Logo
image

হিমন্তবিশ্ব ‘মাষ্টাৰ মাইণ্ড’বুলি ভয় খুৱাই দিলে আজমল, ভূঞাই

আমাৰ অসম, ২৭ মাৰ্চঃ ৰাজ্যসভাৰ নিৰ্বাচনলৈ মাজত মাথো চাৰি দি বাকী থকাৰ সময়ত বিৰোধীক ভয় দেখুৱাই দিলে এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল আৰু অজিত কুমাৰ ভূঞাই৷ হিমন্ত বিশ্ব শৰ্মা হৰ্চ ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ড বুলি ভয় দেখুৱাই দিছে আমজল আৰু ভূঞাই৷ ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী শিবিৰৰ ফালৰ পৰা উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে যদিও নিৰ্বাচনলৈ মাজত চাৰিটা দিন থকাৰ সময়ত বিৰোধী শিবিৰত ফাট মেলা কাৰ্যই শাসক পক্ষক উৎসাহী কৰি তুলিছে৷ ৰাজ্যসভাত কংগ্ৰেছৰ সমৰ্থন বিচাৰি বিফল হোৱা এ আই ইউ ডি এফৰ মুৰব্বীজনে কংগ্ৰেছৰ বিৰুদ্ধে উজাৰিছে ক্ষোভে৷ কংগ্ৰেছক ওফৰাই এ আই ইউ ডি এফ অসমৰ দ্বিতীয় বৃহৎ ৰাজনৈতিক দল হ’ব বুলি ঘোষণা কৰিছে আজমলে৷ শুকুৰবাৰে আজমলে সংবাদ মাধ্যমৰ আগত কৈছিল কংগ্ৰেছ বিধায়কৰ স্থিতি সন্দেহজনক৷ সদায় হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ গৈ থকা একাংশ বিধায়কে ওলোটা মাৰিব৷ এয়া কংগ্ৰেছৰ পৰম্পৰা৷ সাংসদ অজিত কুমাৰ ভূঞায়ো কয়– হিমন্ত বিশ্ব শৰ্মা হৰ্চ ট্ৰেডিঙৰ‘গুৰু’৷ একনায়কত্ববাদ চলাই যাবলৈ তেওঁ যিকোনো পৰ্যায়লৈ নামিব পাৰে৷ তেওঁ হৰ্চ ট্ৰেডিঙৰ মাষ্টাৰ৷ ভালদৰে নিৰ্বাচন অনুষ্ঠিত হ’লে বিৰোধী জয়ী হোৱাটো নিশ্চিত৷ অসম বিধানসভাৰ অধ্যক্ষকো পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি তেওঁ কয়৷ ইফালে ৰাজ্যসভাৰ নিৰ্বাচনত ভোটদানৰ বাবে থ্ৰী লাইন হুইপ জাৰি কৰাৰ কথা ঘোষণা কৰিছে এ আই ইউ ডি এফ৷ দলৰ চীফ হুইপ ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে এই কথা৷ তেওঁ কয়–এ আই ইউ ডি এফৰ ১৫ জন বিধায়ক বিৰোধী পক্ষৰ প্ৰাৰ্থীকে ভোট দিব৷ যিজন প্ৰতিনিধি থাকিব তেওঁক দেখুৱাই ভোট দিব বিধায়কসকলে৷ ইফালে কংগ্ৰেছৰ ওপৰত আস্থা হেৰুওৱা আজমলে ৰিপুন বৰাৰ বিজয়ৰ দায়িত্ব অৰ্পন কৰিলে এ আই ইউ ডি এফৰ ৫ বিধায়কৰ ওপৰত৷ কাজেই এতিয়া এ আই ইউ ডি এফৰ ৫ বিধায়কৰ ওপৰত নিৰ্ভৰ কৰিব ৰিপুন বৰাৰ বিজয়৷ অৱশ্যে এ আই ইউ ডি এফৰ চীফ হুইপজনে ৰাজ্যসভাৰ নিৰ্বাচনত চি পি আই এম বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু নিৰ্দলীয় বিধায়ক অখিল গগৈয়ে বিৰোধীৰ প্ৰাৰ্থীক নিশ্চিতভাৱে ভোটদান কৰিব বুলি মত প্ৰকাশ কৰে৷ উল্লেখ্য,ৰাজ্যসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব বিচাৰি আছিল৷ কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই এই সন্দৰ্ভত সেউজ সংকেট নিদিয়াত দিল্লীলৈ ৰাওনা হৈছিল দলটোৰ প্ৰতিনিধি৷ কিন্তু কংগ্ৰেছ হাইকমাণ্ডে সাক্ষাৎ নিদিলে এ আই ইউ ডি এফৰ প্ৰতিনিধি দলটোক৷