Logo
image

নিৰ্দেশকৰ আপত্তি সত্ত্বেও ‘কাশ্মীৰ ফাইল্‌ছ’দেখুৱাব বিজেপিয়ে

আমাৰ অসম, ২৫মাৰ্চঃ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আহ্বান আৰু আপত্তি উপেক্ষা কৰি এইবাৰ অসমতো সাম্প্ৰতিক সময়ৰ বহু বিতৰ্কিত ছবি ‘দ্য কাশ্মীৰ ফাইল্‌ছ’ৰ বিশেষ প্ৰদৰ্শনী আয়োজন কৰা হৈছে৷ অসমৰ নলবাৰী জিলাত নলবাৰী সদৰ সমষ্টিৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ দ্বাৰা নলবাৰী নাট্য মন্দিৰত বৃহস্পতিবাৰৰ পৰা একেৰাহে ৭ দিন ধৰি দিনে তিনিটাকৈ শ্ব’আয়োজন কৰি ‘দ্য কাশ্মীৰ ফাইল্‌ছ’প্ৰদৰ্শন আৰম্ভ হৈছে৷ ইয়াৰ পূৰ্বে হাৰিয়ানাৰ পঞ্চনদ জিলাৰ ৰেৱাৰীত বিজেপিৰ জিলা সভাপতি কেশৱ চৌধুৰীৰ উদ্যোগত আৰু বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰৰ পৃষ্ঠপোষকতাত যোৱা ২০ মাৰ্চত ‘দ্য কাশ্মীৰ ফাইল্‌ছ’এদিনৰ বাবে বিনামূলীয়াকৈ প্ৰদৰ্শন কৰাৰ বিষয়টোত তীব্ৰ বিৰোধিতা কৰিছিল পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে৷ তেওঁ আনকি এনেদৰে ছবি প্ৰদৰ্শন কৰাটো ফৌজদাৰী অপৰাধ বুলিও মন্তব্য কৰিছিল৷ হাৰিয়ানাৰ বিজেপি দলৰ আৰু চৰকাৰৰ উদ্যোগত ‘দ্য কাশ্মীৰ ফাইল্‌ছ’প্ৰদৰ্শন কৰাটো বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰলৈ আহ্বান জনাই পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে টুইটাৰত লিখিছিল–‘সাৱধানঃ দ্য কাশ্মীৰ ফাইল্‌ছ ছবিখন এনেদৰে মুকলি আৰু বিনামূলীয়াকৈ প্ৰদৰ্শন কৰাটো ফৌজদাৰী অপৰাধ৷ শ্ৰদ্ধাৰ মনোহৰ খাট্টাৰজী, মই আপোনাক এই প্ৰদৰ্শন বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ৷ ৰাজনৈতিক নেতাই এনে উদ্ভাৱনী ব্যৱসায়ক শ্ৰদ্ধা কৰা উচিত৷  প্ৰকৃত দেশপ্ৰেম তথা সমাজসেৱাৰ অৰ্থ হৈছে বৈধভাৱে টিকট সংগ্ৰহ কৰি শান্তিপূৰ্ণভাৱে ছবিখন উপভোগ কৰা৷’পৰিচালকৰ  এই আহ্বানৰ উদ্দেশ্য নথকা নহয়৷ কিয়নো এনেদৰে বিনামূলীয়াকৈ ছবি প্ৰদৰ্শন কৰিলে ছবিখনৰ বক্স অফিচৰ সংগ্ৰহ কমি আহিব৷ উদ্যোক্তাই যদি ছবিখন প্ৰদৰ্শনৰ বিনিময়ত প্ৰযোজকক ধনো আগবঢ়ায়, সেয়া ছবিখনৰ জৰিয়তে বক্স অফিচৰ সংগ্ৰহ হিচাপে কৰা আয়ৰূপে বিবেচিত নহ’ব আৰু সেয়া ছবিখনে কৰা আয়ৰ পৰিসংখ্যাতো উল্লেখ কৰা নাথাকিব৷ সেয়ে এনেদৰে ছবি প্ৰদৰ্শনক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আইন অনুসৰি ‘পাইৰেচি’বা অবৈধ প্ৰদৰ্শন