Logo
image

অমিত শ্বাহৰ উপস্থিতিত আজি দিল্লীত অসম-মেঘালয় সীমা চুক্তি

আমাৰ অসম, ২৯ মাৰ্চঃ ৰাজধানী নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ২৯ মাৰ্চত সম্পন্ন হব অসম আৰু মেঘালয়ৰ সীমা চুক্তি৷ মূলত সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া দুয়োখন ৰাজ্যৰ সীমা সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰ ঐক্যমতত উপনীত হৈছে৷ বিগত সময়চোৱাত দুয়োখন ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ নেতৃত্বত গঠিত শীৰ্ষ পৰ্যায়ৰ দলে যুটীয়াভাবে বিবদমান বুলি চিহ্নিত ১২ স্থান পৰিদৰ্শন কৰিছে৷ ইয়াৰে ভিতৰত ৬টা স্থানৰ ক্ষেত্ৰত স্থায়ী সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰ ঐক্যমতত উপনীত হৈছে৷ আনহাতে অসম চৰকাৰৰ শীৰ্ষ সূত্ৰই সদৰি কৰা অনুসৰি এই ঐক্যমতত উপনীত হোৱা ৬টা স্থানৰ স্থায়ী সমাধানৰ বাবে ২৯ মাৰ্চত বিয়লি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা চুক্তিত স্বাক্ষৰ কৰাৰ কথা৷ ইফালে দুয়োখন ৰাজ্য চৰকাৰৰ তৎপৰতাৰ বিপৰীতে এই ৬টা স্থানক লৈ সীমান্তত বাস কৰি অহা অসমৰ একাংশ লোকে অসম চৰকাৰৰ শেহতীয়া স্থিতিত উদ্বেগ প্ৰকাশ কৰিছে৷ বিশেষকৈ সীমান্তত বাস কৰা অসমৰ লোক সকলৰ মতামত নোলোৱাকৈ তেওঁলোকক মেঘালয়ত চামিল কৰাৰ চক্ৰান্ত চলা বুলি অভিযোগ কৰিছে ৰাজধানী দিছপুৰৰ গাতে লগা বশিষ্ঠৰ পিলিংকাটা, মাইখুলি আৰু বৰপথাৰ অঞ্চলৰ সীমান্তবৰ্তী ৰাইজে৷ আনকি পিলিংকাটা-মাইখুলিৰ ৰাইজে  মেঘালয়ত চামিল নোহোৱাৰ হুংকাৰ দিছে৷ বিশেষকৈ সীমান্তবাসীক প্ৰতাৰণা কৰি অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে মেঘালয়লৈ যাব নিবিচৰা অসমৰ নাগৰিক৷ অৱশেষত ২৭ মাৰ্চত সদৌ অসম ছাত্ৰ সন্থা [আছু] সহ ৫ ছাত্ৰ সংগঠনে অসম-মেঘালয় সীমান্তৰ তিনিখন গাঁও পৰিদৰ্শনৰ সময়ত ‘সীমান্তবাসী ৰাইজে অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷  উল্লেখযোগ্য যে ২৭ মাৰ্চত দিছপুৰৰ সমীপৱৰ্তী অসম- মেঘালয় সীমান্তৰ বৰপথাৰ, পিলিংকাটা আৰু মাইখুলি অঞ্চল পৰিদৰ্শন কৰিছিল সংগঠনটোৰ নেতৃত্বই৷ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, নিখিল বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰে অঞ্চলকেইটা৷ তেওঁলোক স্থানীয় ৰাইজৰ স’তেও মত-বিনিময় কৰে৷ পৰিদৰ্শনৰ সময়ত বৰপথাৰ [পাথৰ কুৱেৰী] অঞ্চলত বাস কৰা ২৫টা থলুৱা পৰিয়ালে স্পষ্টকৈ অসমৰ লগত থকাৰ কথা উল্লেখ কৰাৰ লগতে লিখিত ৰূপত তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰে৷ দুমাহ পূৰ্বে মন্ত্ৰীগোটৰ আগতো একেই কথা উল্লেখ কৰিছিল৷ তাৰ পাছতো ৰাইজৰ মতৰ বিপৰীতে গৈ অসম চৰকাৰে  উক্ত অঞ্চলটো মেঘালয়ক গতাই দিছে ৷ ইয়াৰ উপৰি পিলিংকাটা অঞ্চলৰ কোনখিনি ঠাই এই পৰ্যন্ত মেঘালয়ক গতাইছে সেই বিষয়ে ৰাইজ আজিলৈকে জ্ঞাত নহয়৷ ছাত্ৰ সংগঠন কেইটাৰ পৰিদৰ্শনৰ সময়ত অধিকসংখ্যক ৰাইজে অসমৰ লগত থকাৰ কথা উল্লেখ কৰে৷ আনকি মাইখুলিত ৰাইজে কৰা অভিযোগ অনুসৰি উক্ত ঠাই মেঘালয়ক গতোৱাৰ কথা উল্লেখ কৰাৰ পিচতে মেঘালয় চৰকাৰে এখন খেলপথাৰত পকী দেৱাল নিৰ্মাণ কৰে৷ ফলত ৰাইজে  অহা-যোৱা কৰাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগৰ সন্মুখীন হবলগীয়া হৈছে৷ অথচ মাইখুলি অঞ্চলৰ অধিকসংখ্যক ৰাইজে স্পষ্টকৈ অসমৰ লগত থকাৰ কথা ব্যক্ত কৰে৷ তাৎপৰ্যপূৰ্ণভাবে আছুসহ ৫ সংগঠনে  চৰকাৰক সীমান্ত পৰিদৰ্শন সন্দৰ্ভত আজি উমৈহতীয়াভাৱে প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল৷ কিন্ত এই পৰ্যন্ত প্ৰতিবেদন দাখিল কৰা সন্দৰ্ভত একো জানিব পৰা হোৱা নাই৷  প্ৰতিবেদনত ৰাইজে উত্থাপন কৰা বিষয়সমূহ পোনপটীয়াভাৱে চৰকাৰক অৱগত কৰাৰ কথা আছিল৷  পৰিদৰ্শনৰ অন্তত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ‘ৰাইজৰ অজ্ঞাতে মেঘালয়ক মাটি দিব বিচৰা কাৰ্য সীমান্তবাসীৰ প্ৰতি চৰকাৰৰ চৰম প্ৰতাৰণা৷ সীমান্ত অঞ্চলৰ ৰাইজে মন্ত্ৰীগোটৰ সন্মুখত স্পষ্টকৈ অসমৰ লগত থকাৰ কথা উল্লেখ কৰাৰ পিচতো উক্ত অঞ্চলসমূহ মেঘালয়লৈ হস্তান্তৰ কৰাটো দুৰ্ভাগ্যজনক৷ সীমান্তবাসীৰ ইচ্ছা-অনিচ্ছা, মতামতক গুৰুত্ব দিয়াটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য৷ নিজৰ ৰাজ্যৰ নাগৰিকৰ কথা নুশুনি বহিঃৰাজ্যৰ লোকৰ হৈ ষড়যন্ত্ৰত লিপ্ত নহ’বলৈ চৰকাৰক সকীয়াই দিয়ে শংকৰজ্যোতি বৰুৱাই৷ লক্ষণীয় বিষয়টো হল সীমা চুক্তি স্বাক্ষৰৰ মাত্ৰ ৪৮ ঘণ্টা আগতে পৰিদৰ্শন কৰা আৰু প্ৰতিবেদন দাখিল কৰিলেও সেই প্ৰতিবেদনক চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়াহে লক্ষণীয় হব৷ কিয়নো কাইলৈ দুপৰীয়াৰ ভিতৰতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা নতুন দিল্লীত উপস্থিত হব৷ ইতিমধ্যে সীমা চুক্তিৰ স্বাক্ষৰৰ কাউণ্ট-ডাউন আৰম্ভ হৈ গৈছে৷ অৱশ্যে আছুৰ উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে দুয়োখন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই অসমৰ সীমান্তবৰ্তী ৰাইজৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখিহে যাতে চুক্তিত স্বাক্ষৰ কৰা হয় তাৰ বাবে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক আহ্বান জনাইছে৷