Logo
image

ইন্ধনৰ মূল্য ঊধবৰ্মুখী, বিদ্যুৎ মাচুল বৃদ্ধি! ৰাইজৰ হাহাকাৰ

আমাৰ অসম, ২৬ মাৰ্চঃ দেশৰ পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে মূল্যবৃদ্ধি কৰিলে ভোটাৰ অসন্তুষ্ট হ’ব বুলি একেৰাহে ১৩৭ দিন ধৰি নৰেন্দ্ৰ মোদী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য স্থবিৰ কৰি ৰাখিছিল৷ নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত আজিৰ পৰা চাৰিদিন পূৰ্বে অৰ্থাৎ যোৱা সোমবাৰে মাজনিশাৰ পৰা দেশজুৰি পেট্ৰ’লৰ মূল্যবৃদ্ধি কৰিবলৈ পেট্ৰ’লিয়াম কোম্পানীক সেউজ সংকেত দিছিল মোদী চৰকাৰে৷ তেতিয়াৰ পৰা যোৱা চাৰিদিনৰ তিনিদিনেই দেশজুৰি বৃদ্ধি হৈছে পেট্ৰ’ল আৰু ডিজেলৰ দাম৷ সোমবাৰে মাজনিশা ঘৰুৱা ৰন্ধনগেছৰ চিলিণ্ডাৰৰ দামো ৫০ টকাকৈ বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ সেইদিনাৰ পৰাও আজি শুকুৰবাৰ পৰ্যন্ত চাৰিদিনৰ তিনিদিনেই মূল্যবৃদ্ধি হৈছে পেট্ৰ’ল আৰু ডিজেলৰ৷ সেই অনুসৰি যোৱা চাৰিদিনত অসমত পেট্ৰ’লৰ মূল্য ২.৬৫ টকা আৰু ডিজেলৰ মূল্য ২.০৭ টকা বৃদ্ধি পাইছে৷ প্ৰথম আৰু দ্বিতীয় দিনা ৮৮ পইচাকৈ পেট্ৰ’লৰ মূল্য বৃদ্ধি পোৱাৰ পাছত বৃহস্পতিবাৰে মূল্য স্থিৰ আছিল৷ পুনৰ শুকুৰবাৰে ৮৯ পইচা বৃদ্ধি পোৱাত চাৰিদিনত পেট্ৰ’লৰ মূল্য ২.৬৫ টকাকৈ বৃদ্ধি পাই শুকুৰবাৰে প্ৰতি লিটাৰত পেট্ৰ’লৰ মূল্য হৈছেগৈ ৯৭.২৩ টকা৷ আনহাতে চাৰিদিনৰ পূৰ্বে ডিজেলৰ মূল্য প্ৰতি লিটাৰত বৃদ্ধি হৈছিল ৬৯ পইচা৷ মাজত বৃহস্পতিবাৰৰ দিনটো বাদ দি যোৱা তিনিদিনৰ বাকী দুদিনত ডিজেলৰ মূল্য ৬৯ পইচাকৈ বৃদ্ধি হয় আৰু তাৰ ফলত মুঠতে ২.৭ টকা বৃদ্ধি পোৱাত শুকুৰবাৰে অসমত প্ৰতি লিটাৰ ডিজেলৰ মূল্য হয়গৈ ৮৩.৯৬ টকা৷ এই বৃদ্ধি আৰু মূল্য অসমৰ পেট্ৰ’ল পাম্পৰ৷ দেশজুৰি একে সময়তে বিগত চাৰিদিনৰ তিনিদিনেই পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে৷ ৰাজ্যভেদে আৰু চহৰভেদে বৃদ্ধিৰ পৰিমাণ ভিন ভিন৷ এনেদৰে দৈনিক কমেও ৯০ পইচাকৈ পেট্ৰ’লৰ মূল্য  আৰু ৭০ পইচাকৈ ডিজেলৰ মূল্য বৃদ্ধি পাই থকাৰ প্ৰক্ৰিয়া অব্যাহত থাকিলে দেশত এই জৰুৰী ইন্ধন দুবিধৰ মূল্য নিকট ভৱিষ্যতত কি হয়গৈ সেয়া অনুমান কৰা টান৷  এনেদৰে দৈনিক মূল্যবৃদ্ধি ঘটাই দেশৰ জনসাধাৰণক হাৰাশাস্তি কৰা বুলি সংসদত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেই অভিযোগ কৰিছে৷ তেওঁ চৰকাৰক কটাক্ষ কৰি কয়– এনেদৰে দৈনিক ৭০-৮০ পইচাকৈ মূল্য বঢ়াই থকাৰ পৰিৱৰ্তে চৰকাৰে একেকোবে ১০, ১৫, ২০ টকা বঢ়াই দিব পাৰে৷ উল্লেখ্য, বিগত ১৩৭ দিন ধৰি নিৰ্বাচনৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্য স্থিৰ কৰি ৰখাৰ ফলত পেট্ৰ’লিয়াম কোম্পানীসমূহৰ ১৯ হাজাৰ কোটি টকাৰ লোকচান হোৱা বুলি‘মুডিজ ইনভেষ্টৰ্ছ ছাৰ্ভিচেজে’প্ৰকাশ কৰিছে৷ 

