Logo
image

বজাৰত জুই, বিপৰ্যস্ত জনজীৱন

দেশত মূল্যবৃদ্ধিৰ ‘লকডাউন’উঠাই দিলে চৰকাৰে

আমাৰ অসম, ২৮ মাৰ্চঃ ৬ দিনত ৫বাৰকৈ কি বৃদ্ধি হ’ল বুলি প্ৰশ্ন কৰিলে আজি দেশৰ আবাল-বৃদ্ধবনিতাই ভুল নোহোৱাকৈ সমস্বৰে উত্তৰ দিব– পেট্ৰ’ল আৰু ডিজেলৰ মূল্য৷ দেশৰ পাঁচখনকৈ ৰাজ্যৰ নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছত আৰু তাৰে চাৰিখন ৰাজ্যৰ ৰাজপাট বিজেপিয়ে অবলীলাক্ৰমে দখল কৰাত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ এতিয়া নিষ্কণ্টক৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনলৈ মাজত দুবছৰৰ অধিক সময় আছে৷ নিৰ্বাচনলৈ কেইমাহমান থকাৰ পৰাই ক্ষত মেৰামতি কৰিলেও দেশৰ ভোটাৰে হিয়া উবুৰিয়াই যে ভোট দিব, সেয়া বিগত আঠ বছৰত মৰ্মে মৰ্মে উপলব্ধি কৰি এতিয়া মোদী চৰকাৰে গভীৰ প্ৰশান্তিত চকু মুদি দিছে আৰু চৰকাৰ নিদ্ৰামগ্ন হৈ থকাৰ সময়তে দেশৰ মূল্যবৃদ্ধিৰ বিস্ফোৰণ ঘিটছে৷ সেয়ে কুইজৰ দৰে ৬ দিনত পাঁচবাৰ কি বৃদ্ধি হ’ল বুলি সুধিলে এতিয়া আৰু কোনেও উত্তৰ ভুল নকৰে৷ কোৱা হৈছে, পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতেই দেশৰ মূল্যবৃদ্ধিৰ ‘লকডাউন’উঠাই দিলে মোদী চৰকাৰে৷ চৰকাৰে এইবাৰ দামৰ‘বিকাশ’ত মনপুতি লাগিছে৷ একেৰাহে ১৩৭ দিন ধৰি দেশত পেট্ৰ’ল-ডিজেলৰ মূল্য স্থিৰ হৈ আছিল৷ কিয় স্থিৰ হৈ আছিল সেয়া দেশৰ জনতাক বুজাই ক’ব নালাগে৷ সকলোৱেই জানে সেই উত্তৰো৷ যোৱা ২০ মাৰ্চৰ মধ্যৰাতিৰ পৰা উদ্যোগক্ষেত্ৰত ব্যৱহূত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২৫ টকাকৈ বৃদ্ধি কৰাৰ পিছদিনাৰ পৰাই বিগত ৬ দিনত দেশত একেৰাহে পাঁচ দিন পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাই আছে৷ অসমৰ একাধিক জিলাত পেট্ৰ’লৰ মূল্যই ইতিমধ্যে চেঞ্চুৰী কোবাইছে৷ ২১ মাৰ্চৰ মাজনিশা বৃদ্ধি পাইছে ঘৰুৱা ৰন্ধন গেছৰ মূল্যও, প্ৰতিটো চিলিণ্ডাৰত ৫০ টকাকৈ৷ অসমত অহা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পাব বিদ্যুতৰ মাচুল৷ ঘৰুৱা ব্যৱহাৰ্য বিদ্যুতৰ মূল্য প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি পাব৷ অসমত প্ৰতি টন ৰডত ইতিমধ্যে ২০ হাজাৰ টকাকৈ বৃদ্ধি পাইছে৷ কেৱল তেল, বিদ্যুৎ, ৰডতে ৰক্ষা নাই, মোদী চৰকাৰে শনিবাৰে দেশত ব্যৱহূত ৮৫০ অত্যাৱশ্যকীয় ঔষধৰ ১০.৮ শতাংশকৈ মূল্যবৃদ্ধিৰ অনুমতি দিছে৷ দেশৰ ইতিহাসত ঔষধৰ দাম, ঘাইকৈ অত্যাৱশ্যকীয় ঔষধৰ মূল্য কোনোকালে একেকোবে ১০.