Logo
image

বিকি কাৰামুক্ত, ‘অপৰাধী’ক আদৰণি নজনালে আৰক্ষীয়ে

আমাৰ অসম, ২২মাৰ্চঃ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত চাৰিটা নিশা কটোৱাৰ পাছত অৱশেষত মুকলি আকাশৰ তললৈ আহিল বিকি প্ৰসাদ গুপ্তা৷ কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছত মহানগৰ আৰক্ষীয়ে বিকি প্ৰসাদ গুপ্তাক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত আৰক্ষীয়ে আদৰণি জনোৱা কাৰ্য বাতিল কৰে৷ পূৰ্বতে কেইবাটাও গোচৰত অভিযুক্ত বিকি প্ৰসাদ গুপ্তা উল্লেখ্য, বিকি প্ৰসাদ গুপ্তাৰ বিৰুদ্ধে মহানগৰীৰ গীতানগৰ থানাত ১০/১৫ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০নং ধাৰা আৰু ৬৬/১৭ নম্বৰত, ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০ নং ধাৰাৰ অধীনত দুটা গোচৰ পঞ্জীয়ন হৈ আছিল৷ এই দুটা গোচৰত বিকি প্ৰসাদ গুপ্তাই জে’লৰ ভাত খাবলগীয়া হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ মূলতঃ আৰক্ষীৰ ইগ’ৰ বাবেই আজি বিকি প্ৰসাদ গুপ্তাক আদৰণি নজনালে বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে৷ অৱশ্যে পত্নী পুনম দাস গুপ্তাই জে’লৰ পৰা মুকলি হোৱাৰ পাছতেই বিকি প্ৰসাদ গুপ্তাক নাৰ্জীফুলৰ মালাৰে আদৰণি জনায়৷ জে’লৰ পৰা ওলাই আহি বিকি প্ৰসাদ গুপ্তাই আৰক্ষীৰ কাণ্ডক একেমুখে ধিক্কাৰ দিয়ে৷ পল্টন বজাৰৰ ঘটনাটো বৰ্ণনা কৰি বিকি প্ৰসাদ গুপ্তাই কয় যে, ১৭ মাৰ্চত চিটী চেণ্ট্ৰেলৰ পৰা মালিগাঁও অভিমুখে মটৰ চাইকেলেৰে পত্নী আৰু শিশু সন্তানক লৈ গৈ থকা অৱস্থাত পল্টন বজাৰত ৬-৭জন আৰক্ষীয়ে বিনা কাৰণত প্ৰহাৰ কৰিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি বিকি প্ৰসাদ গুপ্তাই কয় যে, এনে ঘটনা আন কাৰোৰে লগত যাতে নহয়৷ সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিকি প্ৰসাদ গুপ্তাই এবাৰ জে’ললৈ যোৱাৰ কথা স্বীকাৰ কৰে৷ ইপিনে, স্বামী বিকি জে’লৰ পৰা মুকলি হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পত্নী পুনম দাস গুপ্তাই কয় যে– ‘মই আজিৰ দিনটোত আটাইতকৈ সুখী মহিলা৷’ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি পুনম দাস গুপ্তাই পল্টন বজাৰ থানাৰ যান-বাহন শাখাৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনায়৷ আনহাতে, বিকি প্ৰসাদ গুপ্তাই কেতিয়াও জে’ললৈ যোৱা নাই বুলি পত্নী পুনম দাসগুপ্তাই সাংবাদিকৰ আগত সদৰি কৰে৷ উল্লেখ্য, পল্টন বজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তদন্তকাৰী বিষয়াজনে আজি সো-শৰীৰে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হৈ নিজৰ দোষ স্বীকাৰ কৰি বিনা কাৰণত বিকি প্ৰসাদ গুপ্তাক জে’ললৈ পঠোৱা বুলি এখন লিখিত আবেদন জনায়৷ উক্ত আবেদনৰ ভিত্তিত আদালতে শুনানি গ্ৰহণ কৰি পি আৰ বণ্ডত বিকি প্ৰসাদ গুপ্তাৰ জামিন মঞ্জুৰ কৰে৷ তদুপৰি এই ঘটনাত জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি তদন্তকাৰী আৰক্ষী বিষয়াজনে আদালতত জানিবলৈ দিয়ে৷ ইতিমধ্যে আৰক্ষীয়ে প্তজন অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে চমন জাৰি কৰা বুলি আদালতত অৱগত কৰে৷ স্মৰ্তব্য যে, ১৭ মাৰ্চত মহানগৰীৰ পল্টন বজাৰত কণমানি সন্তান আৰু পত্নীৰ সন্মুখতে মটৰ চাইকেলত বহি থকা অৱস্থাত ৬-৭জনীয়া আৰক্ষীৰ দলে বিকি প্ৰসাদ গুপ্তাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল৷ এই ঘটনা কোনোবা এজন লোকে ম’বাইল ফোনত ভিডিঅ’কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল৷ এই ঘটনাই ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযুক্ত আৰক্ষীক শাস্তি দিয়াৰ লগতে বিকিক সন্মান সহকাৰে মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷ তদুপৰি ডিজিপি ভাস্কৰজ্যোতি মহন্তই অভিযুক্ত আৰক্ষীক শাস্তি দিয়াৰ লগতে বিকিক মুকলি কৰি দি তেওঁৰ ওচৰত মহানগৰ আৰক্ষীয়ে ক্ষমা বিচাৰিব বুলি ঘোষণা কৰিছিল৷ উল্লেখ্য, পল্টন বজাৰৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৩২৫/৩৫৩/৩৪১ নং ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰি বিকিক জে’ললৈ প্ৰেৰণ কৰিছিল৷