Logo
image

অস্তিত্বহীন অসম চুক্তিক লৈ পুনৰ চৰকাৰৰে আলোচনা আছু নেতৃত্বৰ

আমাৰ অসম, ২৫মাৰ্চঃ প্ৰাপ্যৰ দাবীত ৰাজ্যৰ হাজাৰ হাজাৰ টেট শিক্ষকে গুৱাহাটী কঁপাই গণবিক্ষোভৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে অন্যতম ছাত্ৰ সংগঠন আছুক দেখা গ’ল অন্য এটা ৰূপত৷ কাহিলিপাৰাত শিক্ষক সমাজৰ ‘গুৰুগৰ্জন’কাৰ্যসূচী চলি থকাৰ সময়তে খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত অস্তিত্বহীন অসম চুক্তিক লৈ পুনৰ চৰকাৰে তৃতীয়লানি আলোচনাত বহিল আছু নেতৃত্ব৷ অস্তিত্বহীন অসম চুক্তিক লৈ পুনৰ যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি, ছয় নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদনক একপ্ৰকাৰে ধোৱা চাঙত থাপিলে সেই সময়তে চৰকাৰৰে আলোচনা কৰি ওলাই আহি আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই ক’লে–‘সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম চুক্তি ৰূপায়ণৰ বাবে তিনিমন্ত্ৰী ক্ৰমে অতুল বৰা, অজন্তা নেওগ আৰু পীয়ূষ হাজৰিকাৰ লগতে আছুক লৈ এখন কমিটী গঠন কৰি দিছে৷ সেই কমিটীৰ আজি তৃতীয়লানি বৈঠক অনুষ্ঠিত হ’ল৷ আজিৰ বৈঠকত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ সন্দৰ্ভত আলোচনা হয়৷ ৬নং দফা ৰূপায়ণৰ বাবে সময়মতে প্ৰতিবেদন দাখিল কৰিছে বি কে শৰ্মা কমিটীয়ে৷ এই প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব চৰকাৰে৷ খিলঞ্জীয়া মানুহৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব৷ ইতিমধ্যে অসম চুক্তিৰ ৫ দফাৰ সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হৈছে৷ আমি স্পষ্ট কৰিছোঁ যে ‘কা’এতিয়াও মানি নলওঁ৷ সমস্যা সমাধানৰ বাবেই অব্যাহত আছে আলোচনা৷ ৰাজপথত দিয়া শ্লোগান আৰু আলোচনাত দিয়া যুক্তিৰে সমস্যাৰ সমাধান হ’ব লাগিব৷’ইফালে, আলোচনাৰ অন্তত মন্ত্ৰী অতুল বৰাই কয়–‘যোগাত্মক দিশেৰে আগবাঢ়িছে আলোচনা৷ অধিক আলোচনাৰ প্ৰয়োজন আছে৷ যথাসম্ভৱ শীঘ্ৰে মুখ্যমন্ত্ৰীক দাখিল কৰা হ’ব অসম চুক্তিৰ ৰূপায়ণ কমিটীৰ প্ৰতিবেদন৷’আনহাতে, আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে অসম আৰু খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়িত হ’বই লাগিব৷ ইফালে, এনআৰচিৰ পাইলট প্ৰকল্পৰ সময়ত বৰপেটাৰ ডিচি কাৰ্যালয়ত কোনে জুই দিছিল বুলি মন্তব্য কৰি আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে বাংলাদেশীমুক্ত এখন এনআৰচি আমাক লাগিব৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ নমনাৰ বাবেই ত্ৰুটিপূৰ্ণ হ’ল এনআৰচি৷ ইফালে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তিনিমন্ত্ৰী ক্ৰমে পীয়ূষ হাজৰিকা, অতুল বৰা আৰু যোগেন মহনে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যৰ কেইবাটাও ছাত্ৰ সংগঠনৰ সৈতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু আধাৰ কাৰ্ড প্ৰদান সম্পৰ্কে এক বৈঠকত মিলিত হয়৷ খচৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত নথকাৰ বাবে একাংশ খিলঞ্জীয়া লোকে আধাৰ কাৰ্ড উপলব্ধ কৰিব নোৱাৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাত তেওঁলোকক এনে সমস্যাৰ পৰা উদ্ধাৰ পাবলৈ সকলো লোককে আধাৰ পঞ্জীয়ন কৰিব পৰাকৈ উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ ক্ষেত্ৰত সকলো দল-সংগঠনে চৰকাৰৰ সিদ্ধান্তক সমৰ্থন জনাইছে৷ আধাৰ কাৰ্ড নাগৰিকত্বৰ আধাৰ হ’ব নোৱাৰে, যদি পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত কোনো ব্যক্তিৰ নাম নাথাকে তেন্তে তেনে ব্যক্তিৰ আধাৰ কৰ্তন কৰিবলৈও চৰকাৰে উচ্ছতম ন্যায়ালয়ত দাখিল কৰিব লগা শপতনামাত উল্লেখ থাকিব বুলি আজিৰ সভাতে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ অসম চুক্তি ৰূপায়ণ বিভাগৰ সন্মানীয় মন্ত্ৰী অতুল বৰাৰ পৌৰোহিত্যত আয়োজিত এই বৈঠকত গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠী, গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে৷