Logo
image

৬০ কিলোমিটাৰৰ কম ব্যৱধানত দুখন টোলগেট নিষিদ্ধ

আমাৰ অসম, ২৩মাৰ্চঃ ৬০ কিলোমিটাৰৰ ভিতৰত থাকিব নোৱাৰিব দুখন টোলগেট৷ টোলগেটৰ কাষৰীয়া স্থানীয় লোকে আধাৰ-কাৰ্ডৰ ভিত্তিত লাভ কৰিব বিশেষ টোল ৰেহাই পাছ৷’–মঙলবাৰে লোকসভাত এই ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ সংসদত গাডকাৰীয়ে কয়–‘দেশত ৬০ কিলোমিটাৰৰ ভিতৰত বহু স্থানত দুখনকৈ টোলগেট আছে৷ এই টোলগেটসমূহ তিনিমাহৰ ভিতৰত বন্ধ কৰি দিয়া হ’ব৷ চৰকাৰে এনে টোলগেটসমূহৰ পৰা ৰাজহ লাভ কৰে যদিও সাধাৰণ মানুহ ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়৷’ইপিনে, টোলগেটৰ কাষৰীয়া স্থানীয় লোকে টোল কৰ দিব নালাগে বুলি ঘোষণা কৰি গাডকাৰীয়ে কয় যে আধাৰ-কাৰ্ডৰ ঠিকনাৰ ভিত্তিতে স্থানীয় লোকসকলক টোল কতৃৰ্পক্ষই প্ৰদান কৰিব পাছ৷ স্থানীয় লোকক টোল বিচাৰি হাৰাশাস্তি কৰিব নোৱাৰিব টোল কতৃৰ্পক্ষই৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে সোণাপুৰৰ নাজিৰাখাটৰ টোলগেটত স্থানীয় লোকক টোল পাছ নিদিয়াক কেন্দ্ৰ কৰি শেহতীয়াকৈ টোল কতৃৰ্পক্ষৰে এক প্ৰকাৰ খণ্ডযুদ্ধৰ সৃষ্টি হৈছিল স্থানীয় লোকৰ৷ কেন্দ্ৰীয় পথ পৰিবহণমন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণাই স্থানীয় লোকক সকাহ দিব বুলি আশা কৰা হৈছে যদিও স্থানীয় লোকৰ ক্ষেত্ৰত প্ৰযোজ্য টোলগেটৰ পৰিধি পূৰ্বৰ ২০ কিলোমিটাৰৰ পৰা ১০ কিলোমিটাৰলৈ হ্ৰাস কৰা বুলিও অভিযোগ উঠিছে৷ ইফালে সোণাপুৰ আৰু ৰহাৰ টোলগেটৰ মাজৰ ব্যৱধান ৬৭ কিলোমিটাৰ হোৱাত মাত্ৰ ৭ কিলোমিটাৰৰ বাবেই গাডকাৰীয়ে বন্ধ কৰিব খোজা টোলগেটৰ তালিকাত এই দুখন টোলগেট নপৰাটো একপ্ৰকাৰে নিশ্চিত হৈছে বুলি জানিব পৰা গৈছে৷