Logo
image

ধৰ্মঘটত স্তব্ধ বেংক ব্যাহত যাতায়াত

ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা

আমাৰ অসম, ২৯ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত সোমবাৰে সংগঠিত হয় দেশজোৰা ধৰ্মঘট৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কেৰালাত ইয়াৰ ব্যাপক প্ৰভাৱ পৰে৷ সেইদৰে পশ্চিম বংগৰ ঠায়ে ঠায়ে ধৰ্মঘটকাৰীৰ সমৰ্থক আৰু চৰকাৰী বাহিনীৰ মাজত খণ্ড যুদ্ধৰ সৃষ্টি হয়৷ হাৰিয়ানাত এই ধৰ্মঘটৰ আংশিক প্ৰভাৱ পৰে৷ ঠায়ে ঠায়ে ৰেল সেৱা ব্যাহত হয়৷ দেশৰ বিভিন্ন স্থানত ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰী সকলে ব্যক্তিগত খণ্ডৰ বেংকৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে৷ এই ধৰ্মঘটৰ প্ৰভাৱ অসমতো সৰ্বাত্মকভাৱে পৰিলক্ষিত হয়৷ অসমৰ প্ৰায় সকলো চৰকাৰী, ব্যক্তিগত, শিল্প প্ৰতিষ্ঠান, বেংক, বীমা, ডাক, প্ৰতিৰক্ষা, টেলিকম, তৈলশিল্প, চাহ, কয়লা, পৰিবহণ, নিৰ্মাণ খণ্ড, কল-কাৰখানা আদি বন্ধ হোৱাৰ উপৰিও হাজাৰ হাজাৰ অসংগঠিত খণ্ডৰ শ্ৰমিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আই চি ডি এচ, এন এইছ এম, মিড ডে মিল আদিত কৰ্মতৰ আঁচনিভূক্ত কৰ্মচাৰীসকলে ৰাজপথত ওলাই আহি চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যখনৰ গুৱাহাটী মহানগৰীৰ লগতে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, লক্ষিমপুৰ, শোণিতপুৰ, কামৰূপ, দক্ষিণ কামৰূপ, কোকৰাঝাৰ, ধুবুৰী, বাস্কা, গোলাঘাট, বৰপেটা, নলবাৰী, কাছাৰ, কৰিমগঞ্জ, হোজাই, নগাঁও, বঙাইগাঁও, গোৱালপাৰা,  বিশ্বনাথ আদি জিলাৰ বিভিন্ন ঠাইত শ শ শ্ৰমিক কৰ্মচাৰীয়ে সভা-সমদল সংগঠিত কৰে৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত পিকেটিংকাৰী প্ৰায় ১১৪৮জন শ্ৰমিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ ধৰ্মঘটৰ আহবান দিয়া সংগঠন ক্ৰমে আই এন টি ইউ চি, এ আই টি ইউ চি, এইছ এম এছ, চি আই টি ইউ, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি, ইউ টি ইউ চি, গুৱাহাটী বিভাগীয় বীমা কৰ্মচাৰী সমিতি, উত্তৰ পূৰ্বাঞ্চল সাধাৰণ বীমা কৰ্মচাৰী সমিতি, অসম প্ৰাদেশিক বেঙ্ক কৰ্মচাৰী সমিতি, বেঙ্ক এমপ্লয়িজ ফেডাৰেচন [উত্তৰ পূৰ্বাঞ্চল], অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচন, কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতি, এ আই ডি ই এফ, নেচনেল ফেডাৰেচন অৱ পোষ্টেল এমপ্লয়িজ, বি এছ এন এল এমপ্লয়িজ ইউনিয়ন,  উত্তৰ-পূৰ্বাঞ্চল তৈল শ্ৰমিক সমন্বয়ৰক্ষী সমিতি, অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱৰ্কাৰ্চ ফেডৰেচন, আছাম ট্ৰিবিউন এমপ্লইজ ইউনিয়ন আৰু ষ্টেট বেংক অব ইণ্ডিয়া ষ্টাফ এছোচিয়েচনৰ নেতা কৰ্মীসকলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সভা সমদল আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠনসমূহত পেকেটিং কৰে৷  গুৱাহাটীত ধৰ্মঘটৰ সমৰ্থনত পুৱা উলিওৱা সমদলত ধৰ্মঘটকাৰী সংগঠনৰ নেতৃবৃন্দ ক্ৰমে এ আই টি ইউ চিৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাস, চি