Logo
image

জিতেন্দ্ৰ সিং গুৱাহাটীত ৰকিবুল হুছেইন অন্তৰ্ধান

আমাৰ অসম, ২৮ মাৰ্চঃ ৰাজ্যসভাৰ নিৰ্বাচনলৈ মাজত মাথো ৩ দিন বাকী৷ ইতিমধ্যে জাৰি কৰা হৈছে পৌৰ নিগমৰ নিৰ্বাচনৰ অধিসূচনাও৷ তাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সদৰ কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা হৈছে কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণসভা৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ তত্বাবধায়ক পৃথিবী ৰাজ সাথে, বিকাশ উপাধ্যায়ৰ অনিৰূদ্ধ সিং, মুখপাত্ৰ হাৰুন ইউচুফ উপস্থিত থকা পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত ভাগ ল’বলৈ গুৱাহাটীত বাহৰ পাতিছে অসম কংগ্ৰেছৰ তত্ববধায়ক জিতেন্দ্ৰ সিং৷ লক্ষণীয়ভাৱে এই গুৰুত্বপূৰ্ণ বৈঠকত নাথাকিল কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতিৰ আসনত থকা বিধায়ক ৰকিবুল হুছেইন৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ কামত ব্যস্ত থকাৰ অজুহাতত দেওবাৰে অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত উপস্থিত নাথাকিল বিধায়ক ৰকিবুল হুছেইনে৷ ৰকিবুল গুছেইনৰ উপৰি প্ৰবীন নেতা পৃথিবী মাঝি সহ আন ১০ জন সদস্য উপস্থিত নাথাকিল প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনত৷ বিধায়ক ৰকিবুল হুছেইনে কাৰ্যনিৰ্বাহকত উপস্থিত নথকাৰ পাছতে তেওঁ কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি গুজৱ ওলাইছিল৷ প্ৰদেশ কংগ্ৰেছ অন্যতম কাৰ্যকৰী সভাপতি ৰানা গোস্বামীয়ে জনায় যে তেওঁ অসুস্থতাৰ বাবে কাৰ্যনিৰ্বাহত উপস্থিত থাকিব নোৱাৰিলে৷ ইফালে বিধায়ক ৰকিবুল হুছেইনে কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি ওলোৱা কথাটো নস্যাৎ কৰে৷ তেওঁ কয়–‘মই কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা পদত্যাগ কৰা নাই৷ অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলোঁ কাৰ্যনিৰ্বাহকৰ বৈঠকত৷’দেওবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত ৰাজনৈতিক অৰ্থনৈতিক, নিবনুৱা সমস্যা, ভূমি কেলেংকাৰী, মূল্যবৃদ্ধি, আন্তঃৰাজ্যিক সীমা সমস্যা আদি কেইবাটাও বিষয়ত বিতং আলোচনাৰ অন্তত প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ বিজেপি চৰকাৰৰ দ্বাৰা গণতান্ত্ৰিক আৰু সাংবিধানিক অনুষ্ঠানসমূহৰ মৰ্যাদা লাঘব কৰা সন্দৰ্ভতো প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