আসনক লৈ অগপ-বিজেপিৰ সংঘাত, কংগ্ৰেছত বিদ্ৰোহ
পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থী বিচাৰি হাবাথুৰি খাইছে বহু দলে
আমাৰ অসম, ২৮ মাৰ্চঃ ‘বিগ ব্ৰাডাৰ’বিজেপিৰ কেকোৰা চেপাত এতিয়া দিশহাৰা হৈ পৰিছে অগপ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত নিজৰ দখলত থকা সমষ্টিৰো ৱাৰ্ড বিচাৰি ‘বিগ ব্ৰাডাৰ’বিজেপিক কাকুতি মিনটি কৰিবলগীয়া হৈছে অগপই৷ এক কথা ক’বলৈ গ’লে বিজেপিৰ হাতৰ মুঠিত আৱদ্ধ এতিয়া অগপৰ ভৱিষ্যত৷ প্ৰথমে বিধানসভাৰ নিৰ্বাচন, তাৰ পাছত পৌৰ সভাৰ নিৰ্বাচন আৰু এতিয়া পৌৰ নিগমৰ নিৰ্বাচনতো ক্ৰমাৎ এলাগী হৈছে অগপ৷ এই সন্দৰ্ভত প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কৰা মন্তব্যৰ পৰাই স্পষ্ট হৈছে সকলো কথা৷ কলিতাই সাংবাদিকৰ আগত কয়–‘জালুকবাৰী, পূব গুৱাহাটী আদি সমষ্টিত আসন বিজেপিক এৰি দিয়াৰ কথাই নাহে৷ পশ্চিম গুৱাহাটী যিহেতু অগপৰ দখলত আছে, গতিকে তাত আসন এৰাৰ কথা চলি আছে৷’জানিব পৰা মতে অগপৰ নেতৃত্বই বিজেপিৰ পৰা ৬০টা বাৰ্ডৰ ভিতৰত মাত্ৰ ১২টা ৱাৰ্ডহে বিচাৰিছে৷ ইয়াৰে চাৰিটা ৱাৰ্ডেই পশ্চিম গুৱাহাটীৰ৷ সেই ৱাৰ্ড কেইটা হৈছে ক্ৰমে ৰ, ১১, ১২ আৰু ১৩ নং ৱাৰ্ড৷ এই কেইটা ৱাৰ্ডৰ লগতে দিছপুৰৰ ৫৯ নং ৱাৰ্ডটোৱো এজিপিক এৰি দিবলৈ সন্মত হৈছে বিজেপি৷ এনে চৰ্চাৰ মাজতে আজি অগপই আমবাৰীস্থ মুখ্য সদৰত অনুষ্ঠিত কৰে এখন কাৰ্য নিৰ্বাহকৰ বৈঠক৷ এই বৈঠকতো বীগ ব্ৰাডাৰৰ আগ্ৰাসন কেনেদৰে ৰোধ কৰিব এই সন্দৰ্ভত অৱশ্যে কোনো ফল নোলাল বুলিহে জানিব পৰা গৈছে৷ এক বিবৃতি অনুসৰি দলীয় সূত্ৰই জনোৱা মতে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ দলীয় সূত্ৰই জনোৱা মতে সভাত বিগত পৌৰ সভা নিৰ্বাচনৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে পৌৰ নিগমৰ নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনা কৰি ৰণকৌশল প্ৰস্তুত কৰে৷ সভাত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰাৰ লগতে দলটোক অধিক গণমুখি কৰাৰ উদ্দেশ্যে বাৰ্ষিক সাংগঠনিক কৰ্মসূচী এখন সভাই গ্ৰহণ কৰে৷ এই কৰ্মসূচীৰ জৰিয়তে দলৰ প্ৰত্যেকটো স্তৰ আৰু ভাতৃ-ভগ্নী সংগঠনৰ বাবে প্ৰতি মাহত কাৰ্য্যসূচী নিৰ্ধাৰণ কৰা হৈছে৷ সভাই দেউৰী আৰু কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত আলোচনা কৰি দুখনকৈ নিৰ্বাচনী সমিতি গঠন কৰে৷ দলে সমবায় সমিতিৰ নিৰ্বাচন সম্পৰ্কটো আলোচনা কৰে৷ সভাই লগতে নতুন সদস্য ভৰ্তিকৰণৰ বাবে এক অভিযান বহাগ মাহৰ পৰা আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে দলৰ সকলো বিধায়ক, উপ-সভাপতি, সাধাৰণ সম্পাদক আৰু অন্যান্য বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে৷ ইফালে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দল, এজেপি, চি পি আই, চি পি আই [এম], এল ডি পি, এন চি পি আদিৰ সৈতে আসন ভাগ বাটোৱাৰৰ আলোচনা কৰি কংগ্ৰেছ দলে কালি ৬০টা ৱাৰ্ডৰ ৫৫টাতে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰাত বিৰোধীৰ শিবিৰতো লাগিছে আউল সৃষ্টি হৈছে সন্দেহৰ বাতাবৰণ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ একাংশ কংগ্ৰেছৰ নেতাই বিৰোধীৰ মাজত বিভাজন আনিবলৈকে এনে কৰা বুলি অভিযোগ তুলিছে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে৷ টিকট ঘোষণাৰ পাছতে কংগ্ৰেছতো দেখা দিছে গৃহ কন্দলে৷ প্ৰাৰ্থী তালিকাত অসন্তুষ্ট হৈ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হুকুম চান আলী বক্সীয়ে কৰিছে পদত্যাগ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীয়ে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা৷ ১০টা ৱাৰ্ডৰ বাবে আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম৷ ৰনং ৱাৰ্ডত ফাৰুক আহমেদ, ২নং ৱাৰ্ডত বিতুৰাজ দাস, ১১নং ৱাৰ্ডত চিনু বড়ো, ২০নং ৱাৰ্ডত কাৰ্তিক সৰকাৰ, চ্ছনং ৱাৰ্ডত জয়ন্ত বৰুৱা, ২৭নং ৱাৰ্ডত দেৱব্ৰত বসুমতাৰী, ২৯নং ৱাৰ্ডত দিতুল চন্দ্ৰ বৰুৱা, ৩৮নং ৱাৰ্ডত সৌমিক সেনগুপ্ত, ৫৯নং ৱাৰ্ডত সুদীপ্ত শৰ্মা আৰু ৬০নং ৱাৰ্ডত মিণ্টু মণি শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে৷