Logo
image

চৰকাৰী আতিথ্যত নেডাৰলেণ্ডছলৈ সাংবাদিক মনোজ কুমাৰ গোস্বামী

আমাৰ অসম, ২৭ মাৰ্চঃ ‘কিংডম অব নেডাৰলেণ্ডছ’ৰ আমন্ত্ৰণ অনুসৰি নেডাৰলেণ্ডছ চৰকাৰৰ দ্বাৰা আয়োজিত চৰকাৰী ভ্ৰমণসূচী লৈ শনিবাৰে টিউলিপৰ দেশখনলৈ ৰাওনা হৈছে অগ্ৰণী সাংবাদিক মনোজ কুমাৰ গোস্বামী৷ অহা এপ্ৰিলত ভাৰত আৰু নেডাৰলেণ্ডছৰ দ্বিপাক্ষিক মৈত্ৰীৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দে চৰকাৰী ভ্ৰমণসূচী লৈ নেডাৰলেণ্ডছলৈ যাব৷ তাৰ পূৰ্বেই ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক নেডাৰলেণ্ডছে এক চৰকাৰী কাৰ্যসূচী হাতত লৈ দেশখনলৈ আমন্ত্ৰণ জনাইছে, য’ত বিগত ৭৫ বছৰত উভয় দেশৰ মাজত সম্পন্ন হোৱা বিভিন্ন সহযোগিতাৰ বিষয়ে আলোকপাত কৰা হ’ব৷ ‘কিংডম অব নেডাৰলেণ্ডছে’ প্ৰেৰণ কৰা আমন্ত্ৰণ পত্ৰত জনাইছে যে এই আনুষ্ঠানিক ভ্ৰমণকালত নেডাৰলেণ্ডছৰ উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু অন্যান্য বিভাগৰ মন্ত্ৰী তথা শীৰ্ষস্থানীয় চৰকাৰী বিষয়াই ৭৫ বছৰীয়া দ্বিপাক্ষিক মৈত্ৰীৰ সময়চোৱাত ভাৰত আৰু নেডাৰলেণ্ডছৰ মাজত সম্পন্ন হোৱা বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ড যেনে–জল, কৃষি, জলবায়ু, শক্তি, উদ্ভাৱনী আৰু সাংস্কৃতিক ক্ষেত্ৰৰ সহযোগিতাৰ বিষয়ে বিশদ বৰ্ণনা কৰিব৷ উল্লেখ্য, ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছতে নেডাৰলেণ্ডছৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক স্থাপন হৈছিল আৰু ভাৰতৰ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তিত সেই দ্বিপাক্ষিক সম্পৰ্কই হীৰক জয়ন্তী বৰ্ষ স্পৰ্শ কৰিছে৷ এই দীঘলীয়া সময়চোৱাত উভয় দেশৰ মাজত বিভিন্ন খণ্ডত সহযোগিতাৰ সম্পৰ্ক বৃদ্ধি পাইছে৷ টিউলিপ ফুলৰ দেশ হিচাপে প্ৰখ্যাত নেডাৰলেণ্ডছে বিগত ৭৫ বছৰ ধৰি ভাৰতৰ সৈতে থকা  দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাৎ গাঢ় কৰি আনিছে আৰু সেই অনুসৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোহিতা বাঢ়ি আহিছে৷ নেডাৰলেণ্ডছ চৰকাৰৰ ইচ্ছা আৰু আগ্ৰহ, ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ সৈতে একে বছৰতে সম্পূৰ্ণ হোৱা দ্বিপাক্ষিক মৈত্ৰীৰ সম্পৰ্কৰ সবিশেষ ভাৰতবাসীয়ে সবিশেষ জানক৷ তাৎপৰ্যপূৰ্ণ যে, নেডাৰলেণ্ডছ চৰকাৰে এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বিশদ বিবৰণ আৰু প্ৰচাৰৰ বাবে অসমেই নহয়, পূব ভাৰতৰ পৰা সাংবাদিক হিচাপে কেৱল ‘আমাৰ অসম’আৰু সমান্তৰালভাৱে ‘এন কে টিভি’ৰো দায়িত্বত থকা মনোজ কুমাৰ গোস্বামীকহে নিমন্ত্ৰণ কৰিছে৷ তেওঁৰ উপৰি এই চৰকাৰী কাৰ্যসূচীলৈ ‘দ্য হিন্দু’,‘দ্য টাইমছ অৱ ইণ্ডিয়া’,‘দ্য হিন্দুস্তান টাইমছ’আৰু ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ চাৰিজন সাংবাদিকক আমন্ত্ৰণ জনোৱা হৈছে৷ প্ৰায় এসপ্তাহজোৰা ভ্ৰমণকালত নেডাৰলেণ্ডছ চৰকাৰে বিস্তৃত আৰু ব্যস্ত কাৰ্যসূচী হাতত লৈ তেওঁলোকক দ্য হেগ, আমষ্টাৰডাম আৰু ৰটাৰডাম চহৰ ভ্ৰমণ কৰোৱাব৷ উল্লেখ্য, ইয়াৰ পূৰ্বেও আন চৰকাৰী ভ্ৰমণসূচী লৈ মনোজ কুমাৰ গোস্বামীয়ে একাধিকবাৰ নেডাৰলেণ্ডছ ভ্ৰমণ কৰিছিল৷ অৱশ্যে ৭৫ বছৰীয়া দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্ষপূৰ্তি উপলক্ষে এইবাৰৰ ভ্ৰমণ স্বাভাবিকতে অধিক গুৰুত্বপূৰ্ণ, য’ত দেশৰ উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰীয়েও তেওঁলোকৰ সৈতে ভিন ভিন বৈঠকত ভাগ ল’ব৷ শুকুৰবাৰে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক ৰাজ্যৰ আগশাৰীৰ ছেটেলাইট চেনেল ‘ডা নিউজ প্লাছে’‘পাৰ্ছনেলিটী অব দ্য ইয়েৰ ২০২১’ সন্মান প্ৰদান কৰে৷ এই অনুষ্ঠানত সাংবাদিক অনুৰাধা শৰ্মা পুজাৰী, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, শিল্পী আইমী বৰুৱা, মহিলা বগি চালক পূজা বড়ো, শিক্ষাবিদ ফাডাৰ ছেবাষ্টিয়ান মেথিউ, সুবক্তা পৱন আগৰৱালা, প্ৰশাসক দেবাশিক শৰ্মাকে ধৰি আন ১৬ জন ব্যক্তিক ‘পাৰ্ছনেলিটী অব দ্য ইয়েৰ ২০২১’সন্মান প্ৰদৰ্শন কৰা হয়৷ মাছখোৱাৰ আই টি এ সাংস্কৃতিক প্ৰকল্পত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উদ্যোগ-পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যৰ পৰ্যটন, শক্তি, ক্ৰীড়ামন্ত্ৰী বিমল বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, ৰাজ্যৰ কেইবাজনো মন্ত্ৰীকে ধৰি বহু গণ্যমান্য বক্তি উপস্থিত আছিল৷