Logo
image

শিক্ষকৰ বিক্ষোভ, ছাত্ৰৰ বৈঠক

ৰাজপথত নানামিবলৈ পুনৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ২৫মাৰ্চঃ ৰাজ্যৰ পাহাৰে-ভৈয়ামে, চৰে-চাপৰিয়ে সেৱা আগবঢ়াই মৃতপ্ৰায় চৰকাৰী বিদ্যালয়সমূহক উজ্জীৱিত কৰি তোলা অসমৰ হাজাৰ হাজাৰ টে’ট শিক্ষকৰ প্ৰচণ্ড খং-ক্ষোভৰ আজি বহিঃপ্ৰকাশ ঘটিল৷ কাৰ্যতঃ মমৰ দৰে গলি গলি নীৰৱে সমাজত পোহৰ বিলোৱা  শিক্ষকৰ অৱশেষত যেন ক্ষোভৰ বিস্ফোৰণহে ঘটিল৷ ২০২০ বৰ্ষৰ পহিলা জুলাইত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাযোগে ৰাজ্যৰ ঠিকাভিত্তিক  টে’ট শিক্ষকসকলৰ  চাকৰিৰ ম্যাদ ৬০ বছৰলৈ বৃদ্ধি কৰাৰ লগতে নিয়মীয়া শিক্ষকৰ সমহাৰত দৰমহা প্ৰদান, সকলো বেংক-ঋণৰ সুবিধা, ৫লাখ পৰ্যন্ত মেডিকেল ৰিম্বাৰ্ছমেণ্টৰ সুবিধা প্ৰদান আদিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু কাৰ্যক্ষেত্ৰত সি আজিও হৈ নুঠিল৷ তাৰ পৰিৱৰ্তে দৰমহা, মৰগীয়া বানচ আদিৰ ক্ষেত্ৰত দেখা দিলে এক বৃহৎ পাৰ্থক্যই৷ প্ৰাপ্যৰ দাবীত মন্ত্ৰী, চৰকাৰক সহস্ৰবাৰ আবেদন-নিবেদন জনোৱাৰ পাছতো কোনো ফল নধৰাত অৱশেষত আজি যুদ্ধংদেহী হৈ পৰিল  শিক্ষক সমাজ৷ ৰাজ্যৰ অৰং-দৰঙৰ পৰা অহা প্ৰায় কুৰি হাজাৰ টেট শিক্ষকে আজি গুৱাহাটী কঁপাই গ্ৰহণ কৰিলে ‘গুৰুগৰ্জন’কাৰ্যসূচী৷ কাহিলিপাৰাৰ ৰাজপথ কপাই শিক্ষাগুৰুৱে দিলে ব্ৰজ নিনাদ–‘ইউ ৱাণ্ট জাষ্টিছ, সম কামৰ সম মৰ্যাদা৷’শ শ আৰক্ষীৰ দুৰ্ভেদ্য বেষ্টনীকো কেৰেপ নকৰি চৰকাৰ-প্ৰশাসনক এক প্ৰকাৰে বান্ধি দিলে চৰ্ত পূৰণৰ অন্তিম সময়সীমা৷ মাত্ৰ ৩১ মে’লৈকে অপেক্ষা কৰিব শিক্ষক সমাজে৷ ইয়াৰ পাছতো যদি শিক্ষকৰ সমস্যাৰ সমাধান নহয় তেন্তে পুনৰ এপ্ৰিলৰ পহিলাত ইয়াতকৈও অধিক প্ৰৱলভাৱে ৰাজপথ কঁপাবলৈ আহিব ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষক সমাজ৷ উল্লেখ্য, অসমৰ বিভন্ন জিলাত কৰ্মৰত প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষকে আজি অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত চাকৰি নিয়মীয়াকৰণ, সমহাৰত দৰমহা, বকেয়া ধন আদিৰ দাবীত আকাশ বতাহ মুখৰিত কৰি তোলে৷ এই আন্দোলন কাৰ্যসূচীত যোগ দিয়াৰ বাবে বিভিন্ন জিলাৰ পৰা পুৱাৰে পৰা যুৱক-যুৱতী, বিবাহিত পুৰুষ, মহিলা শিক্ষকৰ সোঁত বয়৷ একাংশ শিক্ষকে গণেশগুৰি আৰু আন একাংশই লালগণেশ হৈ আন্দোলন স্থলীৰফালে পদপথেৰে যোৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও