Logo
image

আজিৰ পৰা চকাবন্ধ

দুদিনৰ বাবে অচল হ’ব বেংক

আমাৰ অসম, ২৮ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা [কোড] বাতিল কৰা, বিদ্যুৎ [সংশোধনী] বিল-২০২১ বাতিল কৰা, ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিগৰাকীক খাদ্য আৰু উপাৰ্জনৰ নিৰিখত মাহিলি ৭৫০০ টকা আদায় দিয়া, এম.এন. ৰেগাৰ পাৰিশ্ৰমিকৰ হাৰ বৃদ্ধি কৰা, শ্ৰমিকৰ নূ্ন্যতম মজুৰি দৈনিক ৮০০ টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা ইত্যাদি দাবীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই ২৮ আৰু ২৯ মাৰ্চত দুদিনীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে৷ ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ অসম শাখাই এই ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাইছে৷ লগতে ২৮-২৯ মাৰ্চত সকলো দোকান-পোহাৰ, যানবাহন, বাণিজ্যিক প্ৰতিষ্ঠান, কল-কাৰখানা, ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান, তৈলখণ্ড, বেংক, বীমা, ৰেল যাতায়ত বন্ধ ৰাখি ধৰ্মঘট সৰ্বতো প্ৰকাৰে সফল কৰাৰ বাবে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাবেচনসমূহে অসমৰ সৰ্বস্তৰৰ শ্ৰমিক-কৰ্মচাৰী আৰু ৰাইজলৈ আহ্বান জনাইছে৷ ‘ইফালে মটৰ শ্ৰমিক কল্যাণ আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰা, অত্যধিক জৰিমণাৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবীত সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক ইউনিয়নে ২৮ আৰু ২৯ মাৰ্চত আহ্বান জনোৱা চকা বন্ধ কাৰ্যসূচী সফল কৰি তুলিবলৈ জনগণক আহ্বান জনাইছে৷ এই সম্পৰ্কে অসমৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চৰ হৈ বীৰেন শৰ্মাই কয় -সোমবাৰে পুৱা ৬ বজাৰ পৰা ৩০ মাৰ্চলৈ পুৱা ৬ বজালৈ হ’বলগীয়া ধৰ্মঘট আৰু চকা বন্ধলৈ আমি সঁহাৰি জনাইছোঁ৷ অৱশ্যে অত্যাৱশ্যকীয় সেৱা সমূহক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব৷ উক্ত দিন কেইটাত পৰীক্ষা নথকা চৰকাৰী-বেচৰকাৰী সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈয়ো আবেদন জনাইছোঁ৷ অসমত বিশেষকৈ ২৮ আৰু ২৯ মাৰ্চত হ’ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ দিন সূচী সলনি কৰাৰ বাবে দুয়োখন বোৰ্ডৰ সচিবলৈ আমি পত্ৰ প্ৰদান কৰিছিলোঁ৷’ ইফালে বিদু্যৎ সংশোধনী বিধেয়ক-২০২১বাতিল,  শ্ৰম সংহিতা বাতিল কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন নীতি বাতিল কৰা, পুৰণি পেঞ্চন নীতি বাহাল কৰা, অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, বিদু্যৎ চাব-ষ্টেচন আউটচোছিংৰ বন্ধ কৰা সহ অন্যান্য দাবীত কেন্দ্ৰীয় চৰকাৰৰ জনস্বাৰ্থ বিৰোধী, জাতীয় স্বাৰ্থৰ পৰিপন্থী নীতিৰ বিৰুদ্ধে ২৮-২৯ মাৰ্চ দেশজুৰি দুদিনীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে৷ বিদ্যুৎ কৰ্মচাৰীৰ আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমণ্ময়ৰক্ষী সমিতিয়ে এই ধৰ্মঘট পূৰ্ণ সমৰ্থন জনায় আৰু সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিবলৈ সৰ্বসম্মতী সিন্ধান্ত গ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতয়ে দেশজুৰি সাধাৰণ ধৰ্মঘট পালন কৰিবলৈ ইয়াৰ অংশীদাৰ শ্ৰমিক সংগঠন সমূহে ধৰ্মঘটত সক্ৰিয় ভাৱে অংশ গ্ৰহণৰ কৰাৰ লগতে অনান্য বিষয়া-কৰ্মচাৰীৰ সংগঠন