Logo
image

কোন পথে যাব কাজিৰঙাৰ প্ৰাণীকুল? কেবিনেটৰ সিদ্ধান্ত

আমাৰ অসম, ২৪মাৰ্চঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখলমুক্ত কৰাক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় উদ্যানৰ এলেকাৰ নিৰ্বাচিত কিছুমান ঠাইত এক্সেভেটৰ-জেচিবি চলিছে অথচ মন্ত্ৰী-ভিআইপিৰ দখলকৃত ভূমি ৰৈ গৈছে উচ্ছেদ নোহোৱাকৈ৷ এনে সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ বুধবাৰে অসম কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত মতে কাজিৰঙাৰ কিছু অঞ্চলক ইক’ছেনছিটিভ জ’নৰূপে চিনাক্ত কৰাৰ সিদ্ধান্ত কৰা হৈছে৷ কাজিৰঙা ইক’ছেনছিটিভ জ’নৰ অন্তৰ্গত ৭ টা অঞ্চলক সুৰক্ষিত অঞ্চলৰূপে ঘোষণা কৰা হৈছে৷ কাজিৰঙাৰ চাৰিটা অঞ্চল ৰিজাৰ্ভ ফৰেষ্টৰূপে ঘোষণা কৰা হৈছে৷ কাজিৰঙাৰ ৯টা এনিমেল ক’ৰিডৰৰূপে চিনাক্ত কৰা হৈছে৷ কাজিৰঙা ৰক্ষাৰ বাবে এই বিশেষ পদক্ষেপ লৈছে চৰকাৰে৷ ১০ কিলোমিটাৰ দূৰত্বত ইক’ছেনছেটিভ জ’ন ঘোষণা কৰা হৈছে৷ ইক’ছেনছেটিভ জ’নৰ অধীনত সাতটা সুৰক্ষিত স্থান ঘোষণা কৰা হৈছে৷ ১১টা সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত ৯টা জন্তু অহা যোৱা বাট ঘোষণা কৰা হৈছে৷ ইক’ছেনছেটিভ জ’নৰ অধীনত কোনো নিৰ্মাণকাৰ্য সম্ভৱ নহয়৷ কেএনপি টাইগাৰ ৰিজাৰ্ভ, বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য, গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য, নামবৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্য, পূব কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্য, উত্তৰ কাৰ্বি আংলং বন্যপ্ৰাণী অভয়াৰণ্যক সুৰক্ষিত স্থান ঘোষণা কৰা হৈছে৷ ১১টা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থাকিব হাইপাহাৰ ডিচি, কলোনি, বাগচেৰ, কামাখ্যা পাহাৰ, কুকৰাকাটা, ভুমাৰাগুৰি, উত্তৰ ডিজু, দক্ষিণ ডিজু, পানবাৰী সংৰক্ষিত বনাঞ্চল৷ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত ৯ টা এনিমেল ক’ৰিডৰ ঘোষণা কৰা হৈছে৷ উদ্যোগ বিভাগে ৩৭৫ কোটি টকাৰে দুটা কাগজ কল ক্ৰয় কৰিব৷ ধন প্ৰদান অনুমতি কেবিনেটৰ৷ তিনি চাৰিমাহৰ ভিতৰত বকেয়া পাব কৰ্মচাৰীসকলে৷ কাছাৰ আৰু জাগীৰোড পেপাৰ মিল সন্দৰ্ভত নতুন সিদ্ধান্ত৷ অহা ৩-৪ মাহৰ ভিতৰত পাবলগীয়া বকেয়া আদায় দিব৷ মিলৰ সকলো সম্পত্তিৰ অধিকাৰী হ’ব অসম চৰকাৰ৷ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্বন লেমিটেডৰ হাফলঙৰ লীজহোল্ড ভূমি, নগাঁও কাগজ কল, কাছাৰ কাগজ কলৰ সকলো সম্পত্তি অধিগ্ৰহণৰ হেতু নিবিদাত