বাধা নেওচি তেওঁলোক কাহিলীপাৰাৰ সৰ্বশিক্ষাৰ মিছন কাৰ্যালয়ৰ ৰাজপথত উপস্থিত হয়৷ আৰক্ষীয়ে বেহু বান্ধি আন্দোলন কৰিবলৈ অহা শিক্ষকসকলক চচললৈ নিয়াৰ বাবে চেষ্টা কৰে যদিও শিক্ষকৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাত সেয়া সম্ভৱ হৈ নুঠিল৷ ইয়াৰ মাজতে  এগৰাকী পুৰুষ আৰক্ষীয়ে এগৰাকী মহিলা টে’ট শিক্ষয়িত্ৰীক হাতত ধৰি টানি গাড়ীত উঠাই বলপূৰ্বক চচলৈ নিবলৈ চেষ্টা কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ আৰক্ষীৰ এই কাণ্ডত উত্তেজিত হৈ পৰে সমবেত টে’ট শিক্ষকসমাজ৷ প্ৰায় তিনিঘণ্টা জুৰি চলা আন্দোলনত কাহিলীপাৰাৰ বাটপথ অচল হৈ পৰে৷ পথাচাৰী, যানবাহন আৰোহী, চালকে যাতায়াতৰ সময়ত বাৰুকৈয়ে জীয়াতুভুগিবলগীয়া হয়৷ আন্দোলনৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰাৰ সময়তে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত সচিব প্ৰীতম শইকীয়া ঘটনাস্থলীত উপস্থিত হয়৷ টেট্‌ শিক্ষকৰ ছয় দফীয়া দাবী সম্বলিত স্মাৰক-পত্ৰ এখন টেট্‌ শিক্ষক সমাজে তেওঁৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ শইকীয়াই উক্ত সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়াত টেট্‌ শিক্ষকসকলে আন্দোলন স্থগিত ৰাখে৷ আন্দোলনস্থলীত সদৌ অসম প্ৰাথমিক টেট্‌ উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদক মিৰাজুল ৰছিদ, দীপাৰ্ণব ঘোষে কয়– অসমৰ বিভিন্ন জিলাত কৰ্মৰত প্ৰাথমিক টেট্‌ উত্তীৰ্ণ প্ৰায় চল্লিশ হাজাৰ ঠিকাভিত্তিক [সৰ্বশিক্ষা আৰু ষ্টেটপুল] শিক্ষক দীৰ্ঘদিন ধৰি প্ৰাপ্য বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ ইতিমধ্যে জীৱনৰ সুদীৰ্ঘ প্ৰায় দহবছৰ কাল শিক্ষকতাৰ সেৱাত নিয়োজিত থাকি তথা ২০১৩ চনৰ পৰা আৰ.অ.পি অনুসৰি দৰমহা লাভ কৰিও বৰ্তমানে এইসকল শিক্ষক বঞ্চিত হৈ আছে৷ সমস্যাসমূহ সমাধানৰ বাবে বিভিন্ন পৰ্যায়ত প্ৰতিশ্ৰুতি তথা বিভিন্ন চৰকাৰী সিদ্ধান্ত লোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তাৰ বাস্তৱ ৰূপায়ণ দেখা নগ’ল৷ ২০১৭ চনৰ পৰা সপ্তম দৰমহা আয়োগৰ অধীনত সৰ্বশিক্ষাৰ অন্তৰ্গত টেট্‌ শিক্ষকক দৰমহা প্ৰদানৰ বিভাগীয় নিৰ্দেশনা তথা ২০২০ বৰ্ষৰ ৰ জুলাই তাৰিখৰ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ ৰাজ্যপালৰ নিৰ্দেশনাত উল্লেখ থকা সকলো কথা অৱমাননা কৰি স্বাভাৱিকতে শিক্ষকসকলক বিদ্ৰোহী কৰি তুলিছে চৰকাৰে৷’