৮ শতাংশ বৃদ্ধি হোৱাৰ অভিলেখ নাই৷ ২০১৯ চনত অত্যাৱশ্যকীয় ঔষধৰ মূল্য দুই শতাংশ আৰু ২০২০ চনত ০.৫ শতাংশ বৃদ্ধি পাইছিল৷ ক’ভিড অতিমাৰীয়ে স্বাস্থ্যখণ্ড বিধবস্ত কৰি পেলোৱা দেশখনত এইবাৰ মোদী চৰকাৰৰ ঔষধৰ মূল্যৰ নিয়ামক সংস্থা ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটীয়ে’একেকোবে অত্যাৱশ্যকীয় ঔষধৰ মূল্য ১০.৮ শতাংশ বৃদ্ধিৰ অনুমতি দিলে৷ উল্লেখ্য,‘নন ছিডিউলত’ঔষধৰ মূল্যহে বছৰত ১০ শতাংশ পৰ্যন্ত বৃদ্ধিৰ চৰকাৰী অনুমতি থাকে, য’ত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত তেনে আনুষ্ঠানিক নিয়ন্ত্ৰণ নাথাকে৷ অত্যাৱশ্যকীয় আৰু সাধাৰণ ব্যৱহূত ঔষধৰ দহ শতাংশতকৈ অধিক মূল্যবৃদ্ধিৰ এয়াই দেশৰ ইতিহাসত প্ৰথম উদাহৰণ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হ’লেই বা কিয় মূল্যবৃদ্ধি হৈছে বুলি প্ৰশ্ন কৰিলে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ওপৰতে হেলাৰঙে দোষ জাপি দিয়ে৷ এই যুদ্ধৰ বাবে খাৰুৱা তেলৰ মূল্য বিশ্বজুৰি বৃদ্ধি পাইছে সঁচা, কিন্তু যুদ্ধৰ প্ৰথম দুসপ্তাহতে খাৰুৱা তেলৰ মূল্য বিশ্ব বজাৰত এসময়ত প্ৰতি বেৰেলত ১৩৯ মাৰ্কিন ডলাৰ হৈছিল৷ তেতিয়া মোদী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি কৰিবলৈ অনুমতি দিয়া নাছিল, কাৰণ পাঁচখন ৰাজ্যৰ নিৰ্বাচন সম্পন্ন হোৱা নাছিল৷ এতিয়া প্ৰতি বেৰেলৰ মূল্য ১০০ ডলাৰ বা তাৰ তললৈ নামিছে, কিন্তু দেশত প্ৰতিনিয়ত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হৈ আছে৷ মোদী চৰকাৰে ৰাছিয়াৰ পৰা সুযোগ বুজি সম্প্ৰতি সমাপ্ত খাৰুৱা তেল ক্ৰয় কৰি আছে যদিও মূল্যবৃদ্ধিৰ হৈয়েই আছে৷ প্ৰসংগতঃ, ২০১৪ চনৰ ২৬ মে’ত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত খাৰুৱা তেলৰ মূল্য বিশ্ব বজাৰত প্ৰতি বেৰেলত ১০৮ মাৰ্কিন ডলাৰ আছিল৷ তেতিয়া দেশত পেট্ৰ’লৰ মূল্য ৭১ টকা আৰু ডিজেলৰ মূল্য ৫৫ টকা আছিল৷ আজিৰ দিনটোত বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য ১০৮ ডলাৰ আৰু দেশত পেট্ৰ’লৰ মূল্য ১০০ টকাৰ অধিক তথা ডিজেলৰ মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰিবলৈ উদ্যত৷ ২০১৪ চনৰ এক মাৰ্চত ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য আছিল ৪১০ টকা আৰু আজি ৯৭৬ টকা৷ ২০১২ চনত নৰেন্দ্ৰ মোদীয়ে এটা টুইটত কৈছিল– পেট্ৰ’লৰ মূল্যবৃদ্ধি কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ ব্যৰ্থতা৷ এতিয়া মোদী নিশ্চুপ৷ কোৱা হৈছিল, ডাবল ইঞ্জিন চৰকাৰ হ’লে ৰাজ্যবাসীৰ সুখ-শান্তি উপচি পৰিব৷ ডাবল ইঞ্জিন মানে কেন্দ্ৰ-ৰাজ্য উভয়তে একে চৰকাৰ৷ এতিয়া অসমত ডাবল ইঞ্জিন চৰকাৰ যদিও দুয়োটা ইঞ্জিনে ৰাইজক মূল্যবৃদ্ধিৰে চেপি-খুন্দি আনিছে৷ কেন্দ্ৰৰ ইঞ্জিনে যদি পেট্ৰ’ল-ডিজেলৰ  দাম বঢ়ায়, তেন্তে ৰাজ্যৰ ইঞ্জিনে বিদ্যুতৰ মাচুল বঢ়ায়৷ কেন্দ্ৰৰ ইঞ্জিনে যদি ঔষধৰ মূল্য বৃদ্ধি কৰে তেন্তে ৰাজ্যৰ ইঞ্জিনে বৃদ্ধি কৰে ৰডৰ, চিমেণ্টৰ দাম৷ কথা আছিল– ডাবল ইঞ্জিনে ৰাজ্যৰ বাসিন্দাক সুষম গতিত টানি নিব৷ পিছে এতিয়া কপলিং ছিগা ৰে’লৰ দৰে ডাবল ইঞ্জিনৰ চৰকাৰে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজ্যৰ জনতাক দুয়োফালৰ পৰা চেপি-খুন্দিহে আনিছে৷ ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধন জাতীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হোৱাৰ প্ৰতিবাদত ৰঙিয়াত আজি আছুৱে যোগান মন্ত্ৰী ৰঞ্জিৎ দাসৰ পুত্তলিকা দাহ কৰে৷  ৰঙিয়াৰ হাইৱে চ’কত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি প্ৰতিবাদকাৰীসকলে যোগান মন্ত্ৰী ৰঞ্জিত দাসক এজন অকৰ্মণ্য মন্ত্ৰী আখ্যা দি মূল্যবৃদ্ধি ৰোধত মন্ত্ৰী দাস ব্যৰ্থ হোৱা বুলি ক্ষোভ উজাৰে৷ বিশেষকৈ শেহতীয়াভাৱে পেট্ৰ’ল আৰু ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি তুলিছে৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ ওপৰত মাধমাৰ সোধাইছে৷ এক্ষেত্ৰত যোগান মন্ত্ৰী ৰঞ্জিত দাসে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ বাবে ৰাইজে ত্ৰাহিমধুসূধন সুঁৱৰিব লগা হৈছে বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে৷ আনহাতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হোৱা বুলি উল্লেখ কৰা মন্ত্ৰী দাসক নেমু টেঙাৰ মূল্যবৃদ্ধিও ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে হৈছে নেকি বুলি প্ৰশ্ন কৰে৷ এই চৰকাৰখনে মূল ইছ্যুৰ পৰা আঁতৰি আহি কিছুমান অবান্তৰ আৰু অযুক্তিকৰ কথা কৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্যক আছুৱে ধিক্কাৰ দিয়ে৷ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে আছুৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ আজিৰ প্ৰতিবাদীকাৰ্যসূচীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিতু ডেকা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত শৰ্মা, সাধাৰণ সম্পাদক মৃণ্ময় কুমাৰ ডেকাকে ধৰি বহু নেতা-কৰ্মী উপস্থিত থাকে৷