অংশগ্ৰহণৰ বাবে ৩৭৫ কোটি টকাৰ বিত্তীয় অনুমোদন জনায় কেবিনেটে৷ এই সিদ্ধান্তই অসমত হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্বন লিমিটেডৰ কৰ্মচাৰীৰ প্ৰায় ৰ,১০০ পৰিয়ালক লাভান্বিত কৰিব৷ অসম ধ্ৰুপদী প্ৰতিষ্ঠান [সংস্কৃত আৰু পালি-প্ৰাকৃত] [প্ৰাদেশিকীকৰণ] আইন, ১৯৯৬, অসম ৰাজ্যিক উচ্ছ শিক্ষা পৰিষদ আইন ২০১৭, অসম অপ্ৰাদেশিকীকৃত সংস্কৃত আৰু পালি শিক্ষানুষ্ঠান [সেৱাৰ প্ৰাদেশিকীকৰণ] আইন ২০১২ আৰু উদ্যোগসমূহলৈ অসম সাহায্য [ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগ] আইন, ১৯৫৫ বাতিলত অনুমোদন জনায় কেবিনেটে৷ আনহাতে, অসম দুৰ্ভিক্ষ সাহায্য আৰু বীমা পুঁজি [বাতিল] বিধেয়ক ২০২২ আৰু দ্য আছাম কনছলিডেশ্বন অৱ হোল্ডিংছ [বাতিল] বিধেয়ক, ২০২২ প্ৰৱৰ্তনত অনুমোদন জনায় কেবিনেটে৷ তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণী আইন, ২০২১ত অনুৰূপ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি আয়োগৰ ধাৰা ১০১ উপ-ধাৰা [৪] সংশোধনৰ বাবে এখন বিধেয়ক ৰখাৰ প্ৰস্তাৱত অনুমোদন জনায়৷ অসম তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ অনুৰূপ পদৰ বাবে প্ৰত্যক্ষ নিযুক্তি নিয়ম, ২০২২১ নিয়ম ৯[১] [iv] আৰু নিয়ম ৯[২][v]ৰ সংশোধনত অনুমোদন জনোৱা হয়৷ তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি আয়োগৰ খালী পদৰ বিৱৰণ, সংৰক্ষণ, অৰ্হতা, বয়সৰ সীমা, পে বেণ্ড আৰু গ্ৰেড আৰু সম্পৰ্কিত তথ্য মূল্যাংকন কৰাৰ প্ৰয়োজন নহ’ব৷ মূল্যাংকনৰ দায়িত্ব কতৃৰ্পক্ষ আৰু সংশ্লিষ্ট প্ৰশাসনিক বিভাগৰ ওপৰত থাকিব৷ এই ব্যৱস্থাই সময়সীমাৰ ভিতৰত নিৰৱচ্ছিন্ন নিযুক্তিৰ প্ৰক্ৰিয়াটো অধিক সৰল কৰিব৷ চৰকাৰী কৰ্মচাৰীৰ সুবিধাৰ্থে ভৱিষ্যনিধি নিয়মৰ সংশোধন অসম চৰকাৰে ১৫ মাৰ্চত গ্ৰহণ কৰা এক কেবিনেট সিদ্ধান্তযোগে ভৱিষ্যনিধি [অসম সেৱা] বিধি ১৯৩৭১ নিয়মৰ সংশোধন কৰি সাধাৰণ ভৱিষ্যনিধিৰ [জিপিএফ] অগ্ৰিম ধন লাভ কৰাৰ ক্ষেত্ৰত থকা জটিলতা দূৰ কৰিছে৷ সেইমৰ্মে এতিয়াৰে পৰা সাধাৰণ ভৱিষ্যনিধিৰ অগ্ৰিম ধনৰ অনুমোদনৰ বাবে অনুমোদন কতৃৰ্পক্ষ হ’ব কাৰ্যালয়ৰ মুৰব্বী৷ আনহাতে, য’ত নিৰ্দিষ্ট কোনো কাৰ্যালয়ৰ মুৰব্বী নাই, এই অগ্ৰিম ধন বিভাগীয় মুৰব্বীয়ে অনুমোদন জনাব৷ এই ব্যৱস্থাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ চিকিৎসা, শিক্ষা, সন্তানৰ বিবাহ, ঘৰ নিৰ্মাণ আদিৰ বাবে তাৎক্ষণিকভাৱে ধনৰ প্ৰয়োজন হ’লে ভৱিষ্যনিধিৰ অগ্ৰিম ধন লাভ কৰাৰ ক্ষেত্ৰত এতিয়া আৰু কোনো অসুবিধা নহয়৷