কাহিলীপাৰাত প্ৰতিবাদ কৰা শিক্ষকক আবদ্ধ কৰি থলে চচলৰ ধৰ্ণাস্থলীত বিধানসভা বাজেট অধিবেশনৰ চলি থকাৰ মাজতে আজি বিভিন্ন দল সংগঠনৰ বিক্ষোভত উত্তাল হৈ পৰে চচলৰ ধৰ্ণাস্থলী৷  ন্যায্য প্ৰাপ্তিৰ দাবীত তথা শিক্ষা বিভাগৰ প্ৰতাৰণাৰ বিৰুদ্ধে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী সকলে বিভিন্ন শ্লোগান দি ধৰ্ণা স্থলী উত্তাল কৰি তোলে৷ উলেক্ষ্য যে, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আজি কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যলয় ঘেৰাও কৰিছিল৷ আৰক্ষীয়ে প্ৰতিবাদী শিক্ষক সকলক কাহিলীপাৰাৰ পৰা আটক কৰি চচলৰ ধৰ্ণা স্থলীত আবদ্ধ কৰি ৰাখে৷ ধৰ্ণাস্থলীতো প্ৰতিবাদী সকলে বিভিন্ন চৰকাৰ বিৰোধী তথা ন্যাৰ্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ ইপিনে শ্ৰমিকৰ ৮০ কোটি টকা আত্মসাত কৰা দুটা ব্যক্তিগত প্ৰতিষ্ঠানক বেকলিষ্ট কৰা আৰু দুৰ্নীতিগ্ৰস্থ বিষয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবীত সদৌ অসম কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ উদ্যোগত চচলৰ ধৰ্ণা স্থলীত প্ৰতিবাদ সাব্যস্ত কৰে৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সদৌ অসম কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ, অস শ্ৰম বিভাগৰ অধীনস্থ Assam Building and other Construction Welfare Board Training Project, Pilot Project PHASE-I Ajitaaksh Ventures Pvt. Gargo Institute Technology নামৰ প্ৰতিষ্ঠান দুটাই ৰাজ্যৰ নিবনুৱা শ্ৰমিকৰ প্ৰশিক্ষণৰ বাবে কোটি টকাৰ দুৰ্নীতিৰ তদন্ত বিচাৰিছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ ভাৰতৰ Skill India অভিলাষী আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰূপায়িত শ্ৰমিকৰ দক্ষতা বিকাশৰ নামত অসম চৰকাৰৰ শ্ৰম আৰু উন্নয়ন দ্বাৰা ৰূপায়িত হৈ থকা উপৰোক্ত অভিলাষী আঁচনিখনৰ ৰূপায়ণ ক্ষেত্ৰত ভূৱা হিতাধিকাৰী সৃষ্টি কৰাৰ লগতে হাজাৰ হাজাৰ শ্ৰমিকক প্ৰশিক্ষণৰ নামত অনুমোদিত মজুৰি প্ৰদান নকৰি কৌশলেৰে চৰকাৰৰ ৰাজকোষৰ পৰা ৮০ কোটি টকা কাৰ্য ৰূপায়ণৰ নামত লুণ্ঠন কৰিছে৷ অসমৰ বহু সংগঠনে বিষয়টো পোন প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ কৰিছিল আৰু আৰক্ষী থানাত এই সন্দৰ্ভত ভোক্তভোগী শ্ৰমিকে গোচৰ ৰুজু কৰিছিল৷ এইখিনিতে উল্লেখনীয় যে, দুৰ্নীতি শূন্য