Logo
image

অসম চৰকাৰৰ হাতলৈ নগাঁও-কাছাৰ কাগজ কল

আমাৰ অসম, ২৯ মাৰ্চঃ বহু জল্পনা-কল্পনা আৰু উৎকণ্ঠাৰ অন্তত অৱশেষত নগাঁও আৰু কাছাৰ কাগজকল কতৃৰ্পক্ষই কল দুটাৰ সকলো স্থাৱৰ-অস্থাৱৰ সা-সম্পত্তি আজি আনুষ্ঠানিকভাৱে অসম চৰকাৰক  হস্তান্তৰ কৰে৷ ইয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ অধীনলৈ আহিল দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাগজ কল দুটা৷ ৰাজ্য চৰকাৰেও লগে লগে লিকুইডেটৰক আদায় দিয়ে মুঠ ৩৭৫ কোটি টকা৷ অৰ্থাৎ ৩৭৫ কোটি টকাত ৰাজ্য চৰকাৰে ক্ৰয় কৰিলে নগাঁও আৰু কাছাৰ কাগজ কল দুটা৷ অৱশ্যে ৰাজ্য চৰকাৰে মুঠ ৭০০ কোটি টকা লিকুইডেটৰক আদায় দিব লাগিব৷ আজিৰ পৰা কাগজ কল দুটাৰ স্বত্বাধিকাৰী হ’ল অসম চৰকাৰ৷ আৰু কল দুটাত কৰ্মৰত কৰ্মচাৰীসকলৰ দায়িত্বও চৰকাৰৰ আউটিলৈ আহে৷ ৰাজ্য চৰকাৰে কল দুটা ক্ৰয় কৰাৰ পাছত তাত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ পথ মুকলি হ’ল৷ চৰকাৰে সকলো কৰ্মচাৰীকে শীঘ্ৰেই  প্ৰাপ্য ধন আদায় দিয়াৰ কথাও ঘোষণা কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ আজি সন্ধিয়া জাগীৰোডস্থিত নগাঁও কাগজ কলত উপস্থিত হৈ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চৰকাৰৰ হৈ উদ্যোগ দুটা চমজি লয় আৰু  উদ্যোগ দুটাৰ ভূমিক লৈ শীঘ্ৰে নতুন পৰিকল্পনা ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিব বুলিও সদৰি কৰে৷ মন্ত্ৰীজনে  আজিৰ দিনটোক এক ঐতিহাসিক দিন বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দুয়োটা কাগজ কলৰ কৰ্মচাৰী সন্থা আৰু উদ্যোগ বিভাগৰ শীৰ্ষ বিষয়াৰ মাজত ইতিমধ্যে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ বৈঠকৰ সিদ্ধান্ত অনুসৰি লিকুইডেটৰে কাগজ কল দুটা বিক্ৰীৰ বাবে মুকলি নিবিদা আহ্বান কৰিছিল৷ পিছত আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভল্‌পমেণ্ট কৰ্প’ৰেছন সফল নিবিদাকাৰী হিচাপে ঘোষিত হয় আৰু আজি ৰাজ্য চৰকাৰৰ হৈ এআইডিচিয়ে দুয়োটা কাগজ কলৰ সা-সম্পত্তি চমজি লয়৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থকা অনুষ্ঠানত উদ্যোগ বিভাগ আৰু এআইডিচিৰ শীৰ্ষবিষয়াসকল উপস্থিত থাকে৷