ইপিনে অসমত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৫৯ পইচাকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত বিদ্যুৎ নিয়ামক আয়োগে অনুমোদন জনোৱাৰ ফলত অসমৰ ৰাইজৰ মূৰত মাধমাৰ পৰিছে৷ অহা এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন বিদ্যুতৰ নিৰিখ৷ যোৱা সোমবাৰে এখন সংবাদমেলত অসম বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষ কুমাৰ সঞ্জয় কৃষ্ণই বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ সপক্ষে যুক্তি দি কয়–‘২০২০-২১ বৰ্ষৰ শক্তি কোম্পানীসমূহৰ [এপিডিচিএল, এপিজিচিএল, এইজিচিল, এছএলডিচি] কাম-কাজৰ ওপৰত ভিত্তি কৰি ২০২২-২৩ ৰ এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন নিৰিখ নিৰ্ধাৰণ কৰা হৈছে৷ ২০২০-২১ বৰ্ষত ক’ভিড-১৯১ দ্বাৰা বিদ্যুৎ খণ্ড ক্ষতিগ্ৰস্ত হৈছিল বাবে ৰাজ্যৰ শক্তিখণ্ডৰ বৃহৎ লোকচান হৈছিল৷  ইয়াৰ ফলত সেই বছৰত ৭৮০ কোটি টকাৰ লোকচান হৈছিল৷  তদুপৰি উচ্ছ দামত বিদ্যুৎ কিনি কম দামত বিক্ৰী কৰিবলগীয়া হোৱাৰ বাবেও লোকচান হৈছিল ১৯১ কোটি টকা৷ ২০১৯-২০ বৰ্ষত এপিডিচিএল ১৮.৫৫ শতাংশ ডিষ্ট্ৰিবিউচন ক্ষতি এটাৰ সন্মুখীন হৈছিল৷ সংখ্যাৰ হিচাপত এই ক্ষতিৰ পৰিমাণ আছিল ১৯৮ কোটি টকা৷ সসামগ্ৰিকভাৱে এপিডিচিএলৰ ২,১৮৯ কোটি টকাৰ ৰাজহ ঘাটি হৈছিল৷’একে সময়তে পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ উপৰি অসমত বিদ্যুতৰ মাচুলো বৃদ্ধি কৰা ঘটনাই নিম্নবিত্ত আৰু নিম্নমধ্যবিত্ত সকলোকে গভীৰ সংকটত পেলাব৷ সৰ্বদিশতে হোৱা মূল্যবৃদ্ধি আৰু নিত্যব্যৱহাৰ্য ইন্ধনৰ মূল্যবৃদ্ধিৰ ফলত অসমৰ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা হ’ব৷

বিজেপি পৰিচালিত ৰাজ্য চৰকাৰে অন্যায় আৰু অযৌক্তিকভাৱে পুনৰ বিদু্যতৰ মাছুল ইউনিট প্ৰতি ৫৯ পইচাকৈ বৃদ্ধি কৰা আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰ পে’ট্ৰলৰ ৮৪ প’ইচা, ডিজেলৰ ৮৩ প’ইচা আৰু চিলেণ্ডাৰ প্ৰতি ৫০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি এছ ইউ চি আই [কমিউনিষ্ট] দলৰ অসম ৰাজ্যিক কমিটীৰ আহ্বানত ৰাজ্যজুৰি প্ৰতিবাদ কাৰ্যসূচী পালন কৰা হয়৷ এই উপলক্ষে গুৱাহাটীৰ উলুবাৰীত বিক্ষোভ কাৰ্যসূচী সংগঠিত হয়৷ মূল্যবৃদ্ধি ৰোধ কৰক, বিদু্যত মাছুল বৃদ্ধি কৰা নচলিব, চৰকাৰৰ সকলো ব্যৰ্থতা জনসাধাৰণৰ কান্ধত জাপি দিয়া নচলিব, ৰন্ধন গেছৰ মূল্যবৃদ্ধি কাৰ স্বাৰ্থত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ জবাব দিয়া, অন্যায় আৰু অযৌক্তিক পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি বন্ধ কৰক দাবী সম্বলিত প্লেকাৰ্ড হাতে হাতে লৈ দলৰ অৰ্ধ শতাধিক কৰ্মী-সমৰ্থকসকলে দলৰ উলুবাৰীস্থ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা কৰি উলুবাৰীৰ ভলভ’ প’ইণ্টৰ ওচৰত জি এছ ৰোডত বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰে৷ সংগঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলৰ কৰ্মী- সমৰ্থকসকলে পে’ট্ৰল- ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি তথা বিদু্যতৰ মাছুল বৃদ্ধিৰ বিৰুদ্ধে বলিষ্ঠ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদস্থলীত বক্তব্য প্ৰদান কৰে দলৰ ৰাজ্যিক কমিটীৰ সদস্য আব্দুচ চবুৰে৷ তেওঁ কয়-কৰ্পোৰেট গোষ্ঠীয়ে যাতে অধিক মুনাফা অৰ্জন কৰিব পাৰে তাৰেই সুবিধা কৰি দিয়া সিদ্ধান্তৰ ফলত প্ৰতিটো বয়-বস্তু মূল্য বৃদ্ধি৷ অথচ চৰকাৰৰ প্ৰয়োজন আছিল জনসাধাৰণক মুল্যবৃদ্ধিৰ পৰা কেনেকৈ সকা দিয়া যায় তাৰ পৰিকল্পনা কৰা৷ দেখা পোৱা গৈছে এই জ্বলন্ত সমস্যা সমূ্‌হৰ সমাধানৰ বাবে কোনো ধৰণৰ পৰিকল্পনা নকৰি বিজেপি পৰিচালিত চৰকাৰখনে চূড়ান্ত সাম্প্ৰদায়িক চিন্তাক বিয়পাই দি জনসাধাৰণৰ ঐক্যক বিনষ্ট কৰি গণতান্ত্ৰিক চেতনাৰ ভিত্তিত ঐক্যবদ্ধ গণ আন্দোলন যাতে সংগঠিত নহয় তাৰেই পৰিকল্পনাত লিপ্ত৷ লগতে কয় যে মূল্যবৃদ্ধিৰ দৰে জ্বলন্ত সমস্যা সমূ্‌হৰ বিৰুদ্ধে সকলো ৰাইজক ওলাই আহিবলৈ আহ্বান জনায়৷ ইয়াৰ পাছত বিক্ষোভকাৰী সকলে শোভাযাত্ৰা কৰি উলুবাৰী চাৰি আলি হৈ আহি ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত কাৰ্যসূচী শেষ কৰে৷ দলৰ গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, লখিমপুৰ, দৰং, ওদালগুৰি, নলবাৰী, মঙ্গলদৈ, শোণিতপুৰ, কাছাৰ, কৰিমগঞ্জ আদি ৰাজ্যৰ বিভিন্ন জিলাসমূহতো দলৰ পক্ষৰ পৰা বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰা হয়৷

কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা [কোড] বাতিল কৰা, বিদু [সংশোধনী] বিল-২০২১ বাতিল কৰা, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিগৰাকীক খাদ্য আৰু উপাৰ্জনৰ নিৰিখত মাহিলি ৭৫০০ টকা আদায় দিয়া, এম.এন. ৰেগাৰ পাৰিশ্ৰমিকৰ হাৰ বৃদ্ধি কৰা, শ্ৰমিকৰ নূ্যনতম মজুৰি দৈনিক ৮০০ টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা ইত্যাদি দাবীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই ২৮ আৰু ২৯ মাৰ্চত দুদিনীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে৷ ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ অসম শাখাই এই ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাইছে৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ট্ৰেড ইউনিয়নসমূহৰ যৌথ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত চি আই টি ইউৰ উপ-সভাপতি বীৰেণ শৰ্মাই কয় - সাম্প্ৰতিক সময়ত কেন্দ্ৰীয় চৰকাৰখনে দেশৰ অৰ্থনীতি দুৰ্দশাগ্ৰস্ত কৰি তুলিছে৷ জনসাধাৰণৰ কৰৰ টকাৰে সৃষ্ট দেশৰ স্থাৱৰ-অস্থাৱৰ সকলো সম্পত্তি দ্বিধাহীনভাৱে পানীৰ দৰত বিক্ৰী কৰি দেশখনক ৰুগ্ন কৰি তুলিছে৷ শ্ৰমিক বিৰোধী, জনবিৰোধী আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰি শ্ৰমজীৱী মানুহৰ বাবে অন্ধকাৰ নমাই আনিছে৷ ‘চৰকাৰখনৰ এই জাতীয় স্বাৰ্থবিৰোধী নীতি সমূহৰ বিৰুদ্ধে শ্ৰমজীৱী মানুহৰ ঐক্যবদ্ধ সংগ্ৰামক তীব্ৰ কৰি তোলাৰ প্ৰয়োজন আহি পৰিছে৷ দেশী-বিদেশী কৰ্প’ৰেটৰ সহযোগিতাত একনায়কত্ববাদী পথেৰে গণতান্ত্ৰিক ব্যৱস্থাক চুৰমাৰ কৰি দিয়া কাৰ্যৰ বিৰুদ্ধে চলাই থকা সংগ্ৰামৰ অংশ হিচাপে এই ধৰ্মঘটৰ আহ্বান দিয়া হৈছে৷ চৰকাৰে গ্ৰহণ কৰা নীতিৰ ফলত ক’ভিড পৰিস্থিতিতো যিসময়ত দেশৰ জনগণে আটাইতকৈ দুৰ্দশাৰ সম্মুখীন হৈছে সেই সময়ত আদানি-আম্বানি আদি ধনীক গোষ্ঠীয়ে তেওঁলোকৰ ব্যৱসায়ত সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ চৰকাৰখনৰ নীতিৰ বাবে হোৱা অত্যধিক মূল্যবৃদ্ধিৰ ফলতসৰ্বসাধাৰণ ৰাইজে নিত্যব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰাটো কঠিন হৈ পৰিছে৷ ২৩ কোটি শ্ৰমিকক চৰকাৰে ন্যুনতম দৰমহাতকৈও কম উপাৰ্জনেৰে চলিবলৈ এৰি দিছে বুলি অভিযোগ কৰিছে মঞ্চই৷ এফালে শ্ৰমিকৰ আৰ্জিত অধিকাৰ সমূহ খৰ্ব হৈছে আনফালে কৃষক তথা জনগণৰ অন্যান্য অংশৰ লোকৰ পানীত হাঁহনচৰা অৱস্থা হৈছে৷ কৃষকে কৃষিখণ্ড ৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম কৰি আছে৷ অন্ন-বস্ত্ৰ-বাসস্থান-শিক্ষা-স্বাস্থ্য আদিৰ বাবে দেশৰ জনগণে জীয়াতু ভুগিবলগীয়া হৈছে৷ এনে পৰিস্থিতিৰ ফলত ক্ষুধাৰ সূচাংকত আমাৰ দেশ বিশ্বৰ ১০৭ বন দেশৰ ভিতৰত ১০১ সংখ্যক স্থানত অৱস্থান কৰিছে৷ এই পটভূমিত এই ধৰ্মঘট শ্ৰমিক-কৰ্মচাৰীৰ অধিকাৰ ৰক্ষা কৰা, দেশীয় উদ্যোগ প্ৰতিষ্ঠান ৰক্ষা কৰা আৰু সৰ্বোপৰি দেশ ৰক্ষা কৰাৰ ধৰ্মঘট বুলি অভিহিত কৰিছে ট্ৰেড ইউনিয়নে৷ সেয়েহে ২৮-২৯ মাৰ্চত সকলো দোকান-পোহাৰ, যানবাহন, বাণিজ্যিক প্ৰতিষ্ঠান, কল-কাৰখানা, ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান, তৈলখণ্ড, বেংক, বীমা, ৰেল যাতায়ত বহু ৰাখি ধৰ্মঘট সৰ্বতো প্ৰকাৰে সফল কৰাৰ বাবে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে অসমৰ সৰ্বস্তৰৰ শ্ৰমিক-কৰ্মচাৰী আৰু ৰাইজলৈ আহ্বান জনাইছে৷’সংবাদ মেলত এ আই টি ইউ চিৰ ৰাজ্যিক সম্পাদক বীৰেন কলিতাই কয়–‘২৮ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা ৩০ মাৰ্চৰ পুৱা ৬ বজালৈ হ’বলগীয়া ধৰ্মঘট আৰু চকা বন্ধলৈ আমি সঁহাৰি জনাইছোঁ আৰু অত্যাৱশ্যকীয় সেৱা সমূহক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব৷’উল্লেখ্য, যৌথ মঞ্চই উক্ত দিন কেইটাত পৰীক্ষা নথকা চৰকাৰী-বেচৰকাৰী সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈয়ো আহ্বান জনায়৷ উল্লেখ্য, অসমত বিশেষকৈ ২৮ আৰু ২৯ মাৰ্চত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ দিন সূচী সলনি কৰাৰ বাবে দুয়োখন বোৰ্ডৰ সচিবলৈ যৌথ মঞ্চই আবেদন জনাই পত্ৰ প্ৰদান কৰে৷