Logo
image

অধ্যক্ষই শ্লিপ দি বিধায়কক কিয় মাতিছে, ভূপেন বৰাৰ প্ৰশ্ন

আমাৰ অসম, ২৭ মাৰ্চঃ অসম বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ অধ্যক্ষই কোঠালৈ মাতি নি বিজেপিৰ পক্ষত ভোট দিবলৈ প্ৰৰোচিত কৰাৰো অভিযোগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে৷ তেওঁ কয়–বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰীৰ ৰূপত অৱতীৰ্ণ হৈছে৷ এটা সাংবিধানিক প্ৰদত্ত, নীতি প্ৰদত্ত পদত থাকি, সংবিধান মানি চলিম শপতলোৱা অসম বিধানসভাৰ অধ্যক্ষই শপত বাক্য অবমাননা কৰিছে৷ এনে কথা বতৰাৰ পৰা অধ্যক্ষজনক আঁতৰি থাকিবলৈ আহ্বান জনাইছোঁ৷ জম্মু কাশ্মীৰত ক্ৰছ ভোটিং কৰাৰ অভিযোগত সাতজন বিধায়কক জাননী জাৰি কৰা হৈছিল৷ বিজেপিৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ক্ৰছ ভোটিং কৰিলে বিধায়কপদ খাৰিজ কৰিব নোৱাৰে৷ বিহাৰত বিজেপিৰ সৈতে চৰকাৰ কৰি থকা জে ডি ইউৰ চাৰিজন বিধায়কৰ বিধায়ক পদ খাৰিজ কৰিছে৷ কিন্তু অসমত তাৰ বিপৰীতে কথা কৈ আছে বিধানসভাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীয়ে৷ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক উদ্দেশ্যি তেওঁ কয়–‘অধ্যক্ষ ডাঙৰীয়া, আপুনি মুখ্যমন্ত্ৰীৰ অধীনত নহয়৷ আপুনি আইনৰ অধীনত৷ আপুনি সংবিধানৰ অধীনত৷ আপুনি আইনমতে কথা কওক৷ সংবিধান মতে কথা কওক৷ নহ’লে বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ’বলৈ সাজু থাকক৷ উল্লেখ্য, অসম বিধানসভাৰ অধ্যক্ষই বিধান সভাৰ মজিয়াত উল্লেখ কৰিছে যে ক্ৰছ ভোটিং কৰিলে বা আন দলৰ প্ৰাৰ্থীক ভোট দিলে খাৰিজ নহয় বিধায়ক পদ৷ দলেহে ল’ব পাৰে ব্যৱস্থা৷ বিধানসভাৰ অধ্যক্ষৰ এনে মন্তব্যৰ পাছত কংগ্ৰেছ বিধায়িনী দলে বিশেষাধিকাৰ¸ভংগৰ অভিযোগ তুলিছিল৷ প্ৰয়োজনত আদালতৰ দ্বাৰস্থ হ’ম বুলি সকীয়াই দিছিল৷ শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়–কংগ্ৰেছ বিধায়কক শ্বিপ দি কোঠালৈ মাতি নি বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ প্ৰৰোচিত কৰিছে অধ্যক্ষই৷ ইফালে, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অনা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধ্যক্ষই৷ তেওঁ কয়– ৰাজ্যসভাৰ নিৰ্বাচনত মই এজন ভোটাৰহে, তাৰ বাহিৰে মোৰ কোনো ভূমিকা নাই৷ যিবোৰ কথা সংবাদ মাধ্যমত ওলাইছে, তাৰ ওপৰত নিশ্চিতভাৱে মই বক্তব্য ৰাখিব লাগিব৷ নিৰপেক্ষ নোহোৱাৰ কোনো কথা নাই৷ বিধায়ক পদ খাৰিজ হোৱা কথাটোক লৈ সংবাদ মাধ্যমে কৰা প্ৰশ্নৰ উত্তৰ দিবই লাগিব৷ সদনৰ ভিতৰত কোনো বিধায়কে দলৰ বিৰুদ্ধে গ’লেহে খাৰিজ হ’ব বিধায়ক পদ৷