Logo
image

১১% বাঢ়িব ৮৫০বিধ অত্যাৱশ্যকীয় দৰৱৰ মূল্য

চেঞ্চুৰী কোবালে পেট্ৰ’লে

আমাৰ অসম,২৭ মাৰ্চঃ দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সম্পন্ন হোৱাৰ কিছুদিনৰ ভিতৰতে নিত্যব্যৱহাৰ্য ইন্ধন পেট্ৰ’ল আৰু ডিজেলৰ লগতে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰাৰ পাছত এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰে অত্যাৱশ্যকীয় ঔষধৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অনুমতি দিছে৷ সাধাৰণ ৰোগৰ পৰা আৰম্ভ কৰি হূদৰোগলৈকে ব্যৱহূত হোৱা অত্যাৱশ্যকীয় ঔষধৰ পাইকাৰী মূল্য অহা এপ্ৰিলৰ পৰা ১০.৮ শতাংশ বৃদ্ধি কৰাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীক অনুমতি প্ৰদান কৰি পুনৰ দেশৰ নাগৰিকৰ ওপৰত মাধমাৰ মাৰিছে৷ জ্বৰৰ ঔষধ পেৰাচিটামল, বিষৰ ঔষধ পেইনকিলাৰ, হূদৰোগৰ ঔষধ আৰু এণ্টিবায়টিককে ধৰি দেশত ব্যৱহাৰ হৈ থকা মুঠতে ৮৫০ বিধ ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ অনুমোদন জনাইছে ভাৰতৰ ঔষধৰ মূল্য নিৰ্ধাৰণ কৰা নিয়ামক সংস্থা‘নেশ্বনেল ফাৰ্মাচিটিউকেল প্ৰাইচিং অথ’ৰিটী’য়ে৷ কেন্দ্ৰীয় চৰকাৰে এনেদৰে বৃহৎ হাৰত ঔষধৰ মূল্য বৃদ্ধি কৰাৰ ঘটনাই দেশৰ নাগৰিকক সৰ্বস্বান্ত কৰিব৷ দৈনন্দিন প্ৰয়োজন হোৱা সকলো ধৰণৰ খাদ্য সামগ্ৰী আৰু ৰন্ধন গেছ তথা পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰি নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ জনতাক কোঙা কৰি পেলাইছে৷ এতিয়া একেলগে ৮৫০ বিধ ঔষধৰ মূল্য অস্বাভাৱিক হাৰত ১০.৮ শতাংশ বৃদ্ধি কৰি ঔষধ নিৰ্মাতা বৃহৎ কোম্পানীক মুনাফা অৰ্জনৰ সুবিধা প্ৰদান কৰাৰ লগতে সাধাৰণ জনতাক গভীৰ সংকটলৈ নিমজ্জিত কৰিছে মোদী চৰকাৰে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, ইয়াৰ পূৰ্বেও প্ৰায় বছৰি ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছিল৷ কিন্তু বছৰি ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ হাৰ আছিল ১-২ শতাংশ৷ সৰ্বাধিক দুই শতাংশ পৰ্যন্ত ঔষধৰ মূল্য বৃদ্ধি হোৱাৰ সময়তো দেশৰ জনতা বিপদত পৰিছিল৷ এতিয়া একেকোবে দেশত অত্যাৱশ্যকীয় ৰোগৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা ৮৫০ বিধ ঔষধৰ মূল্য ১০.৮ শতাংশ বৃদ্ধি কৰাটো স্বাভাৱিকতে দেশবাসীৰ প্ৰতি ভয়ংকৰ মাধমাৰ হৈ পৰিব৷ কিয়নো বিগত দুটাকৈ বছৰ ক’ভিড অতিমাৰীয়ে দেশৰ জনতাক গভীৰ সংকটৰ মুখলৈ ঠেলি দিছে৷ বিগত দুটা বছৰত কমেও তিনিবাৰকৈ দীঘলীয়া লকডাউন ঘোষণা কৰাৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ী, মজলীয়া ব্যৱসায়ী অনেকৰে এতিয়া ব্যৱসায় নোহোৱা হৈ পৰিছে৷ এই সময়ছোৱাত দেশৰ কেইবাকোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে৷ অসংগঠিত খণ্ডত কাম কৰা লাখ লাখ লোক কাম হেৰুৱাই নিজৰ ঘৰলৈ উভতি আহি এতিয়া কৰ্মসংস্থাপনহীন হৈ দিন কটাবলগীয়া হৈছে৷ তেনে পৰিস্থিতিত ঔষধৰ বৃহৎ হাৰত মূল্য বৃদ্ধি স্বাভাৱিকতে দেশবাসীৰ প্ৰতি অতি বিপজ্জনক ঘটনা৷ কোনোমতে দুবেলা দুসাঁজ খাবলৈ নোপোৱা লোকে এতিয়াৰ পৰা ৰোগৰ ঔষধ ক্ৰয় কৰিবলৈ দহবাৰকৈ ভাবিব লাগিব৷