বুলি ধৰা হয় আৰু এয়া আইন অনুসৰি অপৰাধ৷ সেই বিষয়টো পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ টুইটত উল্লেখ কৰিছে৷ ৰাজনৈতিক নেতাই‘দ্য কাশ্মীৰ ফাইল্‌ছ’বিনামূলীয়াকৈ প্ৰদৰ্শন কৰি ৰাজনৈতিক লাভালাভ কৰিব পাৰিলেও ছবিখনৰ প্ৰযোজক-পৰিচালকৰ উদ্দেশ্য সফল নহ’ব৷ উল্লেখ্য, বৃহস্পতিবাৰ পৰ্যন্ত ‘দ্য কাশ্মীৰ ফাইল্‌ছে’বক্স অফিচত ২০০ কোটি ১৩ লাখ টকা সংগ্ৰহ কৰি‘দুশ কোটিৰ ক্লাব’ত প্ৰৱেশ কৰাই নহয়, ছুপাৰহিট হিচাপেও পৰিগণিত হৈছে৷ নলবাৰী চহৰৰ নাট্য মন্দিৰত বৃহস্পতিবাৰে ‘দ্য কাশ্মীৰ ফাইল্‌ছ’বিনামূলীয়াকৈ প্ৰদৰ্শন কৰা হয়৷ পৰৱৰ্তী ৬ দিন এই ছবিখনৰ দিনে ৩টাকৈ শ্ব’অনুষ্ঠিত হ’ব আৰু তাৰে ১০ বজাৰ শ্ব’টো বিজেপি সদস্য তথা আৰ এছ এছৰ সদস্য আৰু শুভাকাংক্ষীক বিনামূল্যে দেখুওৱা হ’ব৷ এই ক্ষেত্ৰতো বিবেক অগ্নিহোত্ৰীয়ে হাৰিয়ানাৰ ক্ষেত্ৰত কৰা মন্তব্য প্ৰযোজ্য হ’ব৷ কিয়নো নলবাৰীত ৭ দিনৰ ২১টা শ্ব’ত কেইবাহাজাৰ দৰ্শকে ছবিখন উপভোগ কৰিব আৰু তেওঁলোকে পুনৰ ছবিঘৰত ছবিখন চোৱাৰ আগ্ৰহ আৰু আকৰ্ষণ হেৰুৱাই পেলাব৷ পৰিচালক বিবেক অগ্নিহোত্ৰীৰ টুইটত কৰা মন্তব্য যদি নলবাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়, তেন্তে সেয়া ছবি উদ্যোগৰ প্ৰতি ক্ষতিকাৰক হিচাপেই বিবেচিত হ’ব৷ কিয়নো এই ধনো বক্স অফিচৰ সংগ্ৰহলৈ নাযাব আৰু সেয়া ছবিখনে আয় কৰা হিচাপে থকা পৰিসংখ্যাত অন্তৰ্ভুক্ত নহ’ব৷ নলবাৰীত এই ছবিখন প্ৰদৰ্শন কৰি স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ৰাজনৈতিকভাৱে লাভান্বিত হ’ব আৰু সেই উদ্দেশ্যেই তেওঁ এই উদ্যোগ গ্ৰহণ কৰিছে৷ এই ছবিখনৰ প্ৰদৰ্শন যে ৰাজনৈতিক উদ্দেশ্যত কৰা হৈছে সেয়া বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ বক্তব্যতে প্ৰকাশ পাইছে৷ বৃহস্পতিবাৰে ছবিখনৰ আৰম্ভণি শ্ব’উদ্বোধন কৰা অনুষ্ঠানত জয়ন্তৰ মল্ল বৰুৱাই বিস্ফোৰক মন্তব্য কৰে৷ বিধায়কজনৰ মতে অসমখনো দ্বিতীয় কাশ্মীৰ হ’বলৈ গৈ আছে৷ কি পৰিস্থিতিত অসম দ্বিতীয় কাশ্মীৰ হ’ব পাৰে সেই বিষয়ে বিশদ বৰ্ণনা নকৰিলেও জয়ন্ত মল্ল বৰুৱাই এই ছবিখনৰ জৰিয়তে ৰাজনৈতিক মেৰুকৰণৰ সৃষ্টি কৰা বুলি নলবাৰীত ব্যাপক চৰ্চা হৈছে৷ তেওঁ কয় বিজেপি নেতা-কৰ্মীয়ে এই ছবিখন বিনামূলীয়াকৈ চাব পাৰিব আৰু তেওঁলোকে ছবিখন চোৱা প্ৰয়োজন৷ ৰাজনৈতিক উদ্দেশ্যত কৰা এই