Logo
image

চাবোনৰ বাকচ, বাঁহৰ চুঙাত ড্ৰাগ্‌

আমাৰ অসম, ২৮ মাৰ্চঃ ড্ৰাগৰ বিৰুদ্ধে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰক্ষীৰ নিশ্ছিদ্ৰ অভিযান অব্যাহত থকাৰ মাজতেই চলি আছে ড্ৰাগ্‌ সৰবৰাহ৷ সমান্তৰালভাৱে চলি আছে ড্ৰাগ্‌ বেপাৰীক আৰক্ষীৰ এনকাউণ্টাৰ৷ আৰক্ষীৰ এনকাউণ্টাৰত ইতিমধ্যে আহত হৈছে বহু ড্ৰাগ্‌ সৰবৰাহকাৰী৷ তৎসত্ত্বেও আৰক্ষীৰ চকুত ধূলি দিবলৈ ড্ৰাগ্‌ সৰবৰাহকাৰীয়ে শেহতীয়াভাৱে গ্ৰহণ কৰিছে নিত্য নতুন কৌশল৷ ড্ৰাগ্‌ সৰবৰাহত ব্যৱহাৰ কৰিছে মহিলা আৰু শিশু-কিশোৰক৷ গাড়ীৰ যন্ত্ৰাংশত গোপনে ড্ৰাগ্‌ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত এইবাৰ ড্ৰাগ্‌ সৰবৰাহকাৰীয়ে চাবোনৰ বাকচ আৰু বাঁহৰ চুঙাৰ মাজতো ড্ৰাগ্‌ সোমাই সৰবৰাহ কৰিছে বিভিন্ন অঞ্চললৈ৷ সৰবৰাহকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন কৰাৰ পাছতো আৰক্ষীৰ তালাচীত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জব্দ হৈছে কোটি কোটি টকাৰ ড্ৰাগ্‌৷ যোৱা নিশা হোজাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুজনক আটক কৰে৷ হোজাই তেলিবস্তিৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬০টা চাবোনৰ বাকছ ভৰ্তি ড্ৰাগছ৷ ঘটনা সন্দৰ্ভত দুজনক আটক কৰে আৰক্ষীয়ে৷ আটক কৰা লোক দুজন ক্ৰমে আব্দুল চালাম [৩৪] আৰু ইজাজুল হক [১৮]৷ আব্দুল চালামৰ ঘৰ ডবকা আৰু ইজাজুল হকৰ ঘৰ হোজাইত৷ ড্ৰাগছখিনিৰ পৰিমাণ সৰ্বমুঠ ৭৬০ গ্ৰাম বুলি জানিব পৰা গৈছে৷ ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় তিনিৰ পৰা চাৰি কোটি টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি দুই ধৃতই অৱধ আছাম ৰে’লেৰে ডিমাপুৰৰ পৰা হোজাইলৈ আনি থকা অৱস্থাত টেলিবস্তিৰ পৰা আটক কৰে৷ বৰ্তমান  এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাৰ সীমাৰ শিমলু চাপৰিত কালি গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানা আৰু কাৰ্বি আংলং জিলাৰ বৰপথাৰ [শান্তিপুৰ] আৰক্ষী থানাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী এক বিশেষ যুটীয়া অভিযান চলায়৷ গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ বিষয়া প্ৰেমেশ্বৰ শইকীয়া আৰু কাৰ্বি আংলং জিলাৰ বৰপথাৰ[শান্তিপুৰ] আৰক্ষী থানাৰ এছ আই কুলেন্দ্ৰ নাথৰ নেতৃত্বত চলা এই অভিযানত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানী শ্যাম গাঁৱৰ মুনীন শ্যামৰ পুত্ৰ এডেং শ্যাম[২৩]সহ মুঠ চাৰিজন ড্ৰাগছ আসক্ত যুৱক আটক হয়৷ আটকাধীন বাকী ড্ৰাগ আসক্ত কেইজন ক্ৰমে কাৰ্বি আংলং জিলাৰ বৰপথাৰ [শান্তিপুৰ] আৰক্ষী থানাৰ অন্তৰ্গত বৰনেৱৰীয়াৰ কিশোৰ তাঁতীৰ পুত্ৰ আকাশ তাঁতী [২৩], নাংখানচাই থওমুঙৰ পুত্ৰ অনথুন থওমুং [৩৪], বৰনেৱৰীয়াৰ চাৰচও ৰংফাৰৰ পুত্ৰ ৰাইকম ৰংফাৰ [১৯] বুলি জানিব পৰা গৈছে৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে ২.৭৫ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে তিনিটা প্লাষ্টিকৰ বাকচ, তিনিটা প্লাষ্টিকৰ টেমা, তিনিটা মোবাইল হেণ্ডছেট আৰু নগদ ৯,৭১০ টকা জব্দ কৰে আৰক্ষীয়ে৷