Logo
image

মেৰামতিৰ অভাৱত উমৰাংছ’ৰ জলবিদ্যুৎ প্ৰকল্পত অঘটন!

দিল্লীয়ে মুকলি কৰি দিয়া নাই ধন

আমাৰ অসম,২৮মাৰ্চঃ ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ পাঁচ কিলোত থকা নিপকোৰ খানদাং জলবিদ্যুৎ প্ৰকল্পত শনিবাৰে পুৱা ১১.২০ বজাত সংঘটিত হৈছিল জলবিস্ফোৰণৰ ঘটনা৷ প্ৰকল্পটোৰ মূল বান্ধৰ টানেল বিস্ফোৰিত হৈ নিমিষতে জলমগ্ন হৈ পৰিছিল সমগ্ৰ এলেকা৷ এই দুৰ্ঘটনাত এবছৰ চাকৰি কাল থকা ডিগবৈৰ জ্যেষ্ঠ প্ৰৱন্ধক জয়ন্ত হাজৰিকা, যোৰহাট বৰিগাঁৱৰ অভিযন্তা অনুপম শইকীয়া আৰু হাফলঙৰ ডিমজাৰ জহৰীৰ মৃত্যু হৈছিল৷ আজি এক শোকাকুল পৰিৱেশত পৰিয়ালৰ লোকে তিনিওগৰাকী কৰ্মচাৰীৰ মৃতদেহ চমজি লয়৷ ১৩২/৩৩ কেভি প্ৰকল্পটোৰ উৎপাদন চাৰিমাহৰ বাবে বন্ধ ৰাখি চলি আছিল মেৰামতিৰ কাম৷ কিন্তু যোৱা দুটা দিন ধৰি মেঘালয় আৰু ডিমা হাচাও জিলাৰ পাহাৰত দি আছিল ধাৰাষাৰ বৰষুণ৷ ফলত পাহাৰৰ ওপৰৰ পৰা তীব্ৰ গতিত প্ৰকল্পৰ বান্ধলৈ নামি আহিছিল পানী৷ নিপকোত কৰ্মৰত অভিযন্তা আৰু আন আন কৰ্মচাৰীসকলে নদীবান্ধত বিপদ হ’ব বুলি অনুমান কৰিছিল৷ সেয়ে ইনটেক গেট বন্ধ কৰাৰ বাবে চেষ্টা চলিছিল৷ ইফালে, নদীবান্ধৰ পানীৰ গতি কিমান তাক চাবলৈ গৈছিল জ্যেষ্ঠ প্ৰৱন্ধক জয়ন্ত হাজৰিকা, অনুপম শইকীয়া আৰু ডিমজাৰ জহৰী৷ তেনে সময়তে বিস্ফোৰিত হৈছিল মিনিটত ১২০০ ঘন মিটাৰ পানী পৰিবাহী টানেল৷ ফলত পানীয়ে উটুৱাই নিছিল তেওঁলোকক৷ তাতে পানীৰ খুন্দাত বাগৰি পৰিছিল গছ৷ আনহাতে, ভালভ্‌ হাউছত আছিল বহুতো কৰ্মচাৰী৷ কিন্তু দৌৰি দৌৰি আহি এজন কৰ্মচাৰীয়ে পাইপ ফটাৰ খবৰ দিয়াত প্ৰাণলৈ সকলোকে পলাবলৈ কোৱাৰ বাবে আন সকলৰ প্ৰাণ ৰক্ষা পৰিল৷ আজি নিপকো ইনটেক গেট বন্ধ কৰাত সফল হ’ল৷ যাৰ ফলত পানীৰ ঢল বন্ধ হ’ল৷ কিন্তু, এতিয়া সমগ্ৰ প্ৰকল্পস্থলী বালিময় মৰুভূমি৷ পানীৰ খুন্দাত ভালভ্‌ হাউছটো গাৰ্ড ৱালত লাগি ৰৈ আছিল যদিও আজি হাউলি পৰি যায় ভালভ্‌ হাউছ৷ উল্লেখ্য, ২০১৯ চনৰ ৭ অক্টোবৰত উমৰাংছ’ৰে কপিলী জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছিল একেই জলবিস্ফোৰণ৷ ২০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা কপিলী জলবিদ্যুৎ প্ৰকল্পত হোৱা টানেলৰ পাইপ বিস্ফোৰণৰ ফলত জয়ছিং তিছ',প্ৰেমপাই বাল্মিকী, ৰবৰ্াট জন নাগালাই আৰু ৰাজু ৰেড্ডী নামৰ কৰ্মচাৰী কেইজনৰ মৃত্যু হৈছিল৷ সেই সময়ত নিপকো কতৃৰ্পক্ষই কৈছিল যে এয়া দুৰ্ঘটনা৷ কিন্তু দুৰ্ঘটনাস্থলীত একাংশ কৰ্মচাৰীয়ে ক্ষোভ প্ৰকাশ কৰি কৈছিল উদ্ধৰ্তম কতৃৰ্পক্ষৰ গাফিলতিৰ কথা৷ দিল্লীয়ে সময়ত প্ৰকল্প মেৰামতিৰ বাবে ধন নিদিয়াৰ ফলতে ২০১৯ চনৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছিল৷ তেতিয়াৰ অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙৰ সন্মুখতে ক্ষুণ্ণ একাংশ কৰ্মচাৰীয়ে এই অভিযোগ কৰিছিল৷ আজিও নাম প্ৰকাশত অনিচ্ছুক এজন বিষয়াই আমাৰ অসমক ক’লে একেই কথা৷ কতৃৰ্পক্ষৰ গাফিলতিৰ কথা৷ সময়ত প্ৰকল্প মেৰামতিৰ বাবে দিল্লীয়ে ধন নিদিয়াৰ বাবেই ঘটিল নেকি এই ঘটনা৷ অৱশ্যে আজি দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা নিপকোৰ চিএমডিবিকে সিঙে ঘটনাটোক দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে৷ তেওঁ কয় যে প্ৰকল্প মেৰামতিৰ প্ৰয়োজন থকাৰ বাবেই ছাটডাউন লৈ কাম কৰি থকা হৈছে৷ আনহাতে, শনিবাৰৰ দুৰ্ঘটনাক লৈ আজি পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰ মন্ত্ৰী যোগেন মহনে ডিফুত মন্তব্য কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় যে মই ঘটনাটোৰ বিষয়ে শুনিছো৷ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে মই ইয়াৰ তদন্ত কৰিম৷ মুখ্যমন্ত্ৰীক সকলো অৱগত কৰিম৷ তেওঁ দুৰ্ঘটনা স্থলীলৈ যাম বুলিও সাংবাদিকৰ আগত কয়৷ নিপকোৰ সৰু সৰু জলবিদ্যুৎ প্ৰকল্পৰ এনে দুৰ্ঘটনাই ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন আৰম্ভ কৰিব লগা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীৰ কাষৰীয়া ৰাইজক চিন্তিত কৰি তুলিছে৷ ডিমা হাচাও জিলাৰ উমৰাংচ’ৰ কপিলী জলবিদু্যৎ প্ৰকল্পত শনিবাৰে সংঘটিত জল বিস্ফোৰণত নিহত যুৱ অভিযন্তা অনুপম শইকীয়া [৩৫]-ৰ নশ্বৰ দেহ আজি সন্ধিয়া যোৰহাটৰ টেকেলা গাঁৱৰ স্বগৃহলৈ অনা হয়৷ তেওঁৰ মৃতদেহ স্বগৃহত উপস্থিত হোৱাৰ সময়ত বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ নশ্বৰদেহ আহি পোৱাৰ পূৰ্বৰে পৰা বাসগৃহটোত অগণন গুণমুগ্ধ, বন্ধু বৰ্গ, স্থানীয় ৰাইজ, আত্মীয়-স্বজন আদি উপস্থিত আছিল৷ মৃতদেহ আহি পোৱাৰ লগে লগে বাসগৃহটোত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ শোকাকুল জনতাই তেওঁৰ প্ৰতি অন্তিম শ্ৰদ্ধা জনায়৷ ইয়াৰ পাছতে স্থানীয় বড়িগাঁৱৰ শ্মশানত শইকীয়াৰ নশ্বৰ দেহৰ অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ উল্লেখ্য, অনুপম শইকীয়াৰ পৰিয়াল মূলতঃ যোৰহাট জিলাৰ টীয়ক কাৱৈমাৰী গাঁৱৰ বাসিন্দা আছিল যদিও পাছত তেওঁৰ পিতৃয়ে যোৰহাটত স্থায়ী ঘৰ নিৰ্মাণ কৰাই স্থানান্তৰিত হয়৷ অনুপম শইকীয়াৰ পিতৃ, অৱসৰপ্ৰাপ্ত সেনা বিষয়া দিগন্ত শইকীয়া আৰু মাতৃ অনিমা শইকীয়া৷ টীয়ককাৱৈ মাৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা অনুপম শইকীয়াই যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উচ্ছতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়ন কৰে৷ ইয়াৰ পাছতে