Logo
image

গৰু এৰি এইবাৰ সদনত ঘোঁৰা-বিতৰ্ক

আমাৰ অসম,২১ মাৰ্চঃ গৰু এৰি এইবাৰ সদন উত্তপ্ত হৈ পৰিল ঘোঁৰা বিতৰ্কক লৈ৷ ঘোঁৰা বিতৰ্কক লৈ সোমবাৰে অসম বিধানসভাৰ মজিয়া দীৰ্ঘসময় ধৰি অচল হৈ পৰে৷ পুৱা ৯.৩০ বজাৰ পৰা ঘোঁৰা বিতৰ্কক লৈ উত্তপ্ত হৈ পৰে৷ সোমবাৰে বিধানসভাৰ কাম আৰম্ভ হোৱাৰ লগে লগে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সদনৰ দৃষ্টিগোচৰ কৰি উত্থাপন কৰিছিল ঘোঁৰা বিতৰ্ক প্ৰসংগ৷ তেওঁ কয় যে গণতন্ত্ৰ ধবংস কৰাৰ ষড়যন্ত্ৰ চলিছে৷ বিৰোধী দলপতিৰ এই ভাষ্যৰ পিছত কংগ্ৰেছ ইউ ডি এফ,চিপিআইএমৰ বিধায়কসকলেও প্ৰতিবাদমুখৰ হৈ পৰে৷ গণতন্ত্ৰ ৰক্ষা কৰক, সংবিধান ৰক্ষা কৰক, জয় আই অসম আদি শ্লোগান দি সদন উত্তাল কৰি তোলে৷ ইয়াৰ পাছত বিৰোধী বিধায়কসকলে ভ্ৰষ্টাচাৰ নচলিব, সংবিধান মানি চলক, হৰ্ছ ট্ৰেডিং বন্ধ কৰক আদি বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড হাতে হাতে লৈ অধ্যক্ষৰ মেজৰ ওচৰলৈ যায়৷ বিজেপি বিধায়কসকলেও জয় শ্ৰীৰাম ধবনি দিয়ে৷ সদনত কোনেও কাৰো কথা নুশুনা পৰিস্থিতিৰ সৃষ্টি  হয়৷ বাধ্য হৈ বিধানসভাৰ অধ্যক্ষই সদনৰ মাইকৰ ভলিউম বঢ়াই দিবলৈ কয়৷ বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে চলাই যোৱা হয় সদনৰ কামকাজ৷ উত্তাল প্ৰতিবাদৰ মাজতে বিধায়কৰ প্ৰশ্নৰ উত্তৰ দি যায় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰায় ৩৫ মিনিট ধৰি এনে পৰিস্থিতি অব্যাহত ৰখাৰ পাছতো বিধানসভাৰ অধ্যক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিৰোধী পক্ষৰ বিধায়কসকলে সদন ত্যাগ কৰে৷ বিধানসভাৰ প্ৰশ্নকালীন ঘণ্টাৰ পাছত পইণ্ট অৱ অৰ্ডাৰৰ জৰিয়তে সদনত বিৰোধীৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়– বিধানসভাৰ অধ্যক্ষই এই কথা স্পষ্ট কৰিব লাগে যে ৰাজ্যসভাৰ নিৰ্বাচনত কোনো প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলোৱা নিষিদ্ধ আছে নেকি? যদি নিষিদ্ধ নহয় বিধায়কৰ ঘৰলৈ গৈ কোনোৱে প্ৰচাৰ চলাব পাৰেনে নোৱাৰে? কংগ্ৰেছৰ প্ৰাৰ্থীয়েও মোৰ পৰা সহায় বিচাৰিছে৷ মোৰ হাতত প্ৰমাণ আছে৷ বিধায়কৰ ঘৰলৈ যদি মন্ত্ৰী বা মুখ্যমন্ত্ৰী যাব নোৱাৰে তেনেহ’লে এটা ৰুলিং দিব লাগে৷ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছত বিধানসভাৰ অধ্যক্ষই কয় যে মুখ্যমন্ত্ৰী হৈছে হাউছৰ লিডাৰ৷ তেওঁ য’লৈ ইচ্ছা যাব পাৰে৷ তাত বাধা নাই৷ স্মৰ্তব্য যে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন [লেখানুদান] উত্তপ্ত হৈছিল গৰুক লৈ৷ সদনত গো সুৰক্ষা আইন অনাক লৈ তীব্ৰ বিতৰ্ক হৈছিল যদিও গৃহীত হৈছিল উক্ত আইন৷ এইবেলি ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গৰু এৰি হয় ঘোঁৰা বিতৰ্ক৷