ছবি প্ৰদৰ্শনত বিশ্ব হিন্দু পৰিষদে সহযোগ কৰাৰ বিষয়টো আপত্তিজনক নহয় যদিও অসম চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগম তথা নলবাৰী জিলা প্ৰশাসন কিয় এই ৰাজনৈতিক কাৰ্যসূচীত জড়িত হৈ পৰিল সেই লৈ চৰ্চা আৰম্ভ হৈছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, নলবাৰীৰ পাছতে বিজেপিৰ উদ্যোগত অসমৰ ঠায়ে ঠায়ে ‘দ্য কাশ্মীৰ ফাইল্‌ছ’প্ৰদৰ্শন কৰা হ’ব৷ কিয়নো অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে জনাইছে যে এই ছবিখন অসমৰ জিলাই জিলাই প্ৰদৰ্শন কৰা হ’ব৷ তাৰ বাবে তেওঁৰ সৈতে জিলাৰ উদ্যোক্তাক যোগাযোগ কৰিবলৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে আহ্বান জনাইছে৷ ইপিনে অসম চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগম‘দ্য কাশ্মীৰ ফাইলছ’নামৰ ছবিখন প্ৰদৰ্শন কৰিবলৈ আৰু প্ৰচাৰ তথা পৃষ্ঠপোষকতাত উঠিপৰি লগা দেখি ৰাজ্যৰ আগশাৰীৰ সাংস্কৃতিক কৰ্মীয়ে আপত্তি উত্থাপন কৰিছে৷ দেশৰ চলচ্ছিত্ৰ জগতৰ আগশাৰীৰ সমালোচক আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী সাংস্কৃতিক সাংবাদিক উৎপল বৰপূজাৰীয়ে পোনপটীয়াকৈ অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ এই কাৰ্যক চোকা সমালোচনা কৰিছে৷ তেওঁ  অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমে এখন হিন্দী ছবি এনেদৰে কিয় প্ৰচাৰ আৰু পৃষ্ঠপোষকতা কৰিবলগীয়া হ’ল সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ তেওঁ কৈছে, কোনো বিধায়ক বা ৰাজনৈতিক দল অথবা কোনো সংগঠনে এখন হিন্দী ছবি এনেদৰে প্ৰচাৰ আৰু পৃষ্ঠপোষকতা কৰাত তেওঁৰ কোনো আপত্তি নাই৷ কিন্তু অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ নিৰ্দিষ্ট কৰি থোৱা কিছুমান দায়িত্ব আছে৷ সেই দায়িত্বৰ পৰা ফালৰি কাটি তেওঁলোকে যদি এনে কিছুমান অপ্ৰয়োজনীয় কাম কৰে তেন্তে অসমৰ ছবিঘৰত অসমীয়া ছবি চলাবলৈ নিদিয়াৰ ক্ষেত্ৰত আমাৰ  প্ৰতিবাদ কৰাৰ অধিকাৰ নোহোৱা হৈ পৰিব৷ অসমৰ ছবিঘৰে নিজৰ ইচ্ছামতে হিন্দী ছবি চলাই থাকিব পাৰিব৷ উৎপল বৰপূজাৰীয়ে আৰু এটা প্ৰশ্ন উত্থাপন কৰি কয়– অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমে কেতিয়াবা এনেদৰে তেওঁলোকে প্ৰযোজনা কৰা ছবিৰ প্ৰচাৰ কৰিছেনে? তদুপৰি তেওঁ নলবাৰীৰ ছবি প্ৰদৰ্শনৰ ৰাজনৈতিক দলে