Logo
image

কাৰ ভোট ক’লৈ যাব কংগ্ৰেছত সন্দেহৰ বীজ

ৰাজ্যসভা নিৰ্বাচন

আমাৰ অসম, ২৮ মাৰ্চঃ ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে সংঘাট বাঢ়িছে বিৰোধী শিবিৰৰ৷ বিজেপিক পৰাভূত কৰাৰ লক্ষ্য লৈ বিৰোধী শিবিৰৰ পৰা উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে যদিও আজিৰ তাৰিখত বহুধা বিভক্ত বিৰোধী শিবিৰ৷ এটা দলৰ বিশ্বাস নাই আন এটা দলৰ ওপৰত৷ বিৰোধীৰ মাজত চৰ্চা হৈছে বিশ্বাসঘাটক কোন, ৰাজ্যসভাৰ নিৰ্বাচনত কোনে কাক ভোট দিব তাকে লৈ৷ তাৰ মাজত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয়–‘কংগ্ৰেছৰ প্ৰত্যেকজন বিধায়কৰ লগতে মোৰ সম্পৰ্ক ভাল৷ যিটো দলত মই ২৫-৩০ বছৰ থাকিলো তাৰ মানুহ বিলাকৰ লগত মোৰ ব্যক্তিগতভাৱে ভাল কিয় নহ’ব? যদি কোনোবাই নতুনকৈ আহি কংগ্ৰেছ কৰিছে মই চিনি নাপাও৷ ৰাজ্যসভাৰ নিৰ্বাচনত আমাৰ দুয়োজন প্ৰাৰ্থীয়েই জিকিব৷ তাৰ বাবে নতুনকৈ কৈ থাকিব লাগিব বুলি নাভাবো৷ কেইটা ভোট পাম নিৰ্বাচনৰ দিনা ১০ মিনিট আগে সুধিব মই কৈ দিম৷’ৰাজ্যসভাৰ নিৰ্বাচনত কোন জয় হ’ব তাক লৈ চৰ্চা হোৱাৰ পৰিৱৰ্তে কোনে কাক বিশ্বাসঘাটকতা কৰিছে তাক লৈ যেন বেছি চৰ্চা হৈছে৷ বিশ্বাসঘাটক সজাবলৈ কংগ্ৰেছ-ইউ ডি এফৰ মাজত চলিছে অঘোষিত প্ৰতিযোগিতা৷ ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ সন্দেহ কংগ্ৰেছ বিধায়কৰ ওপৰত৷ তেওঁৰ স্পষ্ট কথা–ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছত৷ কংগ্ৰেছৰ কেইজনমান মানুহে আন দললৈ যায়৷ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ সন্দেহ নাই৷ তথাপি ১ শতাংশ সন্দেহ আহে৷ ইউ ডি এফে বিধায়ক বিশ্বাসঘাটকতা নকৰে৷ কংগ্ৰেছৰো হ’ব নালাগে৷ কিন্তু কিছুমানৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলামিছা বেছি আছে৷ এ আই ইউ ডি এফৰ বিধায়কৰ ভোট যাতে সঠিক ঠাইত পৰে তাৰ বাবে ৫ জন বিধায়কৰ দায়িত্ব দিছো৷ তেওঁলোকে কংগ্ৰেছৰ উপৰি বিৰোধী শিবিৰৰ আন দলকো আহ্বান জনাব যাতে এইবাৰ বিৰোধীৰ হাতত থাকে আসনখন৷ কংগ্ৰেছৰ আন একাংশই আকৌ প্ৰশ্ন তুলিছে আজমলৰ ভূমিকাকলৈ৷ কংগ্ৰেছ সাংসদ গৌৰব গগৈয়ে কয়–ইউ ডি এফে মিত্ৰতা কাৰ লগত কৰিছে৷ দেখুৱাই কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে আৰু কামত বিজেপিক সমৰ্থন দি আছে৷ উল্লেখ্য, কংগ্ৰেছৰ বিধায় শশীকান্ত দাসে ইতিমধ্যে বিজেপিৰ পক্ষত থাকিব বুলি ৰাজহুৱাভাৱে মন্তব্য কৰিছে৷ আন এজন কংগ্ৰেছ বিধায়ক আখতাব উদ্দিন মোল্লা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ৷ ২০২৬ চনত নহ’লেও ২০৩১ চনত ৰাজ্যত হ’ব এ আই ইউ ডি এফ চৰকাৰ৷ উজনিৰ লোকেও এতিয়া আজমলৰ ওপৰত আস্থা প্ৰকাশ কৰিছে৷ এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কৰা মন্তব্যই এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ এ আই ইউ ডি এফৰ বিধায়কজনৰ এনে বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ আব্দুল খালেকে৷ তেওঁ কয়–অসমত এ আই ইউ ডি এফ কেতিয়াও বিকল্প হ’ব নোৱাৰে৷ এ আই ইউ ডি এফে কেৱল বিজেপিক সহায়হে কৰিব পাৰিব৷ এ আই ইউ ডি এফৰ উত্থানে বিজেপিক সহায় কৰিব৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, বিজেপিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ক’লে–এয়া চাদুল্লা ভাছনিৰ পৰিকল্পিত চিন্তা চৰ্চা৷ এই চিন্তা চৰ্চা তেওঁলোকৰ ভৱিষ্যতৰ সপোনৰ বৰ্হি প্ৰকাশ মাত্ৰ৷ ড॰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে তেওঁলোকৰ সপোন সপোন হৈ ৰ’ব৷ বিজেপিয়ে কেতিয়াও তেওঁলোকৰ সপোন বাস্তৱ হ’বলৈ নিদিয়ে৷ ইয়াত অসমীয়া মানুহৰ চৰকাৰ হ’ব৷ খিলঞ্জীয়া মানুহৰ চৰকাৰ হ’ব৷ খিলঞ্জীয়া মানুহৰ চৰকাৰ হ’ব৷ কোনো অনুপ্ৰৱেশকাৰী অসমৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে৷ ইফালে, এ আই ইউ ডি এফৰ অন্যতম সম্পাদক বিধায়ক কৰিম উদ্দিন বৰভূঞাই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে উজনিৰ মানুহে অকল্পনীয়ভাৱে আজমলৰ ওপৰত আস্থা প্ৰকাশ কৰিছে৷ আজমল বা তেওঁৰ পৰিয়ালৰ লোক কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়৷ এ আই ইউ ডি এফৰ নীতি স্পষ্ট হোৱাৰ পাছত কেতিয়াও নভবা মানুহ দলটোৰ প্ৰতি আকৰ্ষিত হৈছে৷ যদি ২০২৬ নহয়, ২০৩১ চনত আমি চৰকাৰ গঠন কৰিম খাটাং৷ আমাৰ চৰকাৰ হ’লে মূল সুঁতিৰ এজন অসমীয়া লোক মুখ্যমন্ত্ৰী হ’ব৷ অমুছলমান মানুহে মুখ্যমন্ত্ৰী হ’ব অসমৰ৷ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ সুৰতে সুৰ মিলাই বিধায়ক আশ্ৰাফুল হুছেইনে কয়–অসমত অসমীয়াৰ প্ৰভূত্ব ৰক্ষা কৰিব পৰা অসমৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব পৰা একমাত্ৰ ৰাজনৈতিক দল এ আই ইউ ডি এফে৷