Logo
image

বাতিল হৈ যাব পাৰে সোণাপুৰ, ডবকা টোলগেট

গাডকাৰিৰ ঘোষণাৰ পাছত বৈধ-অবৈধ চৰ্চা

আমাৰ অসম, ২৪মাৰ্চঃ বন্ধ বা বাতিল হৈ যাব পাৰে অসমৰ সোণাপুৰ আৰু ডবকাৰ টোলগেট৷ একে সময়তে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতি ৬০ কিলোমিটাৰ দূৰত্বত ইখনৰ পাছত সিখন টোলগেট স্থাপন কৰা হ’ব পাৰে, যাৰ ফলত যান-বাহনৰ গৰাকী সৰ্বস্বান্ত হ’ব৷ এয়া কোনো কল্পনা আৰু অভিযোগ নহয়, বৰং লোকসভাত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰা ঘোষণাৰ সাৰাংশহে৷ মঙলবাৰে লোকসভাত কেন্দ্ৰীয় পৰিবহণমন্ত্ৰী নীতিন গাডকাৰীয়ে টোলগেট সম্পৰ্কীয় ঘোষণাত কৈছিল যে, দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত যিমান টোলগেট আছে, সেইসমূহৰ ভিতৰত ৬০ কিলোমিটাৰ বা তাতকৈ কম দূৰত্বত স্থাপন কৰা টোলগেটসমূহ বন্ধ বা বাতিল কৰা হ’ব৷ নৰেন্দ্ৰ মোদী চৰকাৰে ৰাষ্ট্ৰীয় পথ পৰিবহণ আইন উলংঘা কৰি দেশত জধেমধে টোলগেট স্থাপন কৰা বুলি দীৰ্ঘদিনৰ পৰা অভিযোগ উঠি আহিছিল৷ কেন্দ্ৰীয় পৰিবহণমন্ত্ৰী নীতিন গাডকাৰীয়ে অৱশেষত মোদী চৰকাৰৰ সেই আইন উলংঘাকাৰী ভুল মানি ল’লে আৰু ৬০ কিলোমিটাৰৰ ভিতৰত থকা টোলগেটসমূহ ৩ মাহৰ ভিতৰত বন্ধ কৰিব বুলি সদনত ঘোষণা কৰিলে৷ সেই ঘোষণা কাৰ্যকৰী হ’লে অসমৰ ডবকা আৰু সোণাপুৰৰ নাজিৰাখাটত থকা দুয়োখন টোলগেট বন্ধ কৰিব লাগিব৷ কিয়নো এই দুয়োখন টোলগেটৰ পৰা নিকটৱৰ্তী বৰ্ণিহাট আৰু ৰহাৰ টোলগেটৰ দূৰত্ব ৬০ কিলোমিটাৰতকৈ কম৷ তদুপৰি ৰঙিয়াৰ সমীপৰ মদনপুৰত থকা টোলগেটৰ পৰা বৰ্ণিহাটৰ টোলগেটলৈ দূৰত্ব ৫৮ কিলোমিটাৰ৷ সেই দিশৰ পৰা মদনপুৰ টোলগেটো নীতিন গাডকাৰীৰ ঘোষণা অনুসৰি বন্ধ হ’ব লাগে৷ নৰেন্দ্ৰ মোদী চৰকাৰে ইমানদিনে যান-বাহনৰ পৰা অবৈধভাৱে অসমৰ এই তিনিখন টোলগেটৰ জৰিয়তে শ শ কোটি টকা সংগ্ৰহ কৰি থকাটো গাডকাৰীৰ ঘোষণাতে ধৰা পৰিছে৷ উল্লেখ্য, সোণাপুৰৰ নাজিৰাখাট টোলগেটৰ পৰা বৰ্ণিহাটৰ টোলগেটলৈ দূৰত্ব মুঠেই ২৫ কিলোমিটাৰ, ৰহাৰ টোলগেটৰ পৰা ডবকাৰ টোলগেটলৈ দূৰত্ব মাথোঁ ২২ কিলোমিটাৰ৷ ইমান কম দূৰত্বত দুখন টোলগেট স্থাপন কৰি ইমানদিনে কেন্দ্ৰীয় চৰকাৰে যে ৰাইজৰ পৰা ডকাইতৰ দৰে কৰ সংগ্ৰহ কৰিছে সেয়া গাডকাৰীৰ বক্তব্যত উন্মোচিত হৈছে৷ মঙলবাৰে লোকসভাত সেই কথা স্বীকাৰ কৰি নীতিন গাডকাৰীয়ে কয় যে, ইমান দিনে টকা আহি আছিল বাবেই চৰকাৰে ৬০ কিলোমিটাৰৰ ভিতৰত থকা টোলগেট বন্ধ কৰা নাছিল৷ এইবাৰ চৰকাৰে জনগণৰ দীৰ্ঘদিনীয়া দাবী মানি লৈ ৬০ কিলোমিটাৰৰ ভিতৰত থকা টোলগেটসমূহ বন্ধ বা বাতিল কৰিব৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণাই আন এক তাৎপৰ্য বহন কৰাৰ লগতে নতুন আশংকাৰো সৃষ্টি কৰিছে৷ গাডকাৰীয়ে কৈছে, ৬০ কিলোমিটাৰৰ ভিতৰত থকা দেশৰ সকলো টোলগেট বন্ধ কৰিব৷ ইয়াৰ অন্যাৰ্থ এয়াও হ’ব পাৰে, ৬০ কিলোমিটাৰতকৈ অধিক দূৰত্বত চৰকাৰে পুনৰ অন্যান্য টোলগেট স্থাপন কৰিব৷ যদিহে সেয়া হয়, তেন্তে জনসাধাৰণ সৰ্বস্বান্ত হ’ব লাগিব৷ অসমত এতিয়া ১০খন টোলগেট আছে আৰু দীঘলীয়া পথ অতিক্ৰম কৰা যাত্ৰী, বাছ আৰু ট্ৰাকে এটা যাত্ৰাতে টোলগেটত কেইবাশ টকাৰ কৰ ভৰিব লাগে৷ তেনেক্ষেত্ৰত যদিহে চৰকাৰে ৬০ কিলোমিটাৰতকৈ অধিক দূৰত্বত পুনৰ নতুন নতুন টোলগেট স্থাপন কৰে তেতিয়া অসমত ইঠাইৰ পৰা সিঠাইলৈ যোৱাৰ খৰচ অস্বাভাৱিকভাৱে ব্যয়বহুল হৈ পৰিব৷ এনেয়ো মোদী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰে জনসাধাৰণৰ গতি ৰোধ কৰি দিছে৷ টোলগেটৰ সংখ্যা বৃদ্ধি পালে সাধাৰণ যাত্ৰীয়ে গাড়ী লৈ অহা-যোৱা বন্ধ কৰিব লাগিব৷ ইয়াৰ ফলত বাছ বা ৰাজহুৱা পৰিবহণৰ যান-বাহনেও যাত্ৰীৰ পৰা অধিক ভাৰা ল’ব আৰু সামগ্ৰী কঢ়িওৱা ট্ৰাকে বৃদ্ধি কৰা পৰিবহণ ভাৰাৰ খৰচ ব্যৱসায়ীয়ে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি পুনৰ জনসাধাৰণৰ পৰাই আদায় কৰিব৷ অৰ্থাৎ সকলো দিশৰ পৰাই মোদী চৰকাৰৰ কৰ সংগ্ৰহৰ বলি হ’ব সাধাৰণ জনতা৷ উল্লেখ্য, এতিয়াও চৰকাৰে পথৰ ক্ষেত্ৰত দুটা দিশৰ পৰা জনগণৰ ওপৰত কৰ জাপি দিছে৷ এটা হৈছে পৰোক্ষ আৰু আনটো প্ৰত্যক্ষ কৰ৷ পৰোক্ষ কৰ হিচাপে পেট্ৰ’ল, ডিজেল ইত্যাদি বিভিন্ন ক্ষেত্ৰত পথ উন্নয়ন আৰু নিৰ্মাণৰ বাবে চৰকাৰে কৰ সংগ্ৰহ কৰি আছে৷ আনহাতে, পথ উন্নয়নৰ বাবে টোলগেটৰ জৰিয়তে জনগণৰ পৰা প্ৰত্যক্ষ কৰ সংগ্ৰহ কৰি আছে৷ কোনো স্বাধীন দেশত নিজৰ চৰকাৰে এনেদৰে একেটা ক্ষেত্ৰতে দুটাকৈ কৰ সংগ্ৰহ কৰাটো চৰম অন্যায়৷ কিন্তু বিজেপি চৰকাৰে পৰাধীন দেশৰ নাগৰিকৰ পৰা কৰ সংগ্ৰহ কৰাৰ দৰে পথ নিৰ্মাণ-উন্নয়নৰ ক্ষেত্ৰত দুটাকৈ কৰৰ বোজা জনগণৰ ওপৰত জাপি দিছে৷ তদুপৰি টোলগেটৰ মূল ধাৰণাটো আছিল– পথ নিৰ্মাণত হোৱা ব্যয় কৰৰ জৰিয়তে সম্পূৰ্ণ আদায় হ’লে টোলগেটখন বন্ধ কৰি দিয়া হয় বা হ’ব৷ আনহাতে, পথ উন্নয়নৰ বাবে চৰকাৰে পৰোক্ষভাৱে বিভিন্ন সামগ্ৰীত প্ৰতিকৰ আৰোপ কৰি ৰাজহ সংগ্ৰহ কৰি থাকিব৷ কিন্তু মোদী চৰকাৰে টোলগেটৰ ক্ষেত্ৰত থকা সেই বুনিয়াদী ধাৰণাটো বন্ধ কৰি বছৰ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে কৰ সংগ্ৰহ কৰি আছে৷ কৰৰ এনে বোজা দখল কৰি লোৱা দেশৰ ক্ষেত্ৰতহে মানিব পাৰি, স্বাধীন দেশত নিজৰ চৰকাৰৰ পৰা মানি লোৱা টান আৰু এয়া চৰকাৰে জনগণৰ ওপৰত কৰা চৰম অন্যায়৷