তেওঁ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জীনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে৷ ২০১৩ চনত তেওঁ নীপকোৰ চিভিল ইঞ্জিনীয়াৰ হিচাপে যোগদান কৰে৷ প্ৰায় দুবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা অনুপম শইকীয়াই পিতৃ-মাতৃ আৰু পত্নীৰ লগতে এটি সাত মহীয়া পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ গৈছে৷

পুত্ৰৰ অন্নপ্ৰসন্ন নহ’লঃ দুবছৰৰ পূৰ্বে অনুপম শইকীয়াই পুনমশ্ৰী দাসক বিয়া কৰায়৷ তেওঁলোকৰ এটি সাতমহীয়া পুত্ৰ সন্তান আছে৷ তেওঁলোকৰ কণমাণি সন্তানটিৰ আজি উমৰাংছ’তে অন্নপ্ৰসন্নৰ দিন ধাৰ্য কৰা হৈছিল৷ সমাগত ব’হাগ বিহুত তেওঁলোক ঘৰলৈ আহি স্থানীয় ৰাইজক অপ্যায়নৰো পৰিকল্পনা কৰিছিল৷ কিন্তু ইয়াৰ পূৰ্বেই এই শোকাৱহ ঘটনা সংঘটিত হয়৷ উমৰাংছ’ৰ পাঁচকিলো খানদাং প্ৰকল্পত শনিবাৰে দুপৰীয়া নীপকোৰ ডেম্পৰ পৰা পানী অহা টানেল বিস্ফোৰিত হৈ জ্যেষ্ঠ প্ৰবন্ধক [অভিযন্তা] ডিগবৈৰ জয়ন্ত হাজৰিকা, কনিষ্ঠ অভিযন্তা যোৰহাটৰ অনুপম শইকীয়া আৰু ঠিকাভিত্তিক কৰ্মচাৰী হাফলঙৰ ডিমৰাজ জহৰী ঘটনাস্থলীত আৱদ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়৷ অভিযন্তা জয়ন্ত হাজৰিকাৰ মৃত্যুৰ সংবাদ বিয়পি পৰাত ডিগবৈ মুলিয়াবাৰীস্থিত তেওঁৰ ঘৰত কান্দোনৰ ৰোল উঠাৰ লগতে সমগ্ৰ পৰিৱেশটো শোকাকুল হৈ পৰিছে৷ প্ৰয়াত প্ৰবীণ কংগ্ৰেছী নেতা তথা কৃতি শিক্ষক মাণিক চন্দ্ৰ হাজৰিকাৰ মাজু পুত্ৰ জয়ন্ত হাজৰিকা আছিল অমায়িক আৰু উচ্ছশিক্ষিত৷ জন্মস্থান ডিগবৈত হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈ হাজৰিকাই লাহোৱাল পলিটেকনিকৰ পৰা চিভিল ইঞ্জিনীয়াৰিং [১৯৮৫ চনত] পাছ কৰি অসম-অৰুণাচল আদি বিভিন্ন ঠাইৰ প্ৰকল্পত চাকৰি কৰি শেহতীয়াকৈ উমৰাঙছ’ৰ জল বিদু্যৎ প্ৰকল্পত জ্যেষ্ঠ প্ৰবন্ধক হিচাপে কৰ্মৰত হৈ আছিল৷ অৱসৰ গ্ৰহণ কৰিবলৈ প্ৰায় নমাহ থকা অৱস্থাত আকস্মিক দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয় হাজৰিকাই৷ পত্নী অনিমা ফুকন হাজৰিকা, উচ্চ শিক্ষাৰে শিক্ষিত একমাত্ৰ কন্যা অৰ্চনা প্ৰিয়ম হাজৰিকা, ককায়েক, ভায়েক আৰু বহু আত্মীয়ক এৰি যায় ৫৯ বছৰীয়া অভিযন্তা হাজৰিকাই৷ তেওঁৰ মৃত্যুৰ খবৰ পাই ডিগবৈত বহু গুণমুগ্ধ, শুভাকাংক্ষী তথা আত্মীয় লোক আহি পৰিয়ালৰ লোকক সান্তনা দিয়েহি৷ ইতিমধ্যে দিল্লীৰ পৰা কন্যা অৰ্চনা প্ৰিয়ম হাজৰিকা আহি নিজগৃহত উপস্থিত হৈছেহি৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, আজি নিশা প্ৰায় ১০ বজাত মৃতদেহ আহি পোৱাৰ কথা৷ ইতিমধ্যে কেইবাশ লোকে হাজৰিকাক শেষ শ্ৰদ্ধা জনাবলৈ ডিগবৈ মুলিয়াবাৰীস্থিত বাসগৃহত সমবেত হৈছেহি৷