Logo
image

নীলোৎপলৰ ভিডিঅ’ বাৰ্তাত গৰজি উঠিল বিজেপি সমৰ্থক

আমাৰ অসম, ২২ মাৰ্চঃ তৰ্ক-বিতৰ্ক, গালি-গালাজ দেশজুৰি আৰম্ভ হৈছিল দুসপ্তাহমান পূৰ্বেই৷  হিন্দী ছবিৰ আগশাৰীৰ অভিনেতা, বিজেপিৰ প্ৰাক্তন সাংসদ পৰেশ ৰাৱালে ‘দ্য কাশ্মীৰ ফাইলছ’ নামৰ ছবিখন সকলোৱে চোৱা উচিত বুলি টুইট কৰাৰ পাছৰ পৰাই ছবিখনক লৈ দেশবাসীৰ আকৰ্ষণ বৃদ্ধি পাইছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোাদীয়ে ছবিখন চাই পৰিচালক-অভিনেতাক সাক্ষাৎ কৰি সত্য উপস্থাপন কৰাৰ বাবে প্ৰশংসা কৰা আৰু এনেধৰণৰ ছবি যথেষ্ট পৰিমাণে নিৰ্মাণ কৰিব লাগে বুলি মন্তব্য দিয়াৰ সময়লৈ দেশৰ সকলোৱে ‘প্ৰকৃত সত্য’ নিজৰ নিজৰ ধৰণেৰে ভালদৰে বুজি উঠিছিল৷ তেতিয়াৰ পৰাই ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আৰম্ভ হ’ল ধুমুহা– বক্স অভিচৰ ভিতৰতো আৰু বক্স অফিচৰ বাহিৰতো৷ সমগ্ৰ দেশত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ধুমুহা এতিয়াও বক্স অফিচৰ বাহিৰে ভিতৰে অব্যাহত আছে আৰু সেই ধুমুহাই অৱশেষত ‘লেণ্ড অৱ লাহে লাহেৰ দেশ’ অসমকো স্পৰ্শ কৰিছে৷ পিছে উদ্বেগজনক বিষয় এয়াই যে, এই ধুমুহা সাধাৰণ দৰ্শক বা ছ’চিয়েল মিডিয়াৰ অবোধ নেটিজেনৰ মাজতে আৱদ্ধ হৈ থকা নাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে আৰম্ভ হোৱা ‘দ্য কাশ্মীৰ ফাইলছ’ৰ অসমৰ ধুমুহাই ৰাজনৈতিক দলক স্পৰ্শ কৰি এতিয়া শিল্পী সমাজকো খুন্দিয়াইছে আৰু আৰম্ভণিতেই ৰাজ্যৰ শিল্পী সমাজ দ্বিধাবিভক্ত হৈ পৰিছে৷ স্বাভাৱিকভাৱে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পক্ষত আছে ৰজাঘৰীয়া শিল্পী আৰু তেওঁলোকৰ সমৰ্থকো অগণিত৷ ছবিখনক লৈ বিৰোধী মন্তব্য  কৰা শিল্পীৰ সংখ্যা তেনেই নগণ্য আৰু যি কৰিছে, তেওঁক ছবিৰ সমৰ্থকসকলে বলিয়া কুকুৰে কামোৰাৰ দৰে বখলিয়াই পেলাইছে৷ অৱশ্যে ৰজাঘৰৰ ৰোষত পৰাৰ আশংকাত অসমৰ গৰিষ্ঠসংখ্যক শিল্পীয়ে ছবিখনক লৈ সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে৷ অনেকেই এতিয়াও ছবিখন চোৱা নাই বুলি মন্তব্য কৰিছে আৰু নোচোৱা ছবিক লৈ কোনোধৰণৰ বক্তব্য উপস্থাপন নকৰে বুলি জনাইছে৷ 