আই টি ইউৰ অন্যতম সম্পাদক মদন তালুকদাৰ সহ প্ৰায় ৫০জন শ্ৰমিক নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ শ্ৰমিক নেতাসকলে কয় যে -এই ধৰ্মঘট মঙলবাৰেও অব্যাহত থাকিব৷ বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি বাতিল কৰা, মালিকৰ স্বাৰ্থত কৰা শ্ৰম সংহিতা [কোড], বাতিল কৰা, বিদু্যৎ [সংশোধনী]. বিল-২০১১ বাতিল কৰা, ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিগৰাকীক খাদ্য আৰু উপাৰ্জনৰ নিৰিখত মাহিলি ৭৫০০ টকা আদায় দিয়া, এম.এন.ৰেগাৰ পাৰিশ্ৰমিকৰ হাৰ বৃদ্ধি কৰা, চহৰ অঞ্চলতো নিয়োগ প্ৰতিশ্ৰুতি আঁচনি ৰূপায়িত কৰা, শ্ৰমিকৰ নূ্যনতম মজুৰি দৈনিক ৮০০ টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা, সমান কামত সমান মজুৰি প্ৰদান কৰা, চাহ শ্ৰমিকৰ নূ্যনতম মজুৰি ৩৫১ টকা ধাৰ্য কৰা, অঙ্গনবাড়ী, ৰন্ধন কৰ্মী, আশা কৰ্মী আৰু অন্যান্য আঁচনিভুক্ত শ্ৰমিক কৰ্মীৰ বাবে মাননিৰ সলনি মজুৰি প্ৰদান কৰা, মটৰ শ্ৰমিক সহ সকলো অসংগঠিত শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা, অতিমাৰী সংক্ৰান্ত কামৰ ক্ষেত্ৰত আগশাৰীৰ স্বাস্থ্য কম¹ৰ বাবে সুৰক্ষা আৰু বীমা নিশ্চিত কৰা, দেশৰ আৰ্থিক স্থিতি টনকিয়াল কৰাৰ বাবে দেশৰ অতি ধনীসকলৰ পৰা অতিৰিক্ত কৰ সংগ্ৰহ কৰি কৃষিখণ্ড, শিক্ষা, স্বাস্থ্য আৰু অন্যান্য গুৰুত্বপূৰ্ণ জনহিতকৰ কামৰ বাবে চৰকাৰী ব্যয় বৃদ্ধি কৰা, পেট্ৰ’লিয়াম পণ্যৰ ওপৰত থকা কেন্দ্ৰীয় কৰৰ অংশ কমাই মূল্যবৃদ্ধি ৰোধ কৰা, নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট স্থাপন কৰা, নগাঁও আৰু কাচাৰ কাগজ কলকে ধৰি বন্ধ হৈ থকা সকলো সৰু-বৰ কল-কাৰখানা খোলাৰ ব্যৱস্থা কৰা, নিয়োগৰ ব্যৱস্থা সুচল কৰি নিবনুৱাক কৰ্মসংস্থাপন প্ৰদান কৰা, আন্দোলনকাৰী কৃষকক দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে পালন কৰা আদি দাবীসমূহৰ ভিত্তিত এই ধৰ্মঘট দেশৰ সকলো প্ৰান্তত সোমবাৰৰ পৰা আৰম্ভ হৈছে৷ উল্লেখ্য, চৰকাৰৰ ওচৰত বাৰে বাৰে দাবীবোৰ উত্থাপন কৰি কোনো সঁহাৰি নাপায় বাধ্য হৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চই এই দুদিনীয়া সাধাৰণ ধৰ্মঘটৰ আহবান দিবলৈ বাধ্য হৈ পৰিছিল৷ শ্ৰমিক নেতাসকলে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ কঠোৰ সমালোচনা কৰি কয় যে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰখনে দেশৰ অৰ্থনীতি দুৰ্দশাগ্ৰস্ত কৰি তুলিছে৷ চৰকাৰে গ্ৰহণ কৰা নীতিৰ ফলত হোৱা অত্যধিক মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজে নিত্যব্যৱহাৰ্য সামগ্ৰী ক্ৰয় কৰাটো কঠিন হৈ পৰিছে৷ ২৩ কোটি শ্ৰমিকক ঠেলি দিছে নূ্যনতম দৰমহাতকৈও কম উপাৰ্জনেৰে চলিবলৈ৷  কৃষকে কৃষিখণ্ড ৰক্ষাৰ স্বাৰ্থত সংগ্ৰাম কৰি আছে৷ অন্ন-বস্ত্ৰ-বাসস্থান-শিক্ষা-স্বাস্থ্য আদিৰ বাবে দেশৰ জনগণে জীয়াতু ভুগিবলগীয়া হৈছে৷ নেতাসকলে উল্লেখ কৰে যে অসমত বিশেষকৈ ২৮ আৰু ২৯ মাৰ্চত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে৷ অৱশ্যে পৰীক্ষাৰ দিন সূচী সলনি কৰাৰ বাবে দুয়োখন বোৰ্ডৰ সচিবলৈ চলিত বছৰৰ ২২ মাৰ্চত যৌথ মঞ্চই আবেদন জনাই পত্ৰ প্ৰদান কৰিছিল৷ দুয়োখনবোৰ্ডে কোনো সহাঁৰি নোজোনোৱাত পৰীক্ষাৰ্থীসকলৰ বাবে অসুবিধা নোহোৱাকৈ ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল৷ ইয়াৰ পিছতো যিবোৰ ঠাইত কিছুপৰিমাণে অসুবিধাৰ সৃষ্টি হৈছে ইয়াৰ বাবে শ্ৰমিক-কৰ্মচাৰী সংগঠনসমূহে দুখ প্ৰকাশ কৰে৷ আনহাতে বেংক সমূহ ব্যক্তিকৰণৰ বিৰোধিতাৰ নিখিল ভাৰত বেংক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদত দেশজুৰি ব্যাহত হয় বেংক সেৱা৷ দেশজুৰি আহ৩ান জনোৱা দুদিনীয়া ধৰ্মঘটৰ প্ৰভাৱ অসমতো পৰে৷ গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ দুদিনীয়াকৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বেংক কৰ্মচাৰীসকলে৷ ভাৰতীয় ষ্টেট বেংক আৰু দুই এটা ব্যক্তিগত খণ্ডৰ বেংকে সেৱা অব্যাহত ৰাখে৷ বেংকৰ সেৱা ব্যাহত হোৱাৰ সমান্তৰালকৈ বহুলোকে এ টি এমত ধন উলিয়াবলৈ গৈ হাৰশাস্তি খাব লগীয়া হয়৷ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণ বন্ধ কৰা, অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, অ’ পি এছ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনকে ধৰি বেংকৰ শাখা সমূহত পৰ্যাপ্ত কৰ্মচাৰী নিয়োগৰ দাবীৰে পালন কৰা হৈছে এই ধৰ্মঘট কাৰ্যসূচী৷ সেইদৰে দেশজুৰি ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনে আহ৩ান জনোৱা সাধাৰণ ধৰ্মঘট আৰু চকা বন্ধৰ অসমতো ব্যাপক প্ৰভাৱ পৰে৷ অসমতো সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক ইউনিনে মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰা, অত্যধিক জৰিমণাৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবীত ২৮ আৰু ২৯ মাৰ্চত দিয়া ৪৮ ঘণ্টীয়া চকা বন্ধৰ আহ৩ান জনাইছিল৷ চকা বন্ধৰ সময়ছোৱাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ, দুই এখন ব্যক্তিগত বাছ আৰু দুই এখন স্কুল বাছ মাত্ৰ গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা যায়৷ অৱশ্যে এই দেশজোৰা ধৰ্মঘটৰ সময়ছোৱাত ৰেল সেৱা ঠায়ে ঠায়ে ব্যাহত হৈছে যদিও অসমত ইয়াৰ প্ৰভাৱ পৰা নাই৷ ইফালে কলগাছিয়াত চকা বন্ধৰ সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ নগাঁৱতো শ্ৰমিকৰ প্ৰতিবাদৰ ব্যাপক প্ৰভাৱ পৰে৷ এই প্ৰতিবাদক সহযোগ  কৰে নগাঁও ডাক কৰ্মচাৰীয়ে৷ মঙলবাৰেও প্ৰতিবাদ অব্যাহত ৰাখিব ডাক কৰ্মচাৰীয়ে৷ ইফালে গুৱাহাটী শোধনাগাৰ ইউনাইডে ৱৰ্ক মেন ইউনিয়নৰ উদ্যোগত নুনমাটিত এক বিশাল সমবেশ, শোভাযাত্ৰা উলিওৱা হয় আৰু কাইলৈৰ ধৰ্মঘট সফল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই বন্ধৰ সময়ত ৰাজপথত ব্যক্তিগত যান-বাহন চলাচল কৰাত সৰ্বসাধাৰণ জনগণৰে বিশেষ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ল৷ উল্লেখ্য, সমগ্ৰ দেশৰ লগতে ৰাজ্যত কাইলৈও কেন্দ্ৰীয় চৰকাৰৰ কৃষক-শ্ৰমিক জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক, দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থাকিব৷