Logo
image

চৰকাৰী চাকৰি এৰি কিয় দলে দলে যুৱক-যুৱতী আলফালৈ

আমাৰ অসম,২৩মাৰ্চঃ যুদ্ধবিৰতিৰ মাজতে আলফাত যোগদান প্ৰক্ৰিয়া অব্যাহত আছে৷ চৰকাৰী চাকৰি এৰি দলে দলে কিয় যুৱক-যুৱতী আলফাত যোগদান কৰিছে সেই লৈ ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে৷ আলফা নেতা আইছেং অসমৰ তত্বাৱধানত বিগত ছেপ্টেম্বৰ মাহৰ পৰা ২২ মাৰ্চলৈকে আৰক্ষী, কৃষি বিভাগৰ কৰ্মচাৰী, খেলুৱৈসহ ২২০জনৰো অধিক যুৱক-যুৱতী আলফাত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে৷ এইবাৰ গুৱাহাটীৰ নাৰেংগীৰ উদয়গিৰিৰ যুগল শৰ্মাসহ প্তজন যুৱক নিষিদ্ধঘোষিত আলফাত যোগদান কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে ৫জন যুৱক অসম সীমা অতিক্ৰম কৰি ম্যানমাৰ সীমান্ত পাৰ হৈ আলফা শিবিৰত উপস্থিত হোৱাৰ তথ্য কতৃৰ্ত্বশীল এটা সূত্ৰই সদৰি কৰে৷ আজি দুপৰীয়া আলফা শিবিৰত উপস্থিত হোৱা যুৱক ৫জন হৈছে বৰপেটাৰ ধনজিৎ দাস, বাগ্‌সাৰ উদ্ধৱ দাস, তামুলপুৰৰ কুমাৰীকাটাৰ নিৰঞ্জন ডেকা, গুৱাহাটীৰ নাৰেংগীৰ উদয়গিৰিৰ যুগল শৰ্মা আৰু যোৰহাটৰ নিমাতিৰ অংকুৰ দাস৷ আলফা নেতা আইছেং অসমে এই প্তজন যুৱকক তদাৰক কৰি আছে৷ ইতিমধ্যে ম্যানমাৰৰ আলফা শিবিৰত জানুৱাৰী মাহৰ পৰা ধাৰাবাহিকভাৱে প্ৰশিক্ষণ চলি আছে৷ প্ৰথমটো গোটৰ প্ৰশিক্ষণ ইতিমধ্যে শেষ হৈছে যদিও দ্বিতীয়টো গোটৰ প্ৰশিক্ষণ লোৱাৰ উদ্দেশ্যে এই প্তজনীয়া যুৱকৰ দলটো আলফা শিবিৰত উপস্থিত হৈছে৷ উল্লেখ্য,২০মাৰ্চত আলফাই এক বিবৃতিযোগে আলফাত যুৱক-যুৱতীয়ে যোগদান কৰিয়েই থাকিব বুলি কোৱাৰ লগতে কোনো ভয়-ভাবুকিয়ে আলফামুখী যুৱক-যুৱতীৰ চিন্তা ৰুদ্ধ কৰিব নোৱাৰে বুলি প্ৰত্যাহ্বান জনাইছিল৷ বিবৃতিযোগে দিয়া প্ৰত্যাহ্বানৰ দুদিনৰ ভিতৰতে পুনৰ আলফাত যোগদানৰ বাবে পাঁচজন যুৱক ম্যানমাৰত উপস্থিত হোৱা ঘটনাই আলফা স্বাধীনৰ সাংগঠনিক তৎপৰতা বৃদ্ধি হোৱাটোকে প্ৰমাণ কৰিছে৷ উল্লেখ্য, যোৱা ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উজানবজাৰ খাৰঘূলীৰ সৰস্বতী দাস আৰু ৰুমী ডেকাই আলফাত যোগদান কৰিছিল৷ ইয়াৰ পূৰ্বে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ নেতৃত্বত ৪গৰাকী যুৱতী আলফাত যোগদান কৰাত ৰাজ্যত হৈ চৈ আৰম্ভ হৈছিল৷ মূলতঃ আলফা স্বাধীনত প্ৰতিদিনে যোগদান প্ৰক্ৰিয়া অব্যাহত আছে৷