Logo
image

নীপ্‌কোৰ জলবিস্ফোৰণত অভিযন্তাসহ নিহত ৩জন

উমৰাংছ’ৰ পাঁচকিলো প্ৰকল্পত দুৰ্ঘটনা

আমাৰ অসম, ২৭ মাৰ্চঃ ২০১৯  চনৰ অক্টোবৰ মাহত ডিমা হাচাও জিলাৰ উমৰাংচ’ত থকা কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছিল টানেল বিস্ফোৰণ৷ এই বিস্ফোৰণত ৪জন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে সমগ্ৰ কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলী জলমগ্ন হৈ পৰিছিল৷ ওচৰৰ গাঁৱৰ জনতাই পলাই গৈ আন ঠাইত আশ্ৰয় লৈছিল৷ ২০০ মেগাৱাট কপিলী জলবিদ্যুৎ প্ৰকল্পৰ টানেল বিস্ফোৰণ আৰু ক্ষতিৰ স্মৃতি আজিও ডিমা হাচাও জিলাৰ জনতাৰ মানসপটত সজীৱ হৈ আছে৷ আজি আকৌ একে ঘটনাৰ পুনৰাবৃত্তি হ’ল ডিমা হাচাও জিলাৰ উমৰাংচ’ৰ পাঁচকিলোত থকা ১৩২/৩৩ কেভি নিপকো জলবিদ্যুৎ প্ৰকল্পত৷ এই প্ৰকল্পটো বন্ধ ৰাখি [ছাটডাউন] মেৰামতিৰ কাম চলি আছিল৷ কিন্তু তেনে সময়তে আজি দিনৰ প্ৰায় ১১.২০ বজাত হঠাৎ ডেম্পৰ পৰা পানী অহা টানেল বিস্ফোৰিত হয়৷ ফলত মুহূৰ্ততে জলমগ্ন হৈ পৰে নিয়ন্ত্ৰণকক্ষকে ধৰি সমগ্ৰ এলেকা৷ খানদাং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰৱন্ধকজনে কয় যে দুদিন ধৰি ডিমা হাচাও আৰু মেঘালয়ৰ পাহাৰত নেৰানেপেৰাকৈ বৰষুণ দিয়াৰ ফলত পানীৰ প্ৰাবল্য বৃদ্ধি পাই পাইপ ফাটি যায়৷ ইনটেক গেট বন্ধ কৰিব পাৰিলেই পানী নিয়ন্ত্ৰণ হ’ব৷ পিছে হঠাতে টানেল বিস্ফোৰিত হোৱাত নিয়ন্ত্ৰণকক্ষত কৰ্মৰত কিছুসংখ্যক কৰ্মচাৰী পলাই যাবলৈ সক্ষম হয় যদিও ৩ জন কৰ্মচাৰী তাত আবদ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয়৷ তেওঁলোক হ’ল জ্যেষ্ঠ প্ৰৱন্ধক জয়ন্ত হাজৰিকা, কনিষ্ঠ অভিযন্তা অনুপম শইকীয়া আৰু ঠিকাভিত্তিক কৰ্মচাৰী ডিমৰাজ জহৰী৷ তেওঁলোকক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে৷ জয়ন্ত হাজৰিকা চিকিৎসালয় পোৱালৈকে জীৱিত আছিল যদিও তেওঁকো চিকিৎসকে বচাব নোৱাৰিলে৷ উমৰাংছ’ জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত স্বৰ্গীয় মানিক হাজৰিকাৰ পুত্ৰ ডিগবৈৰ মুলিয়াবাৰীৰ নিবাসী জয়ন্ত হাজৰিকাৰ আত্মীয়ই প্ৰকাশ কৰা মতে দুৰ্ঘটনা হোৱাৰ কিছুসময়ৰ পাছতে জয়ন্ত হাজৰিকাই নিজে পত্নীক ফোনৰ জৰিয়তে  চিকিৎসালয়লৈ যোৱাৰ কথা অৱগত কৰিছিল৷ কিন্তু তাৰ পৰৱৰ্তী সময়ৰ পাছৰ কোনো যোগাযোগ তথা বিভাগীয় কতৃৰ্পক্ষই অৱগত কৰা নাছিল বুলি  জনাইছে তেওঁৰ আত্মীয়ই৷ ইফালে, এই বিস্ফোৰণৰ শব্দত এলেকাটোৰ ৰাইজ শংকিত হৈ পৰে৷ পিছতহে জনতাই গম পায় জলবিদ্যুৎ প্ৰকল্পৰ দুৰ্ঘটনাৰ কথা৷ পানীৰ ঢল নামি অহাৰ লগে লগে ওচৰৰ জনতা নিৰাপদ স্থানলৈ আঁতৰি যায়৷ আজি উমৰাংচ’ৰ খানদাং প্ৰকল্পৰ দুৰ্ঘটনাৰ পাছত পুনৰ ২০০০ মেগাৱাট সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ উদ্বিগ্ন হৈ পৰিছে বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি অহা লোকসকল৷ লগতে চিন্তিত হৈছে কাষৰীয়া এলেকাৰ জনতা৷ ২০০ বা ১৩২ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই মাজে মাজে এনে বৃহৎ ক্ষতি কৰে৷ যদিহে ২০০০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পত এনে দুৰ্ঘটনা সংঘটিত হয় তেন্তে মুহূৰ্ততে নামনিৰ জনতা পানীৰ বুকুত বিলীন হৈ যাব যে তাত সন্দেহ নাই৷ আজি খানদাং প্ৰকল্পৰ দুৰ্ঘটনাৰ পাছতে নিপকোৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ নিপকোৱে সময়ত প্ৰকল্পৰ মেৰামতি নকৰাৰ বাবেই বাৰে বাৰে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় জনতাই অভিযোগ কৰিছে৷ আজিৰ দুৰ্ঘটনাত নিহত জয়ন্ত হাজৰিকাৰ ঘৰ ডিগবৈত, অনুপম শইকীয়াৰ ঘৰ যোৰহাটৰ বৰিগাঁৱত আৰু ডিমৰাজ জহৰীৰ ঘৰ হাফলঙত বুলি জানিব পৰা গৈছে৷