Logo
image

হিমন্ত হৰ্ছ ট্ৰেডিঙৰ গুৰু, বিক্ৰী হ’ব কংগ্ৰেছ বিধায়ক

আমাৰ অসম, ২৬ মাৰ্চঃ হিমন্ত বিশ্ব শৰ্মা হৰ্চ ট্ৰেডিঙৰ গুৰু৷ তেওঁ অসমৰ হৰ্ছ ট্ৰেডিঙৰ মাষ্টাৰমাইণ্ড৷ এই বিস্ফোৰক মন্তব্য এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলৰ৷ ৰাজ্যসভাৰ নিৰ্বাচন উপলক্ষে ইতিমধ্যে গুৱাহাটীত বাহৰ পাতি সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয়– কংগ্ৰেছ বিধায়কৰ স্থিতি সন্দেহজনক৷ তাৰ পিছতো ছোনিয়া গান্ধীৰ সৈতে আমাৰ আলোচনা হৈছে৷ গতিকে ৰাজ্য সভাত মিত্ৰজোঁটে প্ৰাৰ্থিত্ব প্ৰদান কৰা ৰিপুন বৰাক আমি সমৰ্থন কৰিম৷ কিন্তু কংগ্ৰেছৰ বহু বিধায়কক লৈ আমাৰ সন্দেহ আছে৷ সদায় হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ গৈ থকা একাংশ কংগ্ৰেছ বিধায়কে ওলোটা মাৰিব, এয়া কংগ্ৰেছৰ পৰম্পৰা৷ হিমন্ত বিশ্বৰ হাতত বিক্ৰী হ’ব কংগ্ৰেছ বিধায়ক৷ হিমন্তৰ পিছে পিছে আন দলৰ বিধায়ক যোৱাটো কংগ্ৰেছ দলৰ ইতিহাসে কয়৷ কিন্তু ইয়াৰ পিছতো মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰিপুন বৰা জয় হ’ব বুলি আশাবাদী বদৰুদ্দিন আজমল৷

বিৰোধী নালাগে যদি কওক, ৰাজীৱ ভৱনত তলা মাৰিমঃ ভূপেন বৰা

দলৰ বিধায়কক লৈ কংগ্ৰেছৰ নেতৃত্বই লুকা-ভাকু খেলাৰ প্ৰসংগক নস্যাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে নিজৰ বিধায়কসকলক হোটেলত আবদ্ধ কৰা বুলি ওলোৱা বাতৰি পোনচাতেই নাকচ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়–এই বিলাক বিজেপিৰ মনে সজা, কল্পিত কাহিনী৷ এইটো অসমৰ ৰাজনীতিক ক্ষেত্ৰৰ বাবে, অসমৰ সমাজ জীৱনৰ বাবে অতি দুৰ্ভাগ্যজনক৷ কংগ্ৰেছৰ ভাবমূৰ্তি ম্লান কৰিবলৈ এনে ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি৷ আমি এই কথা অতি গুৰুত্ব সহকাৰে লক্ষ্য কৰি আছো৷ আমাক কোনোবাই সহজভাৱে ল’ব নালাগে৷ কংগ্ৰেছ হৈছে বৃটিছ ভাৰতৰ পৰা খেদা দল৷ কংগ্ৰেছে বহু ঘাট প্ৰতিঘাট, বন্দুকৰ গুলী বুকুট লৈ এই অৱস্থালৈ আহিছে৷ এইবিলাক লৈ আমি চিন্তিত নহয়৷ আমি চিন্তিত ন্যায় বিচাৰি ৰাজপথলৈ অহা ৰান্ধনীসকলক লৈ, শিক্ষকসকলকলৈ উদ্বিগ্ন৷ পেট্ৰ’ল, ডিজেলৰ অবাধ মূল্যবৃদ্ধিক লৈ৷ এইবোৰ বিষয় লঘু কৰিবলৈ বিজেপিয়ে ৰাজ্যবাসীৰ দৃষ্টি অন্য পিনেলৈ নি সফল হ’ব নোৱাৰে৷ যদি অসমত বিৰোধীৰ দৰকাৰ নাই, একনায়কত্ববাদী চৰকাৰহে লাগে ৰাইজে কৈ দিয়ক আমি ৰাজীৱ ভৱনত তলা মাৰি দিও৷ গুৱাহাটীৰ জাইকা প্ৰজেক্টত মন্ত্ৰীৰ নাম সাঙোৰ খাই আছে জাইকা প্ৰজেক্টৰ তদন্ত নহ’ল৷  কিন্তু তাকলৈ চৰ্চা নহয়৷ চৰ্চা কেৱল বিৰোধীকলৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিতকৈ ৰ লাখ ভোট কম পাইছে৷ তাৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছক ৰাইজে বেয়া পায়৷