাই শক্তি কোম্পানীসমূহে বিদ্যুৎ মাচুল বৃদ্ধি কৰি গ্ৰাহকক ৰামটাঙোন সোধোৱাটো কিমান দূৰ যুক্তিসংগত ইয়াক লৈও প্ৰশ্ন উঠিছে৷ চৰকাৰী কাৰ্যালয় তথা মন্ত্ৰী, আমোলা-বিষয়াৰ বিদ্যুৎ মাচুলক নিৰৱ বিদ্যুৎ নিয়ামক আয়োগ সৰ্বসাধাৰণৰ বিদ্যুৎ মাচুলকলৈ সক্ৰিয় কিয় এই প্ৰশ্ন ৰাইজে উত্থাপন কৰিছে৷