সমূহে এই দুদিনত কাৰ্যালয়ৰ সম্মুখত ব্যাপক প্ৰতিবাদী বিক্ষোভ কাৰ্য্যসূচীৰ জৰিয়তে কৰ্মবিৰতি পালন কৰিবলৈ সিন্ধান্ত গ্ৰহণ কৰে৷ কো-অৰ্ডিনেছন কমিটি অৱ ইলেক্টিªচিটী এমপ্লইজ ইঞ্জিনিয়াৰৰ্চ এণ্ড পেঞ্চনাৰ্চে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয় ৰক্ষীৰ সিন্ধান্ত অসমত সফল ৰূপায়ণ কৰিবলৈ দায়বদ্ধ৷ সেয়ে কো-অৰ্ডিনেছন কমিটি অৱ ইলেক্টিªচিটী এমপ্লইজ ইঞ্জিনিয়াৰৰ্চ এণ্ড পেঞ্চনাৰ্চছে বিদ্যুৎ কৰ্মচাৰীৰ আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ নিৰ্দেশত ৰাজ্যৰ আৰু সংগঠনৰ সবিশেষ পৰিস্থিতি পৰ্যালোচনা কৰি সাধাৰণ ধৰ্মঘট সমৰ্থনত  ২৮ আৰু ২৯ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ মুখ্য কাৰ্যালয় বিজুলী ভৱনেকে ধৰি  নিজৰ নিজৰ কাৰ্য্যালয় সম্মুখত ব্যাপক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীৰ জড়িয়তে সকলো বিষয়া-কৰ্মচাৰীৰ কৰ্মবিৰতি পালন কৰিবলৈ সিন্ধান্ত গ্ৰহণ কৰে৷ লগতে সাধাৰণ নাগৰিকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎতৰ যোগান অব্যাহত ৰাখিবলৈ উৎপাদন কেন্দ্ৰ, কণ্ট্ৰোলৰূম, চিফ্‌ট ডিউটি আৰু ৰাজহ সংগ্ৰহৰ জড়িত কৰ্মচাৰী সকলক এই কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া হৈছে৷ অসমতো ২৮-২৯ মাৰ্চত সাধাৰণ ধৰ্মঘট সফল কৰাৰ লগতে অহা দিনত সাধাৰণ নাগৰিকৰ বিদ্যুতৰ মৌলিক অধিকাৰ ৰক্ষাৰ লগতে ৰাজ্যৰ ৰাজহুৱা বিদ্যুৎ খণ্ডৰ ৰক্ষাৰ কাৰণে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনাই কো-অৰ্ডিনেছন কমিটী অৱ ইলেক্ট্ৰিচিটী এমপ্লইজ, ইঞ্জিনিয়াৰৰ্চ এণ্ড পেঞ্চনাছে ২৮, ২৯ মাৰ্চৰ সাধাৰণ ধৰ্মঘট আৰু গ্ৰামীণ ধৰ্মঘট সফল কৰিবলৈ কৃষক সভাই আহবান জনাইছে৷ অসম ৰাজ্যিক কৃষক সভাই চিআইটি ইউৰ অসম ৰাজ্যিক কমিটিৰ লগত যৌথভাৱে সাধাৰণ ধৰ্মঘটত আৰু গ্ৰামীণ হৰতালৰ সমৰ্থনত ব্যাপক প্ৰচাৰ কাৰ্য চলাইছে৷ আনহাতে বেংক বেচৰকাৰীকৰণ কৰাৰ প্ৰতিবাদত কাইলৈৰ পৰা দেশজুৰি দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷ অসমতো এই কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷ যাৰ ফলত দুদিনৰ বাবে অচল হৈ পৰিব বেংক সেৱা৷ উল্লেখ্য, বেংকৰ ধৰ্মঘট কাৰ্যসূচীৰ বাবে এ টি এম সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ অন্ন-বস্ত্ৰ-বাসস্থান-শিক্ষা-স্বাস্থ্য ক্ৰমে দেশৰ জনগণে জীয়াতু ভুগিব লগীয়া হোৱাত অসমৰ শ্ৰমিক সংগঠন সমূহে  মূল্যবৃদ্ধিয়ে বিধস্ত কৰা বাবে আই এন টি ইউ চি, এ আই টি ইউ চি, এইছ এম এছ, চি আই টি ইউ, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি, ইউ টি ইউ চি, গুৱাহাটী বিভাগীয় বীমা কৰ্মচাৰী সমিতি, উত্তৰ পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতি, অসম প্ৰাদেশিক বেঙ্ক কৰ্মচাৰী সমিতি, বেঙ্ক এমপ্লয়িজ ফেডাৰেচন[উত্তৰ পূৰ্বাঞ্চল], অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচন, কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী সমম্বয়ৰক্ষী সমিতি, এ আই ডি ই এফ, নেচনেল ফেডাৰেচন অৱ পোষ্টেল এমপ্লয়িজ, বি এছ এন এল এমপ্লয়িজ ইউনিয়ন,  উত্তৰ-পূৰ্বাঞ্চল তৈল শ্ৰমিক সমম্বয়ৰক্ষী সমিতি, আছাম ট্ৰিবিউন এমপ্লইজ ইউনিয়ন আৰু ষ্টেট বেংক অব ইণ্ডিয়া ষ্টাফ এছোচিয়েচনে এই দেশজোৰা সাধাৰণ ধৰ্মঘটলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