সহনশীল নীতিৰে বিকাশৰ কথা কোৱা অসম চৰকাৰে এই বিয়াগোম দুৰ্নীতিত এতিয়ালৈকে তদন্ত নকৰাটো অতি লজ্জাজনক বিষয়৷ বে-চৰকাৰী প্ৰতিষ্ঠানৰ হাতত যদি চৰকাৰী বিষয়া আৰু চৰকাৰী বিভাগসমূহ দুৰ্নীতি কৰে তেনেহ’লে সাধাৰণ শ্ৰমিকে ন্যায় পাব কৰ পৰা? এই প্ৰতিষ্ঠান বিলাকৰ মালিকে নিজকে চৰকাৰী পক্ষৰ বিধায়কৰ লগত ঘনিষ্ঠ দেখুৱাই এনে ভয়ানক লুণ্ঠন কৰাটো অতি দুৰ্ভাগ্যজনক৷ গতিকে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে ২৫ হাজাৰ শ্ৰমিকৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ নামত অহা ধন লুণ্ঠন কৰা প্ৰতিষ্ঠান দুটাক ব্লেকলিষ্টে কৰাৰ লগতে যি সকল চৰকাৰী বিষয়-বৰমুৰীয়া জড়িত আছে তেওঁলোকৰ বিৰোদ্ধে তাৎক্ষণিক ব্যবস্থা লোৱাৰ দাবী জনায়৷ যদিহে তিনিদিনৰ ভিতৰত অসম চৰকাৰে এই বিয়াগোম কেলেংকাৰীৰ বিৰোদ্ধে কোনো ব্যৱস্থা নকৰে তেতিয়াহলে অনিৰ্দিষ্টকালীন Assam Building and other Construction Welfare Bordৰ কাৰ্যালয়ৰ সন্মুখত ২৫ হাজাৰ শ্ৰমিকৰ সহযোগত অনিৰ্দিষ্টকালীন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি হুংকাৰ দিয়ে৷

নিজৰ প্ৰাপ্য অধিকাৰ আদায়ৰ দাবীত ঠিকাভিত্তিক টেট শিক্ষকসকলে গ্ৰহণ কৰা গণতান্ত্ৰিক আন্দোলনক অসম আৰক্ষীয়ে বলপূৰ্বকভাৱে দমন কৰা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন [ডিৱাইএফআই]ৰ অসম ৰাজ্যিক কমিটিয়ে ধিক্কাৰ জনাইছে আৰু এয়া চৰকাৰৰ অগণতান্ত্ৰিক, স্বৈৰাচাৰী আচৰণ বুলি অভিহিত কৰিছে৷ ডিৱাইএফআইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি লোকনাথ অধিকাৰী আৰু সম্পাদক নয়ন ভূঞাই চৰকাৰক দাবী জনাই কয়– শিক্ষকসকলৰ দাবীক পূৰ্ণ সমৰ্থন জনাই চৰ্তহীনভাবে চাকৰি নিয়মীয়া কৰা আৰু দীৰ্ঘদিনৰ বকেয়া শীঘ্ৰে আদায় দিয়ক৷ শিক্ষকসকলৰ দাবী অতি যুক্তিপূৰ্ণ আৰু ন্যায়সংগত৷ বিজেপি চৰকাৰ গঠন হ’লে প্ৰথম কেবিনেটতে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰিম বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়া ড॰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া চাকৰি নিয়মীয়া কৰাৰ দাবীক অস্বীকাৰ কৰিব বিচাৰিছে৷ শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ বিষয়টোৰ লগত ৰাজ্যখনৰ শিক্ষাৰ বিকাশৰ প্ৰশ্নটো জড়িত হৈ আছে৷ শিক্ষকসকলে অনিশ্চিত ভৱিষ্যত লৈ এই কাম সম্ভৱ কৰিব নোৱাৰে৷ ডিৱাইএফআইয়ে শিক্ষকসকলৰ পক্ষত ঠিয় হ’বলৈ সকলোকে আহ্বান জনাইছে৷

