Logo
image

৩০, ৩১, ৩৩... ৰিপুণৰ ভোট হিচাপ কৰিছে বিজেপিয়ে

আমাৰ অসম, ২৭ মাৰ্চঃ ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী পক্ষৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাই কিমান ভোট লাভ কৰিব সেই হিচাপ কৰাত ব্যস্ত বিজেপি৷ একাংশৰ মতে ৰিপুন বৰাই লাভ কৰিব ৩০টা ভোট, আন একাংশৰ মতে তেওঁ পাব ৩১ বা ৩৩টা ভোট৷ বিজেপিৰ মতে ৰিপুন বৰা ৰাজ্যসভাৰ নিৰ্বাচনত হৰাটো নিশ্চিত৷ কিন্তু কিমান ভোটত হাৰিব তাৰ অংক কৰাত ব্যস্ত বিজেপি৷ আজিৰ তাৰিখত কংগ্ৰেছৰ হাতত আছে ২৭ খন আসন৷ এ আই ইউ ডি এফৰ হাতত আছে ১৫ খন আসন৷ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে ইতিমধ্যে বিজেপিৰ পক্ষত ভোট দিব বুলি প্ৰকান্তৰে প্ৰকাশ কৰিছে৷ সেই হিচাপত ২৬টা ভোট এতিয়াও অক্ষত হৈ আছে কংগ্ৰেছৰ৷ নিৰ্দলীয় বিধায়ক অখিল গগৈ আৰু চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ইতিমধ্যে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰাক ভোট দিব বুলি প্ৰকাশ কৰিছে৷ ৰিপুন বৰাৰ পক্ষত ভোট পৰিব লাগে ৪৩টা৷ ৪৩ জন বিধায়কে ৰিপুন বৰাৰ মনোনয়নতো সংগ দিছে৷ তাৰ পাছতো বিজেপিয়ে দাবী কৰিছে যে ৩০-৩৩ টাতকৈ বেছি ভোট নাপায় ৰিপুন বৰাই৷ ৰিপুন বৰাই শনিবাৰেও বিধায়কৰ মাজত মিঠাই বিতৰণ কৰি আছে৷ শাসক পক্ষই ৰিপুন বৰাক মিঠাই বিতৰণ কৰা বাবে উপলুঙা কৰিছে৷ তাৰ পাছতো মিঠাই বিতৰণ কৰি ৰিপুন বৰাই কয়–ৰাজ্যসভাত আমি জয়লাভ কৰাটো নিশ্চিত৷ ৰাজ্যসভাত নিৰ্বাচনত জয়লাভ কৰাটো নিশ্চিত বাবেই মিঠাই বিতৰণ কৰিছোঁ৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইয়ো ৰিপুন বৰা জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰিছে৷ তেওঁ কয়–ৰিপুন বৰা ইতিমধ্যে সাংসদ হৈছে৷ কাৰণ বিৰোধীৰ ৪৩ বিধায়কৰ সমৰ্থন তেওঁ লাভ কৰিছে৷ সেই বাবে দলৰ ফালৰ পৰা তেওঁক মিঠাই বিতৰণ কৰিবলৈ কৈছোঁ৷ ইফালে, নিলম্বিত কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসে বিজেপিক ভোট দিম বুলি ৰাজহুৱাভাৱে মন্তব্য কৰাৰ পাছত আন এজন কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে৷ অৱশ্যে তেওঁ ৰাজ্যসভাৰ কোন প্ৰাৰ্থীক ভোট দিব সেই সন্দৰ্ভত একো কোৱা নাই৷ উল্লেখ্য, কংগ্ৰেছৰ ৪/৫ বিধায়কে ওলোটা মাৰিব বুলি ৰাজহুৱাভাৱে মন্তব্য কৰিছে এ আই আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে৷‘‘ৰাজ্যসভাত বৈতৰণী পাৰ হ’বলৈ ৰিপুন বৰাই যিমানেই মিঠাই বিতৰণ কৰিলেও সফল নহয়৷ ৰিপুন বৰাই হাৰাটো নিশ্চিত৷ ৰিপুন বৰাই মিত্ৰজোঁটৰ প্ৰাৰ্থীতকৈ দহটা ভোট কম পাব৷ ৰিপুন বৰাই পৰাজিত হোৱাৰ পিছত বিতৰণ কৰা মিঠাইবোৰ এনেই যাব৷ মিঠাইবোৰ ঘূৰায়ো নাপাব৷ ৰিপুন বৰাই বিতৰণ কৰা মিঠাইবোৰ তিতা মিঠাই হৈ যাব৷”–এইদৰে মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে আজি ভৱানীপুৰত আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী ৰিপুন বৰাক কটাক্ষ কৰি৷ বিধায়ক ফনীধৰ তালুকদাৰে লগতে কয় যে–‘‘বিৰোধীয়ে যিমানেই বিধায়ক সকলক হোটেলত থোৱা ৰাজনীতি কৰক বা আমেৰিকাত থৈ ফ্লাইটেৰে ভোট দিবলৈ আনিলেও সফল নহ’ব৷ যিয়ে য’ত ভোটদান কৰিব কৰিবই৷ আগতেই খাটাং হৈ গৈছে৷ কাৰণ মানুহৰ মন, মগজু, শৰীৰ কিনিব নোৱাৰে বিৰোধীয়ে৷ কোন কোন বিৰোধীয়ে মিত্ৰজোঁটক ভোট দিব আমাৰ জনা আছে৷