আয়োজন কৰা অনুষ্ঠানত জিলা প্ৰশাসন জড়িত হৈ পৰাৰ ক্ষেত্ৰতো আ(ৰ্য প্ৰকাশ কৰে৷ নলবাৰীৰ এই ছবি প্ৰদৰ্শনৰ উদ্যোগৰ পাছতে ছ’চিয়েল মিডিয়াত সপক্ষে আৰু বিপক্ষে সমালোচনা আৰম্ভ হৈছে৷ অনেকেই অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমক কিছুদিনৰ ভিতৰত মুক্তি পাবলগীয়া অসমীয়া ছবি গংগা, ৰণ, ৰঘুপতি আদি ছবিৰ ক্ষেত্ৰতো অনুৰূপ ধৰণে প্ৰচাৰ চলোৱাৰ বাবে আহ্বান জনাইছে৷ ছ’চিয়েল মিডিয়াৰ নেটিজেনে কৈছে, বিনামূলীয়াকৈ নালাগে, টিকট কাটিয়েই অসমৰ ৰাইজে সেই অসমীয়া ছবিসমূহ চাব৷ কিন্তু অসমীয়া ছবি যে ৰাজ্যৰ ছবিঘৰত চলি আছে সেই বিষয়টো অসম চৰকাৰ আৰু বিজেপিয়ে এনেদৰে প্ৰচাৰ চলালে ৰাজ্যৰ দৰ্শক আকৰ্ষিত হ’ব আৰু অসমীয়া ছবিৰ উন্নতি সাধন হ’ব৷ 

অসম ৰাজ্যিক চলচ্ছিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ দ্বাৰা আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত, নলবাৰী জিলা প্ৰসাশন আৰু বিশ্ব হিন্দু পৰিষদৰ সহযোগত ‘দ্য কাশ্মীৰ ফাইলছ্‌’ৰ বিশেষ প্ৰদৰ্শনী নলবাৰী নাট্য মন্দিৰত বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়৷ প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই৷ উদ্বোধনী অনুষ্ঠানত জয়ন্ত মল্ল বৰুৱাই কয়–‘অসমখন দ্বিতীয় কাশ্মীৰ হ’বলৈ গৈ আছে৷ আজিও এই কথা ভাৰতবৰ্ষৰ লগতে আন আন দেশৰ মানুহে বিশ্বাস কৰে৷ কিন্তু ইয়াক আমি হ’বলৈ দিব নোৱাৰো৷ আমি এতিয়াৰ পৰা সাজু হ’ব লাগিব৷’ভাষণত তেওঁ দ্য কাশ্মীৰ ফাইলছ্‌‌ কাশ্মীৰত ঘটা ঘটনাৰ এখন জীয়া ছবি বুলি উল্লেখ কৰি তেওঁ সনাতনী সংস্কৃতিত বিশ্বাস কৰা প্ৰতিজন ভাৰতীয়ই এই ছবিখন চোৱাৰ প্ৰয়োজন বুলি দোহাৰে৷ উক্ত বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত অসম ৰাজ্যিক চলচ্ছিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ লগতে নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনৰ উপৰি নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰকে ধৰি বহু সংখ্যক দলীয়, বিশ্ব হিন্দু পৰিষদ, আৰ এছ এছৰ নেতা, বিষয়ববীয়া কৰ্মী আদি উপস্থিত থাকে৷ ২ এপ্ৰিললৈ নলবাৰী নাট্য মন্দিৰত প্ৰদৰ্শন কৰিব লগা চিনেমাখন দৈনিক ১০ বজাৰ প্ৰথমটো দৰ্শনী ভাৰতীয় জনতা পাৰ্টী আৰু সংঘ পৰিবাৰৰ সদস্য তথা শুভাকাংক্ষীক বিনামূলীয়াকৈ চোৱাৰ ব্যৱস্থা কৰা হৈছে৷