Logo
image

বাঘজানৰ পুনৰাবৃত্তিৰ আশংকা, টিমনা খাদৰ তেল বিয়পিছে বিস্তীৰ্ণ কৃষিভূমিলৈ

আমাৰ অসম, ২২ মাৰ্চঃ বাঘজানৰ দৰে ভয়ংকৰ ঘটনা পুনৰাবৃত্তি হোৱাৰ আশংকা এইবাৰ ডিব্ৰুগড়ত৷ অইলৰ তেল খাদৰ পৰা নিৰ্গমণ হোৱা ক্ৰুড অইলৰ পৰা যিকোনো সময়তে সংঘটিত হ’ব পাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা৷ অইল ইণ্ডিয়া লিমিটেডৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে ডিব্ৰুগড়ৰ টিমনাৰ তেল খাদত নিগৰ্মণ হৈছে ক্ৰুড অইল৷ ছাইৰ দৰে ক’লা হৈ পৰিছে পথাৰৰ নলাৰ পানী৷ আজি অঞ্চলটোৰ শ শ ৰাইজ তৈলখাদস্থলীলৈ ওলাই আহি অইল কতৃৰ্পক্ষৰ হেমাহীৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ স্থানীয় লোকে অভিযোগ কৰা মতে, ডিব্ৰুগড়ৰ বকুল মাজগাঁৱৰ নিকটৱৰ্তী অঞ্চল টিমনাৰ ডি আই বি জেৰ তৈল খাদটোৰ পৰা বিয়পিছে বিষাক্ত তেল৷ খাদটোৰ পৰা প্ৰায় এক কিলোমিটাৰ পৰ্যন্তলৈকে বিয়পি পৰা ক্ৰুড অইলে জনস্বাস্থ্যলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ ২০০৪ চনৰ পৰা তেল খাদটোৰ পৰা অইল ইণ্ডিয়া লিমিটেডে অসৰহভাৱে তেল আহৰণ কৰি আছে যদিও অইল কতৃৰ্পক্ষই অঞ্চলটোত প্ৰভাৱ পৰিব পৰা সমস্যাৰ সন্দৰ্ভত তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে, ইয়াৰ স্থানীয় ৰাইজে তেল নিৰ্গমণ হোৱা বিষয়টোৰ সন্দৰ্ভত অইল কতৃৰ্পক্ষক বহুবাৰ অভিযোগ দি আহিছে যদিও কাণসাৰ নিদিয়াৰ পৰিপ্ৰেক্ষিতত খাদটোৰ ক্ৰুড অইলে অঞ্চলটোৰ কৃষিভূমিলৈয়ো বিয়পিছে৷ ইফালে ক্ৰুড অইল মিহলি বিষাক্ত পানী সেৱন কৰাৰ ফলত পশু-পক্ষীকে আৰম্ভ কৰি পুখুৰীৰ মাছপৰ্যন্ত মৃত্যু হৈছে৷ বিষাক্ত অইলৰ প্ৰভাৱত শুকাইছে তামোল গছৰ পৰা আৰম্ভ কৰি বিভিন্ন আপুৰুগীয়া প্ৰজাতিৰ গছ৷ ইফালে অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি বিনষ্ট হৈছে বিষাক্ত অইলৰ প্ৰভাৱত৷ আনহাতে, বিষাক্ত অইলৰ প্ৰভাৱত প্ৰদূষিত হৈছে খোৱা পানী৷ শোধন কৰাৰ পাছতো তেলৰ গোন্ধ নিৰ্গমণ হয়৷ পাছত সেই পানী গৰম কৰিলে ঘোলা হৈ পৰে৷ এই বিষাক্ত তেলে এতিয়া অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ যিকোনো মুহূৰ্ততে বাঘজানত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ দৰে টিমনা তেল খাদতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ কাৰণ অঞ্চলটোৰ চৌদিশে বিয়পি পৰিছে কেৱল ক্ৰুড অইল৷ অইল ইণ্ডিয়া লিমিটেডে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত টিমনা তৈলখাদ অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে৷ বছৰ বছৰ ধৰি নিৰ্গমণ হোৱা বিষাক্ত অইলৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলটোৰ পৰিয়ালসকলক ক্ষতিপূৰণ প্ৰদান কৰিবলৈকো দাবী জনাইছে৷