Logo
image

মূল্যবৃদ্ধিক লৈ উত্তপ্ত সদন বিৰোধীৰ ৱাকআউট

আমাৰ অসম, ২৯ মাৰ্চঃ সোমবাৰে অসম বিধানসভাৰ সদনৰ প্ৰশ্নোত্তৰ কালৰ পাছতে বিৰোধী দলপতি দেৱব্ৰত শইকায়াই সদনত মূল্যবৃদ্ধিৰ সন্দৰ্ভত এক সভাস্থগিত প্ৰস্তাৱ আনি আজিৰ সদনৰ আন কাম-কাজ বাদ দি কেৱল মূল্যবৃদ্ধিৰ প্ৰসংগতে আলোচনা হোৱাৰ দাবী তোলে৷ ইয়াৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সদনৰ ৰুল অনুসৰি সভাস্থগিত প্ৰস্তাৱ আনিবলৈ হ’লে সদন অনুষ্ঠিত হোৱাৰ এঘণ্টাৰ পূৰ্বে জাননী দিব লাগে৷  কিন্তু বিৰোধীয়ে সভাস্থগিতক লৈ যিখন জাননী দিছে, সেইখন পাঁচমিনিট পলমকৈ লাভ কৰাৰ বাবে ইয়াক গ্ৰাহ্য কৰিব নোৱাৰি বুলি অধ্যক্ষই স্পষ্ট কৰে৷ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও সদনত মূল্যবৃদ্ধিৰ প্ৰসংগত আলোচনা হ’ব লাগে বুলি দাবী উত্থাপন কৰে৷ ইয়াৰ মাজতে কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয় যে মূল্যবৃদ্ধিত ৰাইজ জুৰুলা হৈছে৷ ইন্ধনৰ লগতে বিদ্যুতৰ দামো বাঢ়িছে৷ গাঁৱৰ মানুহৰ উপাৰ্জন নাইকিয়া হৈছে৷ মানুহৰ হাহাকাৰ লাগিছে৷ বিৰোধী হিচাপে এই বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰাটো আমাৰ দায়িত্ব৷ সদনত মূল্যবৃদ্ধিৰ প্ৰসংগত আলোচনা হ’ব লাগে৷ কিন্তু নাচোৰ বান্দা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কোনোপধ্যে সদনত মূল্যবৃদ্ধিৰ প্ৰসংগত সভাস্থগিত প্ৰস্তাৱৰ অনুমতি নিদি সদনৰ কাম-কাজ চলাই নিয়ে৷ অধ্যক্ষই নিজৰ স্থিতিত অটল থকাৰ বিপৰীতে বিৰোধী বিধায়সকলে এইবাৰ হাতে হাতে প্লেকাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰলৈ আহি বিজেপি চৰকাৰ হায় হায় ধবনি দিয়ে৷ মূল্যবৃদ্ধি ৰোধত বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি তেওঁলোকে অভিযোগ কৰে৷  ১০ বাজি ৩০ মিনিটৰ পৰা প্ৰায় ১০ বাজি ৩৫ মিনিটলৈ সদনত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোক সদনৰ পৰা ৱাকআউট কৰে৷ সদন ত্যাগৰ কাৰ্যসূচীত কংগ্ৰেছ, এআইইউডিএফ, চিপিআই[এম], ৰাইজৰ দল– কেউটা বিৰোধী দলে অংশগ্ৰহণ কৰে৷ ইফালে, আজি সদনত অনা সভাস্থগিত প্ৰস্তাৱৰ সন্দৰ্ভত পাছত এক বিবৃতি জাৰি কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এনেদৰে কয়– অসম বিধান সভাৰ নীতি অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, ইন্ধনৰ মূল্যবৃদ্ধি, প্ৰয়োজনীয় ঔষধৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে জনসাধাৰণৰ জীৱন দুৰ্বিষহ হৈ উঠাৰ বাবে ইয়াৰ সমাধানৰ বাবে চৰকাৰৰ পদক্ষেপ সম্পৰ্কে সদনৰ সকলো কাৰ্য্যসূচী আজি বাতিল কৰি সভা স্থগিত কৰি এক আলোচনাৰ দাবী জনাই আমি সভা স্থগিত প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ৷ যাৱতীয় নিয়ম অনুসৰি সদনৰ কাৰ্য্যাৱলী আৰম্ভ হোৱাৰ এক ঘণ্টা পূৰ্বেই সকলোখিনি ব্যৱস্থা কৰা হ’ল৷ কিন্তু অধ্যক্ষ মহোদয়ে আজি সদনত ঘোষণা কৰিলে যে নিৰ্দিষ্ট সময়তকৈ পাছত অৰ্থাৎ এক ঘণ্টা পূৰ্বে নহয়, এক ঘণ্টাতকৈ কম সময়ৰ ভিতৰত এই জাননী পোৱাৰ বাবে তেখেতে অগ্ৰাহ্য কৰিছে৷ প্ৰকৃততে এইটো সত্য নহয়৷ আমাৰ বিধান সভাত চিচি টিভি আছে, যদি চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰে তেন্তে প্ৰধান সচিবৰ কাৰ্য্যালয়ৰ সন্মুখত আমাৰ কৰ্মচাৰী কেইবজাত আহি অপেক্ষা কৰি আছিল এই সকলোখিনি তথ্য জলজল পট্‌পট্‌কৈ ওলাব৷ প্ৰয়োজন হ’লে বিধান সভাৰ মূল প্ৰৱেশদ্বাৰ আৰু প্ৰধান সচিবৰ কাৰ্য্যালয়ৰ সন্মুখৰ চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি আমাৰ কথাৰ সত্যতা নিৰূপণ কৰিব পাৰি৷ প্ৰকৃততে, চৰকাৰৰ হাতত কোনো উত্তৰ নাই৷ কাৰণ যিসময়ত দিল্লীত কংগ্ৰেছ চৰকাৰ আছিল তেনে এটা সময়ত যেতিয়া  আন্তঃৰাজ্যিক বজাৰত খাৰুৱা তেলৰ মূল্য ১০৮ ডলাৰ আছিল, সেইখিনি সময়ত ডিজেলৰ মূল্য ৫৫ আৰু পেট্ৰ’লৰ মূল্য প্ৰায় ৭০ টকা কৰি কংগ্ৰেছ চৰকাৰে ৰাইজক সুবিধা দিছিল৷ আজিৰ তাৰিখত বৰ্তমান সময়ত আন্তঃৰাজ্যিক বজাৰত খাৰুৱা তেলৰ মূল্য ১০৮ ডলাৰ সেইখিনি সময়ত পেট্ৰ’ল-ডিজেলৰ মূল্য ১০০ টকাৰ অধিক হৈছে৷ অনুৰূপধৰণে, যোৱা সময়ছোৱাত অত্যাৱশকীয় ঔষধৰ আনকি সাধাৰণ পানীলগা জ্বৰৰ পৰা কেন্সাৰ আদি ৰোগৰ ঔষধৰ দাম চৰকাৰী নীতি অনুসৰি যদিও ১০ শতাংশতকৈ ওপৰত কোনো সময়তে বঢ়াব নোৱাৰি, কিন্তু চৰকাৰে ১০.৩ শতাংশ বৃদ্ধি কৰাৰ যি ব্যৱস্থা লৈছে সেয়া দুৰ্ভাগ্যজনক৷ দ্বিতীয়তে, কেঁচা সামগ্ৰীৰ মূল্যৰ ওপৰত দৰৱ আদি ঔষধৰ মূল্য নিৰ্ভৰ কৰিব লাগে৷ কিন্তু বৰ্তমান সময়ত কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধি নোহোৱা স্বত্বেও মাত্ৰ ঔষধ কোম্পানীক মুনাফা দিবলৈ বিজেপি চৰকাৰে ঔষধৰ মূল্য বৃদ্ধি কৰিছে৷ অনুৰূপধৰণেৰে যোৱা ২১ মাৰ্চত এলপিজি গেছৰ মূল্য ৫০ টকাকৈ হঠাৎ বৃদ্ধি কৰিছে আৰু অন্যান্য খাদ্য সামগ্ৰীবিলাকৰ মূল্যও যোৱা সময়ছোৱাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, ঘৰ সজা সামগ্ৰীৰ মূল্যও বৃদ্ধি পাইছে৷ এই গোটেইবিলাক হৈছে চৰকাৰৰ ভুল আঁচনিৰ বাবে৷ অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫– এই আইনখন দাঁত নাইকীয়া আইন কৰা হৈছে যোৱা সময়ছোৱাত আৰু ইয়াৰ পৰা বহু সামগ্ৰী বাদ দিয়া হৈছে৷ তেনেদৰে মজুতকৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ যি ব্যৱস্থা সেই ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰা নাই৷ সেয়েহে এই গোটেইবিলাক বিষয়ৰ লগতে কৃষিক কেনেকৈ গুৰুত্ব দিব পাৰি, থলুৱা কৃষি উৎপাদন কেনেকৈ বজাৰত উপলব্ধ কৰিব পাৰি, ষ্টেটফেডৰ দৰে প্ৰতিষ্ঠানৰ যোগেদি পূৰ্বতে যেনেধৰণে উৎসতে সামগ্ৰী ক্ৰয় কৰি অসমৰ ৰাইজক ৰেহাই মূল্যত খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা আছিল, এইসমূহ ব্যৱস্থা চৰকাৰে কৰাৰ থল আছিল যদিও বৰ্তমান সময়ত চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত হাত সাবতি বহি থকা দেখা গৈছে৷ গতিকে এই গুৰুত্বপূৰ্ণ বিষয়সমূহ বিধান সভাত আলোচনা কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিলোঁ  কিন্তু দূৰ্ভাগ্যজনকভাৱে আমাক এই বিষয়ত আলোচনা কৰাৰ সুযোগ প্ৰদান নকৰিলে৷ এই ঘটনাই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক চূড়ান্ত অপমান কৰিছে৷ অসম বিধানসভাৰ ইতিহাসত কোনো কালে নোহোৱা এই ঘটনাক আমি  ধিক্কাৰ জনাইছো৷’

