Logo
image

নিমাতী-মাজুলী ফেৰীসেৱা বন্ধ

ইন্ধন কিনিবলৈ নাই ধন

আমাৰ অসম,২৮ মাৰ্চঃ মাজুলীৰ ফেৰীসেৱা উন্নত কৰাৰ চৰকাৰে যিমানেই প্ৰতিশ্ৰুতি নিদিয়ক যুগ যুগ ধৰি বঞ্চনাৰ বলি হোৱা মাজুলীবাসীৰ দুৰ্দশাৰ অন্ত নপৰিল বৰ্তমান চৰকাৰৰ কাৰ্যকালতো৷ আজি পুৱাৰ ভাগত ফেৰীঘাট সমূহত হঠাতে বন্ধ হ’ল বিভাগীয় ফেৰীসমূহ৷ লগে লগে পাৰাপাৰ হ’বলৈ অহা যাত্ৰীৰ মাজত হুৱাদুৱা লাগে৷ কোনো আগতীয়া জাননী নিদিয়াকৈ ফেৰী বন্ধ কৰাত দূৰদূৰণি যাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হয়৷ পুৱাবেলা মাজুলীৰ পৰা দুখন মান ফেৰী যোৰহাট অভিমুখে ৰাওনা হৈছিল যদিও নিমাতীঘাটৰ পৰা নাহিল এখনো বিভাগীয় ফেৰী৷ সমস্যাটোৰ জোৰা মাৰিবলৈ জলপৰিবহণ বিভাগে ব্যক্তিগত খণ্ডৰ ছিংগল ফেৰীৰে যাত্ৰীসকলক পাৰাপাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও দুৰদুৰণিৰ বহু যাত্ৰী, বাইক আৰোহী আৰু লঘু যানবাহনৰ আৰোহীৰ অধিকসংখ্যক উভতিবলগীয়া হয়৷ বিভাগৰ দায়িত্ববাহী অভিযন্তাৰ মতে পেট্ৰ’ল পাম্পৰ মালিক সকলে বিভাগটোক তেল দিবৰ বাবে অমান্তি হৈছে৷ কাৰণ আজি দীৰ্ঘদিনে ছয়টা কৈ ডিপোত কেইবা কোটি টকা দিবলৈ আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ যাৰ বাবে তেলৰ অভাৱত আজি এঘাৰ বজাৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ পৰিল মাজুলী যোৰহাট সংযোগী ফেৰী ঘাটত চৰকাৰী ফেৰী চলাচল৷ বৃহৎ পৰিমাণৰ বকেয়া নোপোৱাৰ বাবে তেলৰ ডিপোসমূহ অৰ্থ সংকটৰ পৰা বিষয়টো অবগত কৰাৰ পাছতো বিভাগীয় বিষয়াই কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এনে সিদ্ধান্ত লৈছিল৷ বিভাগৰ পৰা ক্ৰয় কৰা তেলৰ মূল্য দৈনিক আদায় দিবলৈও অনুৰোধ জনাইছিল৷ ইফালে ঘাটৰ তেলৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তাজনে ফোন বন্ধ কৰি বিষয়টোৰ পৰা দূৰত্বত অৱস্থান কৰা পৰিলক্ষিত হয়৷ মাজুলীবাসীৰ জীৱন নিৰাপত্তাক লৈ বাৰে বাৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যি হেতালি খেলি আহিছে তাক লৈ ক্ষুব্ধ হৈ পৰিছে মাজুলীবাসী৷ প্ৰশ্ন উঠিছে অতি ব্যস্ত ফেৰী ঘাটটোত নিতৌ আৰ্জন হোৱা লাখ লাখ টকা যায় কলৈ? কোনে কাৰ পকেট গৰম কৰি মাজুলীবাসীক এই জ্বলন্ত সমস্যালৈ থেলি দিছে? ইয়াত উচিত তদন্তৰ দাবী তুলিছে সমগ্ৰ মাজুলীবাসীয়ে৷ এই বাতৰি লিখাৰ পৰত অৱশ্যে যাত্ৰীসকলৰ বাবে এটা সুখবৰ আহিছে৷ যোৰহাট আৰু মাজুলী জিলাৰ উপায়ুক্তৰ বৈঠকৰ পাছত এক মীমাংসা হয়৷ প্ৰতিদিনে ক্ৰয় কৰা তেলৰ মূল্য ডিপোক আদায় দিয়া হ’ব বুলি আভ্যন্তৰীণ জলপৰিবহণ বিভাগে প্ৰতিশ্ৰুতি দিয়াত তেলৰ ডিপোৱে তেল দিবলৈ মান্তি হৈছে৷ বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে কালিলৈৰ পৰা মাজুলীত স্বাভাৱিক ফেৰীসেৱা যাত্ৰীসকলে লাভ কৰিব৷