Logo
image

লক্ষ্য ১২০ আৰু ১১০ টকা! পেট্ৰ’ল-ডিজেলৰ দৌৰ আৰম্ভ

২ দিনত পেট্ৰ’লৰ মূল্যবৃদ্ধি ১.৬৮, ডিজেলৰ ১.৪৯ টকা

আমাৰ অসম, ২৪মাৰ্চঃ সুদীৰ্ঘ চাৰে চাৰি মাহৰ পাছত পুনৰ আৰম্ভ হ’ল পেট্ৰ’ল, ডিজেলৰ মূল্যবৃদ্ধিৰ দৌৰ৷ অপেক্ষা আছিল মাথোঁ উত্তৰ প্ৰদেশকে ধৰি দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল৷ এক কথাত ক’বলৈ গ’লে– নিৰ্বাচন গ’ল, পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মিটাৰ ঘূৰা আৰম্ভ হ’ল৷ বুধবাৰে পুনৰ পেট্ৰ’লত ৮৮ পইচা আৰু ডিজেলত ৬৯ পইচা বৃদ্ধি পালে৷ যোৱা ২৪ ঘণ্টাত পেট্ৰ’লৰ দাম ১.৬৮ টকা আৰু ডিজেলৰ দাম ১.৪৯ টকা বৃদ্ধি পালে৷ ইয়াৰ ফলত গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৫.৯০ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮১.১৯ টকা হৈছেগৈ৷ ইয়াৰ বিপৰীতে ডিমা হাচাওত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯৭.৭২ টকা, ধেমাজিত ৯৭.১৩ টকা, মাজুলীত ৯৮.০৪ টকা হৈছে৷ সমান্তৰালভাৱে বিশ্বনাথত প্ৰতি লিটাৰ ডিজেলৰ দাম ৮৩.১৭ টকা, ধেমাজিত ৮৩.২৪ টকা, ধুবুৰীত ৮২.৫৮ টকা, ডিমা হাচাওত ৮৩.৯৫ টকা হয় বুধবাৰে৷ যদিহে এই ধাৰা নিৰবধি প্ৰতিদিনে অব্যাহত থাকে তেন্তে খুব সোনকালেই পেট্ৰ’লৰ দাম ১২০ টকা আৰু ডিজেলৰ দাম ১১০ টকা পৰ্যন্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে উত্তৰ প্ৰদেশ, পঞ্জাব, মণিপুৰ, উত্তৰাখণ্ড আৰু গোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে পুনৰ দেশত পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছৰ দাম বৃদ্ধি পাব বুলি চৰ্চা চলিছিল৷ নিৰ্বাচনৰ ফলাফল নোলাওতেই তেল কোম্পানীসমূহে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০৫ টকালৈ বৃদ্ধি কৰিছিল৷ ইয়াৰ ফলত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যই দুই হাজাৰৰ সীমা অতিক্ৰম কৰিছিল৷ অৱশেষত সুদীৰ্ঘ ১৩৭ দিনৰ অন্তত মঙলবাৰে তেল কোম্পানীসমূহে প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ৫০ টকা, প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত ৮০ পইচা বৃদ্ধি কৰে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি তথা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই যেন পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সপক্ষে অন্যতম কাৰক হৈ দেখা দিলে৷ এইখিনিতে প্ৰশ্ন উঠিছে– কিমান টকালৈ বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ দাম? ১৫-২০ টকা, কিমান বাঢ়িব পেট্ৰ’ল-ডিজেলৰ  দাম– এই সন্দৰ্ভত দিল্লী পেট্ৰ’লিয়াম এছ’চিয়েশ্বনৰ প্ৰাক্তন সভাপতি নিচ্ছল সিং ঘানীয়াই আশংকা কৰে যে প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত ২০-২৫ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে দাম৷  ইয়াৰ যুক্তি তেওঁ দাঙি ধৰিছে এনেদৰে– ‘২০১৩-১৪ চনত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১১০ ডলাৰৰ আশে-পাশে আছিল৷ তেতিয়াৰ পৰিস্থিতি আৰু এতিয়াৰ পৰিস্থিতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ তেতিয়া প্ৰতিলিটাৰ পেট্ৰ’লত কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুক্ল আছিল ৯  টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ আবকাৰী শুক্ল আছিল ৩.