Logo
image

কংগ্ৰেছে ভুল কৰিব আশা বিজেপিৰ

শশীকান্তৰ ভোট যাব বিজেপিলৈ

আমাৰ অসম,২২ মাৰ্চঃ ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনৰ কি হ’ব বিজেপিৰ ষ্ট্ৰেটেজি? বিজেপিৰ ইতিমধ্যে অতি কৌশলপূৰ্ণভাৱে দুটা কাম কৰিলে৷ ইয়াৰে এটা হ’ল ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক নিৰ্বাচনৰ পূৰ্বেই নিজৰ শিবিৰলৈ অনাত সফল হ’ল৷ দ্বিতীয়টো হৈছে স্বয়ং অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সকলোৰে ভুল ভাঙি ক’লে যে যিকোনো বিধায়কে নিজৰ পচন্দমতে ৰাজ্যসভাত ভোট দিব পাৰিব৷ আন দলক ভোট দিয়া বাবে সংশ্লিষ্ট দলটোৱে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰিব৷ কিন্তু বিধায়ক পদ খাৰিজ নহয়৷ অধ্যক্ষৰ এই ভাষ্যৰ পিছতে অন্য দলৰ ভোটাৰৰূপী বিধায়কক প্ৰলোভিত কৰাৰ ক্ষেত্ৰত বিজেপি দলৰ পক্ষে যথেষ্ট সুবিধা হৈ পৰিল৷ কিন্তু বিজেপিয়ে হয়তো ৰাজ্যসভাৰ নিৰ্বাচনত এই পথ অৱলম্বন নকৰিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ এই কথা স্পষ্ট কৰি ক’লে– কংগ্ৰেছৰ ভিতৰ চ’ৰাৰ খবৰ প্ৰতিমুৰ্হূতত মই পাই থাকো৷ কংগ্ৰেছৰ সতীৰ্থ বন্ধুৱে মোক দি থাকে এই খবৰ৷ কংগ্ৰেছৰ প্ৰাৰ্থীয়েও মোৰ পৰা সহায় বিচাৰিছে৷ আনহাতে, মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ বিপৰীতে কংগ্ৰেছ উপদলপতি ৰকিবুল হুছেইনে কয়– শাসকীয় পক্ষৰ লগত আছে এজন অভিজ্ঞ ঘোঁৰা বেপাৰী৷ আগতে ময়ো তেওঁৰ সংগত থাকি বেয়া হৈছিলো৷ এতিয়া তেওঁৰ সংগ বাদ দি ভাল হৈছোঁ৷ ইফালে, অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্যসভাৰ ভোটদানক লৈ সোমবাৰে যি মন্তব্য কৰিছে তাৰ দ্বাৰা তেওঁ বিধায়কক আন দলত ভোটদানত বাধা দিয়াৰ পৰিৱৰ্তে প্ৰৰোচিতহে কৰিছে৷ বিধানসভাৰ অধ্যক্ষৰ আসনখন হৈছে নিৰপেক্ষ৷ কিন্তু তেওঁৰ বক্তব্যত যেন নিৰপেক্ষতা নোহোৱা হৈছে৷ কাৰিকৰীভাৱে তেওঁৰ বক্তব্য ভুল নহয় যদিও আন দলক ভোটদান কৰিলে কোনো দলৰ বিধায়ক পদ খাৰিজ নহয় বুলি কৈ প্ৰৰোচিত কৰা হৈছে৷ তদুপৰি পূৰ্বৰ দুই ‘বন্ধু’ৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰিল যে কংগ্ৰেছৰ বহু বিধায়কৰ সৈতে বিজেপিৰে যোগাযোগ চলি আছে৷ বিজেপিৰ ষ্ট্ৰেটেজি হিচাপে বিৰোধী পক্ষৰ কোনো বিধায়কে ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনত জ্ঞাত বা অজ্ঞাতসাৰে ভুলকৈ ভোটদান কৰিব পাৰে নেকি? বিজেপিৰ কৌশলৰ অংশ হিচাপে কংগ্ৰেছ বা ইউ ডি এফৰ কোনো বিধায়কে যদি জ্ঞাত বা অজ্ঞাতসাৰে ভোটদান কৰে তেন্তে দলে তেওঁলোকৰ বিৰুদ্ধে বিশেষ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব৷ ইয়াৰ পূৰ্বেও ৰাজ্যসভাৰ নিৰ্বাচনত বিধায়কে ভুলকৈ ভোটদান কৰাৰ বহু নজিৰ আছে৷ নিয়ম অনুসৰি বিধানসভা সচিবালয়ে যোগান ধৰা কলমহে ভোটদানৰ সময়ত ব্যৱহাৰ কৰিব লাগে বিধায়কে৷ ইয়াৰ পৰিৱৰ্তে যদি নিজৰ কলম ভোটদানত ব্যৱহাৰ কৰা হয় সেই ভোট বাতিল হয়৷ কেৱল কংগ্ৰেছ নহয়, এ আই ইউ ডি এফৰ বহু বিধায়কৰ যোগাযোগ থকা বুলি বিভিন্ন সময়ত কৈ আহিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ সেইসূত্ৰে বিজেপিৰ ৰণকৌশল অনুসৰি কংগ্ৰেছ বা ইউ ডি এফৰ কোনো বিধায়ক ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত যদি ভুলকৈ ভোটদান কৰে তেন্তে ইয়াৰ দ্বাৰা সম্পূৰ্ণৰূপে লাভৱান্বিত হ’ব বিজেপি মিত্ৰজোঁট৷ বিৰোধী পক্ষৰ বিধায়কৰ জ্ঞাত-অজ্ঞাতসাৰে হ’বলগীয়া এনে ভুলৰ সুযোগ লৈ বিজেপি মিত্ৰজোঁটৰ দুয়োজন প্ৰাৰ্থী হয়তো অনায়াসে জয়লাভ কৰিব ৰাজ্যসভাৰ নিৰ্বাচনত৷ উল্লেখ্য, মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ ঘৰলৈ গৈ পুৱাৰ আহাৰ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে শশীকান্ত দাসৰ ভোট লাভ কৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে৷