ইপিনে, বিগত পাঁচদিন ধৰি দেশত নিতৌ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পেট্ৰ’লিয়াম কোম্পানীসমূহে বৃদ্ধি কৰি আছে৷ আনহাতে অহা এপ্ৰিলৰ পৰা অসমৰ বাসিন্দাই অধিক হাৰত বিদ্যুৎ মাচুল ভৰিব লাগিব৷ শনিবাৰে অসমৰ কেইখনমান স্থানত পেট্ৰ’লৰ মূল্যই চেঞ্চুৰী কোবাইছে৷ ঢকুৱাখনাকে ধৰি একাধিক স্থানত শনিবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছে ১০০.৬৫ টকা৷ একেলগে সৰ্বদিশতে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে ব্যৱসায়ীক ‘লাইচেঞ্চ’প্ৰদান কৰি সাধাৰণ জনতাক বিপৰ্যয়ৰ মুখলৈ ঠেলি দিছে৷ নিম্নবিত্ত, নিম্নমধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ বাবে এতিয়া জীয়াই থকা কঠিন হৈ পৰিছে৷ এতিয়াৰ পৰা ৭-৮ বছৰৰ পূৰ্বে যিখন চৰকাৰে দেশবাসীক অচ্ছে দিনৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী অধিকাৰ কৰিছিল, সেই একেখন চৰকাৰেই এতিয়া দেশবাসীক কৰ আৰু মূল্য বৃদ্ধিৰে চেপি-খুন্দি পেলাইছে৷ অৱশ্যে নিজে মতদান কৰি নিৰ্বাচন কৰা চৰকাৰখনৰ বিৰুদ্ধে এনে কাৰ্য সত্ত্বেও সম্ভৱতঃ দেশৰ ভোটাৰৰ ক’বলগীয়াও বিশেষ একো নাই আৰু আক্ষেপো নাই৷

অসমৰ ভিতৰত দ্বিতীয়বাৰ শুকুৰবাৰৰ মাজনিশা ঢকুৱাখনাত পেট্ৰ’লৰ প্ৰতি লিটাৰৰ দামে শতকৰ ঘৰ অতিক্ৰম কৰিছে৷ ২৫ মাৰ্চত ভাৰত পেট্ৰ’লিয়াম ডিপুত পেট্ৰ’লৰ দাম ১০০ টকা ৬৫ পইচা হোৱাৰ বিপৰীতে ৰিলায়েন্স ডিপুত পেট্ৰ’লৰ দাম আছিল ১০০ টকা ৪৩ পইচা৷ শনিবাৰে পেট্ৰ’লৰ দাম পুনৰ ৰটকা ৮৭ পইচা বৃদ্ধি পোৱাত ভাৰত পেট্ৰ’লিয়াম ডিপুত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হয়গৈ ১০২ টকা ৫২ পইচা৷ ইয়াৰ বিপৰীতে ৰিলায়েন্স ডিপুত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হয়গৈ ১০০ টকা ৩০ পইচা৷ আনহাতে, ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য হৈছে ৮৭ টকা ৬৮ পইচা৷