ন্যায্যপ্ৰাপ্তিৰ দাবীত চল্লিছ হাজাৰোধিক টেট শিক্ষকে আজি গুৱাহাটীত যি অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰিলে তালৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ইয়ং আসাম[ শিক্ষা বচাওক, সংস্থাপন বচাওক]ৰ আহ্বায়ক সমিতিয়ে৷ মঞ্চৰ অন্যতম আহ্বায়ক কৃষ্ণ গগৈ, মনোজ সিংহ ৰাজা আৰু সুব্ৰত তালুকদাৰে এক প্ৰেছ বিবৃতিযোগে জনায় যে,‘‘চৰকাৰে টেট শিক্ষকসকলক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে৷ ইতিমধ্যে কেইবাবাৰো চৰকাৰী নটিফিকেচনৰ দ্বাৰা ঠিকাভিত্তিক টেট শিক্ষকসকলক অন্যান্য চৰকাৰী চাকৰিসমূহৰ দৰেই সা-সুবিধা প্ৰদান কৰা কথা কৈছিল, কিন্তু সেয়া বাস্তৱত ৰূপায়ণ নহ’ল৷ ২০২১ চনৰ নিৰ্বাচনত প্ৰতিশ্ৰুতি প্ৰদান কৰি ঠিকাভিত্তিক টেট শিক্ষকসকলক নিয়মীয়া কৰাৰ কথা কৈছিল যদিও চৰকাৰে সেয়াও পালন নকৰিলে৷ উপায়হীন হৈ টেট শিক্ষকসকলে প্ৰতিবাদ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক আন্দোলন কৰাৰ পৰা বিৰত থাকিব কৈছে কিন্তু মুখ্যমন্ত্ৰীৰ এই মন্তব্য টেট শিক্ষকসকলৰ দাবীৰ প্ৰতি ঠাট্টাসূচক প্ৰতিক্ৰিয়া৷ ইয়ং আসামৰ আহ্বায়ক সমিতিয়ে টেট শিক্ষকৰ আন্দোলনৰ ওপৰত আৰক্ষী বাহিনীৰ আতিশয্যক গণতন্ত্ৰৰ ওপৰত আক্ৰমণ হিচাপে অভিহিত কৰিছে৷ সংগঠনটোৱে কয় ন্যায্য আন্দোলনৰ ওপৰত আৰক্ষী বাহিনীৰ হস্তক্ষেপে হিমন্ত বিশ্ব চৰকাৰৰ স্বৈৰতান্ত্ৰিক শাসনৰ হে উদাহৰণ সৃষ্টি কৰিলে৷

বিশ্বনাথৰ গড়েহাগী গাঁৱৰ এজন টেট উত্তীৰ্ণ যুৱকৰ আজি পুৱা নিজ ঘৰতে চিপ লৈ আত্মহনন কৰা ঘটনাই সমগ্ৰ বিশ্বনাথতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিশ্বনাথৰ গড়েহাগী গাঁৱৰ বিতুমণি বৰা নামৰ যুৱকজনৰ এই কাণ্ড কোনো লোকে সহজভাৱে ল’ব পৰা নাই৷ গাঁওখনত সুনাম থকা তথা শিক্ষিত যুৱক আনকি ভাগৱত ব্যাখ্যা কৰা যুৱকজনে গ্ৰহণ কৰা চৰম সিদ্ধান্তই সকলোকে হতবাক কৰি তুলিছে৷ যুৱকজন কিছুদিন পূৰ্বে হাইস্কুল টেট পৰীক্ষা আৰু এম ই টেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল৷ মে’মাহত বৰপেটা অথবা নগাঁৱত টেট শিক্ষক হিচাপে যোগদানৰ সম্ভাৱনা আছিল যুৱকজনৰ৷ কিন্তু কিহৰ বাবে যুৱকজনে এনে চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল, সকলোৰে বাবে এক সাঁথৰ হৈ ৰ’ল৷ উল্লেখ্য যে, আজি পুৱা যুৱকজনৰ ঘৰত পিতৃ-মাতৃ নথকা অৱস্থাত এই ঘটনা সংঘটিত কৰে যুৱকজনে৷