Logo
image

মুখ্যমন্ত্ৰীয়ে কি বুজালে যুৱক-যুৱতীক ডাক্তৰ-ইঞ্জিনিয়াৰ-আইএএছ নে ৰাজনৈতিক নেতা?

আমাৰ অসম, ২৮ মাৰ্চঃ আজিৰ দিনত আটাইতকৈ টান প্ৰফেচনটো  হৈছে পলিটিক্স৷ যদি আপুনি আই এ এছ অফিচাৰ হ’ব বিচাৰে তেন্তে এবাৰ পঢ়ি আই এ এছ পাছ কৰিলে ৰিটায়াৰমেণ্টৰ দিনলৈকে পৰীক্ষা দিব নালাগে৷ এবাৰ যদি ডাক্টৰ, ইঞ্জিনিয়াৰ হয়, সেই লাইচেন্স সদায় থাকিব৷ কিন্তু পলিটিচিয়ানে প্ৰত্যোকটো দিনত পৰীক্ষা দিব লাগে৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰজ্ঞা ফাউণ্ডেশ্বনক উদ্যোগত আয়োজিত যুৱ সমাৰোহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এজন ছাত্ৰৰ প্ৰশ্ন উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়– ‘প্ৰত্যেকজন ব্যক্তিৰ নিজা ষ্টৰি থাকে৷ হয়তো কোনোবা মানুহে কাৰোবাৰ প্ৰেৰণাত ৰাজনীতি কৰে, কোনোবাই আকৌ আন কিটা কাৰণত ৰাজনৈতিলৈ আহে৷ মোক যদি কোনোবাই মোৰ কাহিনী কবলৈ দিয়ে– কাহিনীটো কৈ যাব পাৰিম৷ কিন্তু মোৰ কাহিনীটোৱেই পুৰাপুৰি আপোনাৰ কাহিনী নহব৷ ৰাজনৈতিক নেতা হবলৈ হ’লে মানুহৰ প্ৰতি সৰ্বোচ্চ পৰ্যায়ৰ কমিটমেণ্ট থাকিব লাগিব৷ যদি মানুহৰ প্ৰতি সৰ্বোচ্চ পৰ্যায়ৰ কমিটমেণ্ট নাথাকে, তেন্তে ৰাজনীতিত সফল হ’ব নোৱাৰে৷ দ্বিতীয়তে বহুত বেছি কাম কৰাৰ ক্ষমতা ৰাখিব লাগিব৷ তৃতীয়তে অকনমান পঢ়াশুনা কৰিব লাগিব৷ বহুত মানুহে ভাৱে যে ৰাজনীতি আৰু শিক্ষাৰ কোনো সম্পৰ্ক নাই৷ যদি আইডিয়াছ নাহে, তেন্তে এজন ভাল ৰাজনীতিবিদ হ’ব নোৱাৰে৷ যেতিয়া আমি পঢ়িম, আইডিয়াছ আমি তাৰ পৰাহে পাম৷ তেতিয়া আমি কথা পাতিম, নিজকে শৈক্ষিক চৰ্চাৰ লগত যুক্ত কৰিম তেতিয়াহে আমি আইডিয়া পম৷ ৰাজনীতিলৈ আহিব খোজা নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীসকলক মই দুটা কথাই পোনে পোনে কব খোজো যে ‘আজিৰ দিনত আটাইতকৈ টান প্ৰফেচনটো হৈছে পলিটিক্স৷  কেইদিনমানৰ আগতে আমি পৌৰ সভাৰ নিৰ্বাচন জিকিলো, ভাল কথা, কিন্তু এতিয়া আকৌ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ফেচ কৰিব লাগিব৷ মই যদি গুৱাহাটীৰ ইলেকচনটো নিজিকো, সেই দিনাখন মোক ফেইল বুলিয়েই ক’ব৷’ইফালে মুখ্যমন্ত্ৰীয়ে আজি সমাৰোহত আন এজন ছাত্ৰৰ প্ৰশ্নৰ উত্তৰত কয় যে এজন ভাল ভাৰতীয় হ’লেহে অসমীয়া বাচি থাকিব৷ এইবাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ’লেও খিলঞ্জীয়া অসমীয়া কিমান সুৰক্ষিত হ’ব, ইয়াকলৈ প্ৰশ্ন আছে৷ উল্লেখ্য যে আজিৰ যুৱ সমাৰোহত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰাক স্বাধীনতা কালৰে পৰা বৰ্তমানলৈকে অসমৰ আৰ্থ-সামাজিক পটভূমিৰ এক বিশ্লেষণাত্মক অৱলোকনেৰে ৰাজ্যখনৰ সাম্প্ৰতিক অৰ্থনৈতিক দৃশ্যপটৰ এখন স্পষ্ট ছবি দাঙি ধৰাৰ প্ৰয়াস কৰে৷ স্বাধীনোত্তৰ সাতোটা দশকৰ ৰাজনৈতিক ইতিহাসে ৰাজ্যখনক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাট প্ৰশস্ত নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পৰৱৰ্তী সময়ছোৱাত এই পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন সাধন হৈছে আৰু পূবৰ দুৱাৰ মুকলিৰে এক নতুন বিশ্বমুখী যাত্ৰাৰ পথ প্ৰশস্ত হৈছে৷ নিৰ্মোহ আত্মবিশ্লেষণেৰে নিজক আৰু নিজৰ সম্পদ-সম্ভাৱনাক পুনৰাৱিস্কাৰ কৰি নতুন চিন্তা, কাম আৰু ধাৰণাৰে অথনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে বৈভৱশালী এখন নতুন অসম গঢ়াৰ বুনিয়াদ ৰচনাৰ বাবে সাহসেৰে আগুৱাই আহিবলৈ নৱ প্ৰজন্মৰ নেতৃবৃন্দ প্ৰতি মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে যুৱ নেতাসকলৰ বিভিন্ন প্ৰশ্নৰো বস্তুনিষ্ঠ উত্তৰ প্ৰদান কৰে৷ বিশিষ্ট সমাজকৰ্মী বশিষ্ঠ বুজৰবৰুৱা, সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ সভাপতি জিতুল সোণোৱালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই সমাৰোহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক উচ্ছশিক্ষানুষ্ঠানক প্ৰতিনিধিত্ব কৰা সহস্ৰাধিক যুৱ নেতা উপস্থিত থাকে৷