অসমৰ শিল্পীৰ প্ৰতিক্ৰিয়া হিচাপে প্ৰথমে এই ছবিখনক লৈ মন্তব্য কৰিছিল বলীউডৰ প্ৰতিষ্ঠিত অভিনেতা আদিল হুছেইনে৷ ছবিখন সন্দৰ্ভত আদিল হুছেইনে এটা টুইটত লিখিছিল–‘সত্য প্ৰকাশ কৰাটো নিঃসন্দেহে আৱশ্যকীয়৷ কিন্তু সেয়া নম্ৰভাৱে কোৱা প্ৰয়োজন৷ নহ’লে সত্য প্ৰকাশ কৰাৰ উদ্দেশ্য আৰু তাৰ সৌন্দৰ্য নষ্ট হয়৷ ফলত তাৰ প্ৰভাব প্ৰতিক্ৰিয়াশীল হয়, সমাজ প্ৰভাবিত নহয়৷ আমি নিশ্চিতভাৱে প্ৰতিক্ৰিয়াশীল সমাজৰ অৰ্থে ইন্ধন যোগাব নোৱাৰো৷ শিল্প কেতিয়াও প্ৰতিক্ৰিয়াশীল হোৱা উচিত নহয়৷’ আদিল হুছেইনক সেই টুইটৰ  প্ৰত্যুত্তৰত সমগ্ৰ দেশৰ অলেখ সমৰ্থকে কটু সমালোচনা কৰি তেওঁক মুছলমান বাবেই সন্ত্ৰাসবাদী বুলি অভিহিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ আদিল হুছেইনে ছবিখনৰ বিষয়বস্তু বা ছবিখনৰ কলাক লৈ অথবা নিৰ্মাণৰ ধৰণক লৈ কোনো মন্তব্য কৰা নাছিল৷ কিন্তু অসমৰ সংগীত শিল্পী নীলোৎপল বৰাই এই ছবিখন চোৱাৰ পাছত এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰি সমালোচনা কৰাৰ লগে লগে তেওঁক ছবিৰ সমৰ্থকে কুকুৰে কাইট নোখোৱাকৈ গালি পাৰিছে৷ আচলতে আক্ষৰিক অৰ্থতে নীলোৎপল বৰাৰ ওপৰত জপিয়াই পৰিছে অলেখ দেশভক্ত আৰু ছবিভক্ত৷ নীলোৎপল বৰাই তেওঁৰ ভিডিঅ’টোত কৈছিল– ছবিখনৰ নিৰ্মাণ অতি ‘ডাৰ্ক’ আৰু সীমাহীন হিংসাত্মক ঘটনাৰে ভৰা৷ ভাৰতত এনে বহু ‘ডাৰ্ক চেপ্টাৰ’ আছে৷ নেলীকাণ্ডই হওক বা গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ, তেনেবোৰ ঘটনাই দেশত কোনো এটা সময়ত অন্ধকাৰ যুগৰ সৃষ্টি কৰিছিল যদিও সেয়া কোনেও ছবি হিচাপে এনেদৰে তুলি ধৰা নাই৷ নীলোৎপল বৰাই কয়, তেওঁ এই ছবিখন চোৱাৰ পাছৰ পৰাই কেইবাদিনো ধৰি শুব পৰা নাই৷ মূলতঃ যিদৰে এই ছবিখনত ভায়’লেন্স প্ৰদৰ্শন কৰা হৈছে সেয়া তেওঁৰ মতে সমৰ্থনযোগ্য নহয়৷ এই ছবিখনে তেওঁৰ মনত নেতিবাচক চাপ পেলাইছে৷ এনেদৰে নেতিবাচক চাপ পেলাব পৰাকৈ ছবি এখন নিৰ্মাণ কৰা উচিত জানো বুলি তেওঁ প্ৰশ্ন কৰিছে৷ তেওঁ কৈছে যে এসময়ত