Logo
image

ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞাৰ বিৰূপ প্ৰভাৱ অসমৰ চাহ ৰপ্তানিত

আমাৰ অসম, ২৫ মাৰ্চঃ ‘ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ বাবে আমেৰিকাই ৰাছিয়াৰ ওপৰত আৰোপ কৰা অৰ্থনৈতিক নিষেধাজ্ঞা আৰু ইৰাণৰ ওপৰত আমেৰিকাই জাৰি কৰি থোৱা অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ ফলত অসম তথা ভাৰতৰ চাহ ৰপ্তানিৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছে৷ এই গতি অব্যাহত থাকিলে আৰু যদিহে ৰাছিয়াৰ ওপৰত প্ৰতিবন্ধকতা অব্যাহত থাকে তেন্তে  অসম তথা ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত ক্ষতিৰ পৰিমাণ বাঢ়ি যাব৷– ভাৰতীয় চাহ সন্থাৰ অসম শাখাৰ [এবিটা]-ৰ যোৰহাটস্থ কাৰ্যালয়ত বুধবাৰে সন্ধিয়া আয়োজিত এক সংবাদমেলত ভাৰতীয় চাহ সন্থাৰ চেয়াৰমেন নয়নতৰা পাল চৌধুৰী আৰু উপাধ্যক্ষ অতুল আস্থানাই এই কথা ব্যক্ত কৰে৷ তেওঁলোকে কয় যে ৰাছিয়াৰ ওপৰত প্ৰতিবন্ধকতাৰ বাবে এক্সপৰ্ট ক্ৰেডিট গেৰাণ্টি কৰ্পৰেশ্যন [ই চি জি চি]-এ ৰাছিয়ালৈ ৰপ্তানি কৰা সমাগ্ৰীৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত চাহৰ ৰপ্তানিৰ ক্ষেত্ৰতপ্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, এবিটাৰ ১৩১সংখ্যক বছৰেকীয়া সাধাৰণ সভাত অংশ গ্ৰহণ কৰাৰ পিছত আয়োজিত  সংবাদ মেলত ভাৰতৰ আগশাৰীৰ চাহ খেতিয়কৰ সংগঠনটোৰ নেতাকেইজনে কয় যে ৰাছিয়া হৈছে ভাৰতৰ চাহৰ আটাইতকৈ অন্যতম বৃহৎ ক্ৰেতা দেশ৷ দেশখনে ২০১৯ বৰ্ষত ৪৫.৮৩ নিযুত কিলোগ্ৰাম চাহ ক্ৰয় কৰাৰ লগতে চুবুৰীয়া আনখন দেশ ইউক্ৰেইনে ৩.২৫ নিযুত কিলোগ্ৰাম চাহ ক্ৰয় কৰে৷ কিন্তু ২০২০ চনত কৰ’না মহামাৰীৰ বাবে এই পৰিমাণ ৩৭.৫৫ নিযুত কিলোগ্ৰামলৈ হ্ৰাস পায়৷ ইফালে ইৰাণ হ’ল মধ্য প্ৰাচ্যৰ আন এক বৃহৎ ক্ৰেতা দেশ, যিখনে ২০১৯ বৰ্ষত ৫৫ নিযুত কিলোগ্ৰাম ক্ৰয় কৰিছিল৷ কিন্তু দেশখনৰ বিৰুদ্ধে আমেৰিকাই অৰ্থনৈতিক প্ৰতিবন্ধতাৰ সৃষ্টি কৰাত আৰু আমেৰিকান ডলাৰৰ জৰিয়তে দেশখনৰ লগত লেনদেন বন্ধ হোৱাত দেশখনলৈ ২০২১ বৰ্ষত মাত্ৰ ২৩ নিযুত কিলোগ্ৰাম চাহপাত ১৫ানি কৰিবলৈ সক্ষম হয়৷ ইফালে প্ৰতিকুল বতৰৰ বাবে দেশৰ চাহ উৎপাদন প্ৰায় ২০ শতাংশ হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁলোকে কয় যে ২০১৯ বৰ্ষত ভাৰতত ১৩৯০ নিযুত কিলোগ্ৰাম চাহ উৎপাদন হোৱাৰ বিপৰীতে ২০২১ বৰ্ষত ১৩২৯ নিযুত কিলোগ্ৰাম চাহহে উৎপাদন হয়৷ ভাৰতৰ চাহ উৎপাদনত ক্ষুদ্ৰ চাহ খেতিয়কৰ অংশ তীব্ৰ গতিত বৃদ্ধি পোৱা বুলি উল্লেখ কৰি বিশিষ্ট চাহ খেতিয়ক কেইজনে কয় যে দেশত ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা ৮৮ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে বৃহৎ চাহ উদ্যোগীৰ সংখ্যা ১৫ শতাংশ হ্ৰাস পাইছে৷ সংবাদ মেলত আইটিএৰ নেতাকেইজনে চাহ উদ্যোগৰ বাবে অসম চৰকাৰে আগবঢ়োৱা আন্তঃগাঁথনিমূলক সাহায্যৰ বাবে ভূয়সী প্ৰশংসা কৰি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়৷ সংবাদ মেলত টাইৰ সচিব অৰিজিৎ ৰাভা, এবিটাৰ অধ্যক্ষ দেবেন্দু সিং, সচিব অভিজিৎ শৰ্মা আৰু সহকাৰী সচিব দেৱাশীষ চক্ৰৱৰ্তীও উপস্থিত থাকে৷