অসম বিধান সভাৰ বাজেট অধিবেশন চলি থকাৰ মাজতে গুৱাহাটী মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত আজি বিভিন্ন দল-সংগঠনৰ বিক্ষোভত উত্তাল হৈ পৰে৷  অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়াসকলক ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্ত্বশাসন আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি গুৱাহাটীৰ মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই স্বায়ত্তশাসন প্ৰদান কৰক, চুতীয়া জনগোষ্ঠীক শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ, জনজাতিৰ মৰ্যাদা আমাক লাগিবই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ, অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হুছিয়াৰ, কেন্দ্ৰীয় চৰকাৰ হুছিয়াৰ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, নৰেন্দ্ৰ মোদী গ’বেক, বিজেপি চৰকাৰ হাই হাই, জনজাতিকৰণক লৈ ৰাজনীতি নচলিব, নৰেন্দ্ৰ মোদী মিছলীয়া আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়াই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে চুতীয়াসকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ বিষয়টোক লৈ কেৱল ৰাজনীতিহে কৰি আহিছে৷ তেওঁ চৰকাৰক চুতীয়াসকলৰ আৱেগ অনুভূতিক সন্মান জনাই শীঘ্ৰেই জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্তশাসন প্ৰদান কৰিবৰ বাবে দাবী জনায়৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি মহেন বৰাই চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলোৱা ৰাজনীতি শীঘ্ৰেই বন্ধ কৰিবৰ বাবে সকিয়নী প্ৰদান কৰে৷ তেওঁ বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে বুলিও ক্ষোভ প্ৰকাশ কৰে৷ শীঘ্ৰেই চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান নকৰিলে বিজেপি চৰকাৰে ইয়াৰ ফল ভোগ কৰিবলৈ সাজু থাকিবৰ বাবে সকিয়নী প্ৰদান কৰে৷ লগতে সভাপতি মহেন বৰাই কয় যে, জনজাতিকৰণ আমাক লাগিবই৷ অন্যথা যিকোনো পৰ্য্যায়লৈকে যাবৰ বাবে চুতীয়া ছাত্ৰ সন্থা সদাপ্ৰস্তুত আৰু ছাত্ৰ কৰ্মী সকলক ইয়াৰ বাবে সাজু হৈ থাকিবৰ বাবে আহ্বান জনায়৷ লগতে সভাপতি গৰাকীয়ে শীঘ্ৰেই উক্ত দাবী পূৰণ নকৰিলে ধাৰাবাহিক সংগ্ৰাম অব্যাহত থাকিব বুলি উল্লখ কৰে৷ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই কয় যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চুতীয়াকে ধৰি ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি এশ শতাংশ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু অতি পৰিতাপৰ বিষয় যে দুবাৰকৈ বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছতো জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ সম্পাদকগৰাকীয়ে অতি শীঘ্ৰেই চুতীয়া জনগোষ্ঠীক স্বায়ত্ত্বশাসন আৰু জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবৰ বাবে দাবী জনায়৷ কাৰ্যসূচীত সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সভাপতি অমিয় কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক পৱন চুতীয়াই অংশ গ্ৰহণ কৰে৷ ইপিনে, সদৌ অসম আশাকৰ্মী সন্থাৰ প্ৰতিবাদত উত্তাল হল চচলৰ ধৰ্ণাস্থলী৷ উপযুক্ত মজুৰী প্ৰদান, আশাকৰ্মীসকলক স্থায়ী কৰণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ আৰু ৬০ উৰ্ধৰ আশা কৰ্মীসকলক পেঞ্চনৰ দাবীত চচলৰ ধৰ্ণা স্থলীত চাৰিঘণ্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে আশা কৰ্মীসকলে৷ প্ৰায় সহস্ৰাধিক আশাকৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী৷ আশাকৰ্মীসকলৰ শিক্ষাগত অৰ্হতাকলৈ যোৱা ১৭ মাৰ্চৰ বিধানসভা বাজেট অধিবেশনত প্ৰশ্ন কৰা মন্ত্ৰী অজন্তা নেওগক বিনাসৰ্থে ক্ষমা খোজাৰ বাবে দাবী জনায় আশাকৰ্মী সকলে৷