৫ টকা৷  আজি প্ৰতি লিটাৰ পেট্ৰ’লত কেন্দ্ৰীয় আবকাৰী শুক্ল ২৮ টকা আৰু ডিজেলত ২১.৮০ টকা আৰোপিত হৈ আছে৷ সেই হিচাপে ২০১৩-১৪ চনৰ তুলনাত পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুক্ল কেন্দ্ৰীয় চৰকাৰে ১৮-১৯ টকা পৰ্যন্ত বৃদ্ধি কৰিলে৷  যোৱা ৪ নৱেম্বৰৰ পৰা আজিলৈকে পেট্ৰ’ল-ডিজেলৰ মূল্যৰ কোনো সাল-সলনি হোৱা নাই৷ চ্ছ্ৰ নৱেম্বৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত আছিল ৮২ ডলাৰ৷ ৮২ ডলাৰৰ পৰা এতিয়া প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম প্ৰায় ১১৬ টকা হ’লগৈ৷ অৰ্থাৎ প্ৰতি বেৰেল তেলৰ দাম নৱেম্বৰৰ তুলনাত ৩৪ ডলাৰ বৃদ্ধি পালে৷  ডলাৰৰ মূল্য টকাৰ সৈতে তুলনা কৰিলে সেই হিচাপে প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলৰ দাম ২৫ টকালৈ বৃদ্ধি হ’ব পাৰে৷ অৱশ্যে এই মূল্য নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ হাতত বিকল্প আছে৷ সেয়া হৈছে কেন্দ্ৰীয় আবকাৰী শুক্ল হ্ৰাস কৰা৷  কিয়নো ২০১৩-১৪ তুলনাত ১৮ পৰা ১৯ টকা আবকাৰী শুক্ল বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ তুলনাত ৰাজ্য চৰকাৰসমূহে পেট্ৰ’লত আৰোপ কৰা ভেট ৫১ পৰা ৬ টকাহে বৃদ্ধি কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত  পেট্ৰ’লৰ দামৰ হ্ৰাস-বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনত এক প্ৰাইচমেকামিজিম বলৱৎ কৰিছিল৷ এই প্ৰাইচমেকামিজিম অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালে গ্ৰাহকৰো পেট্ৰ’লৰ দাম হ্ৰাস পাব৷ কিন্তু এনে হোৱা আমি নেদেখিলো৷ ২০২০ চনৰ মাৰ্চ মাহত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ২০ ডলাৰলৈ নামিছিল৷ কিন্তু ইয়াৰ পাছতো গ্ৰাহকক কেন্দ্ৰীয় চৰকাৰে কোনো সকাহ দিয়া নাছিল, বৰঞ্চ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় আবকাৰী শুক্ল বৃদ্ধিহে কৰিছিল৷ ডেইলী প্ৰাইচমেকামিজিম প্ৰকৃত অৰ্থত ৰূপায়ণ হোৱা হ’লে গ্ৰাহকসকলে দুৰ্ভোগ ভুগিবলগীয়া নহ’লহেঁতেন৷ এতিয়া কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি পোৱাৰ অজুহাতত পুনৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিবলৈ তৎপৰ হৈছে৷’প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰুছ-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত থাকিলে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম আৰু ঊদ্ধৰ্গামী হোৱাৰ সম্ভাৱনা আছে৷ যুদ্ধ কোনোমতে স্থগিত হ’লেও অহা তিনিমাহলৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলে খাৰুৱা তেলৰ দাম ১০০ ডলাৰ তললৈ অহাৰ সম্ভাৱনা নাই৷ ইফালে কেন্দ্ৰীয় চৰকাৰে যি বাজেট প্ৰস্তুত কৰিছে সেই বাজেটত আগন্তুক বৰ্ষৰ বাবে প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ৭৫ ডলাৰৰ আশে-পাশে থাকিব বুলি ধাৰণা কৰিছিল৷ কিন্তু ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই সকলো ওলট-পালট লগাই দিলে৷ ইফালে জিডিপিৰ সৈতেও খাৰুৱা তেলৰ মূল্যৰ সম্পৰ্ক আছে৷ প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১০ শতাংশ বৃদ্ধিৰ ফলত জিডিপি ০.২ শতাংশলৈ হ্ৰাস পাব পাৰে৷