Logo
image

জিলা এৰিব নোৱাৰিব চৰকাৰী চাকৰিয়ালে

উপায়ুক্তৰ অনুমতি নোলোৱাকৈ

আমাৰ অসম,২৩মাৰ্চঃ এখন জিলাৰ পৰা আন এখন জিলাত চাকৰি থকাসকল সাৱধান হ’বৰ হ’ল৷ এতিয়াৰে পৰা নিজৰ ইচ্ছা অনুসৰি এখন জিলাত থাকি আন এখন জিলাত চাকৰি কৰিব নোৱাৰিব৷ উপায়ুক্ত বা মহকুমাধিপতিৰ অনুমতি অবিহনে নিজে কৰ্মৰত জিলা এৰিব নোৱাৰিব চৰকাৰী চাকৰিয়ালে৷ ধৰা পৰিব ভিডিঅ’ত৷ অৰ্থাৎ কোনো কৰ্মচাৰীয়ে কৰ্মৰত জিলা পাৰ হ’ব নোৱাৰিব৷ এনে কৰিলে যিকোনো মুহূৰ্তত তেওঁৰ নিলম্বন হ’ব৷– এই সাৱধানবাণী মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ মঙলবাৰে অসম বিধানসভাত সদস্যৰ সময় প্ৰসংগত দিয়া উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়– এখন জিলাত চাকৰি কৰি অন্য এখন জিলাত থকাটো নীতিৰ বাহিৰত৷ এজন কৰ্মচাৰীয়ে নিজৰ কৰ্মৰত জিলাৰ বাহিৰে আন জিলাত বজাৰ কৰি থকাৰ ভিডিঅ’এটা পালেই তেওঁক নিলম্বন কৰিবলৈ যথেষ্ট৷ কৰ্তব্যৰত কৰ্মচাৰীয়ে জিলা এৰি আন জিলাত থকা যিকোনো ভিডিঅ’পালে হ’ব নিলম্বন৷ সকলো চাকৰিয়ালৰ বাবে ঘৰলৈ যোৱাটো উৎসৱৰ দৰে হ’ব লাগে৷ ঘৰৰ পৰা আন জিলালৈ গৈ চাকৰি কৰাৰ প্ৰৱণতাই কৰ্মচাৰীজনক তেওঁৰ কৰ্তব্যৰ প্ৰতি দায়িত্বশীল কৰি নোতোলে৷ আমি এতিয়াৰে পৰা ৰাজ্যখনৰ জিলা পৰ্যায়ত উন্নয়ন কৰাৰ চেষ্টা কৰিম৷ সমষ্টি পৰ্যায়ত নহয়৷ কিয়নো নীতি আয়োগৰ সূচাংক জিলা পৰ্যায়ত পৰ্যালোচনাৰ জৰিয়তেহে হয়, সমষ্টি পৰ্যায়ত নহয়৷ ৰাজ্যৰ প্ৰত্যেকটো সমষ্টিত একোখন আদৰ্শ বিদ্যালয় স্থাপন হ’ব লাগে৷ পূৰ্বে আদৰ্শ বিদ্যালয় স্থাপনক কিছু লোকে সমালোচনা কৰিছিল৷ সংখ্যালঘূ এলেকাত শিক্ষাৰ প্ৰসাৰ কৰিব লাগে, কলেজ স্থাপন কৰিব লাগে৷