পৰিয়ালৰ জ্যেষ্ঠজনে কাৰোবাৰ সৈতে কাজিয়া পেচাল কৰিলেও পৰৱৰ্তী প্ৰজন্মৰ মাজত কিন্তু সমিল-মিল আছে৷ এতিয়াৰ প্ৰজন্মৰ মানসিকতা ইতিবাচক৷ পুৰণি ঘাঁ তেওঁলোকে খুচৰি নাথাকে৷ সকলো ঘটনা পাহৰি  আজিৰ প্ৰজন্মই সমিল-মিলেৰে ইতিবাচকভাৱে আগবাঢ়ে৷ যিদৰে নেলী বা গুজৰাটৰ হত্যাকাণ্ডৰ বিষয়ে ভায়’লেন্সসৰ্বস্ব ছবি নিৰ্মাণ হোৱা নাই সেইদৰে এই ঘটনাক লৈও এনেদৰে অতিমাত্ৰা ভায়’লেন্স দেখুৱাই ছবি নিৰ্মাণ কৰা যুগুত নহয় বুলি তেওঁ মন্তব্য কৰে৷ 
ছ’চিয়েল মিডিয়াত সেই ভিডিঅ’টো আপলোড কৰাৰ পাছত নীলোৎপল বৰাক অগণন নেটিজেনে অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰিছে৷ নীলোৎপলক গালি-গালাজ কৰা সকলৰ মাজত আছে গোৱালপাৰাৰ মৃণালকান্তি মেধি নামৰ শিল্পীজনো৷ তেওঁ নীলোৎপলক কৈছে– তই বদৰৰ হ’বলগীয়া নতুন চিনেমাত সংগীতৰ কাম পোৱাটো খাটাং৷ হিৰ’ইন শিখা আৰু হিৰো অজিত৷ উল্লেখ্য এই গোৱালপাৰাৰ শিল্পীজনে নিজে ছবিখনৰ সপক্ষে এটা ফেচবুক প’ষ্ট দি ছবিখনৰ জৰিয়তে কোন কোন কংগ্ৰেছী, বাওঁপন্থী, আৰৱী আৰু ৰাষ্ট˜ বিৰোধী হিচাপে চিহ্নিত কৰা সহজ বুলি মন্তব্য কৰিছে৷ তেওঁ আনকি আদিল হুছেইনৰ দৰে বিখ্যাত অভিনেতাক গোৱালপাৰাৰ শিল্পী বুলিহে মন্তব্য কৰিছে৷ ইপিনে নীলোৎপল বৰাৰ ফেচবুক প’ষ্টত অনেকেই তেওঁক বীভৎস ভাষাৰে গালি-গালাজ কৰি তেওঁৰ ফোন নম্বৰো আপলোড কৰি দিছে যাতে কোনো দেশভক্তই নীলোৎপলক পোনপটীয়াকৈ ভাবুকি দিব পাৰে৷ ইপিনে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ সীমান্ত শেখৰে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ ছ’চিয়েল মিডিয়াত একাধিক প’ষ্ট দিছে৷ স্বাভাৱিকতে তেওঁ ‘আদত চে মজবুৰ’– সেয়ে তেওঁ ছবিখনৰ সপক্ষেই মন্তব্য কৰিছে৷  পিছে নেটিজেনসকলে সীমান্ত শেখৰকো এৰি দিয়া নাই৷ বহুতেই সুধিছে– তুমি যে বলীউডৰ ছবি এখনক লৈ এনেদৰে বিজ্ঞাপন দিবলৈ আৰম্ভ কৰিছা, অসমৰ ছবিক লৈ কিডাল কৰিছা? তোমাৰ কাম হৈছে অসমৰ ছবিৰ উন্নয়ন সাধন কৰা৷ পাৰিলে সেই কামত লাগা৷ কাশ্মীৰি পণ্ডিতৰ দুখ-দুৰ্দশাক লৈ ঘঁৰিয়ালৰ চকুপানী টুকি লাভ নাই৷