Logo
image

বিজেপিৰ প্ৰশিক্ষণ শিবিৰত কংগ্ৰেছ বিধায়ক শশীকান্ত

ৰাজ্যসভাৰ নিৰ্বাচনক লৈ দিশহাৰা ৰাজীৱ ভৱন

আমাৰ অসম, ২৯ মাৰ্চঃ ৰাজ্যসভাৰ নিৰ্বাচনকলৈ শাসক-বিৰোধীয়ে জয়লাভৰ অংক কৰি থকাৰ সময়ত সোমবাৰে নিশা গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত কৰা হৈছে বিজেপি মিত্ৰজোঁটৰ প্ৰশিক্ষণ শিবিৰ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰশিক্ষণ শিবিৰত প্ৰথমতেই উপস্থিত হৈছে কংগ্ৰেছ বিধায়ক শশীকান্ত দাস৷ ৰেডিচন ব্লুত অনুষ্ঠিত বৈঠকলৈ বিধায়ক শশীকান্তক লৈ গৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া ৬.৩০ বজাত উপস্থিত থকা প্ৰশিক্ষণ শিবিৰত ভাগ লৈছে মিত্ৰজোঁটৰ অংশীদাৰী দল অগপ-ইউপিপিএলৰ বিধায়কৰ উপৰি বিপিএফৰ বিধায়কসকল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব দেবো উপস্থিত আছে প্ৰশিক্ষণ শিবিৰত৷ মুঠ ৮৩ জন বিধায়ক উপস্থিত হৈছে ৰেডিচন ব্লুত অনুষ্ঠিত কৰা প্ৰশিক্ষণ শিবিৰত৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীদ্বয় পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়েও ভাগ লৈছে প্ৰশিক্ষণ শিবিৰত৷ প্ৰশিক্ষণ শিবিৰত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসো উপস্থিত থকা কথাটোৱে স্পষ্ট কৰিছে যে তেওঁ ৰাজ্যসভাত বিজেপি মিত্ৰজোঁটকে সমৰ্থন জনাব৷ উল্লেখ্য, কিছুদিন পূৰ্বে ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ঘৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ মন্ত্ৰী পীয়ুষ হাজৰিকাক লগত লৈ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসৰ ঘৰত পুৱাৰ আহাৰ গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই৷ বিধায়ক শশীকান্ত দাসৰ ঘৰৰ পৰা ওলায়েই মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীকে ভোট দিব বিধায়ক শশীকান্ত দাসে৷ মন্ত্ৰী পীয়ুষ হাজৰিকায়ো কৈছিল– বিধায়ক শশীকান্ত দাসে বিজেপিক ভোট দিব সেয়া নিশ্চিত৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছত তাকলৈ চৰ্চা কৰাৰ প্ৰয়োজন নাই৷ কেৱল শশীকান্তই নহয় কংগ্ৰেছৰ আৰু অন্য বিধায়কেও বিজেপিক ভোট দিব৷ উল্লেখ্য, দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত কংগ্ৰেছৰ পৰা নিলম্বিত হৈ আছে বিধায়ক শশীকান্ত দাস৷ আনহাতে, ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ২৪ ঘণ্টাত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ ৬খন বৈঠক৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিতত হৈছে উক্ত বৈঠক৷ ৰাজ্যসভাৰ আসনখন যিকোনো প্ৰকাৰে হস্তগত কৰাৰ লক্ষ্যৰে কেইবাটাও পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে বৈঠক৷ কিছুদিন আগলৈকে ৰাজ্যিক কংগ্ৰেছৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰা নিলম্বিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী এতিয়া বুকুৰ কুটুম হৈ পৰিছে৷ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য নহয় যদিও দেওবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত হাস্যবদনে ভাগ লৈছে বিধায়ক শ্বেৰমান আলী৷ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজৰা বিধায়ক শ্বেৰমান আলীক যে কংগ্ৰেছ নেতৃত্বই সৈমান কৰিব পাৰিছে সেই কথা প্ৰায় স্পষ্ট৷ কিন্তু কংগ্ৰেছ বিধায়িনী দলৰ উপদলপতি ৰকিবুল হুছেইন অসন্তুষ্ট৷ হয়তো এ আই ইউ ডি এফৰে মিত্ৰতাক লৈ অসন্তুষ্ট বিধায়ক ৰকিবুল৷ দেওবাৰে অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকতো উপস্থিত নাথাকিল বিধায়ক ৰকিবুল হুছেইন৷ কংগ্ৰেছৰ এটা সূত্ৰৰ মতে, বিধায়ক ৰকিবুল হুছেইনে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ পৰা অব্যাহতি বিচাৰি তিনি পৃষ্ঠাজোৰা পদত্যাগপত্ৰ এখন দলৰ হাইকমাণ্ডলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে৷ যাৰ বাবে তেওঁ দেওবাৰে অনুষ্ঠিত কংগ্ৰেছৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত উপস্থিত থকাৰ পৰা বিৰত আছিল৷ ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীয়ে উমৈহতীয়াভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যদিও এই পৰ্যন্ত বহুধা বিভক্ত বিৰোধী শিবিৰ৷ বিৰোধী শিবিৰৰ অন্যতম দুই দল কংগ্ৰেছ-ইউ ডি এফৰ মাজত নোহোৱা হৈছে আস্থা-বিশ্বাস৷ কংগ্ৰেছে যিদৰে ইউ ডি এফৰ ওপৰত আস্থা ৰাখিব পৰা নাই ইউ  ডি এফেও আস্থা ৰাখিব পৰা নাই কংগ্ৰেছৰ ওপৰত৷ ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে ৪/৫ জন কংগ্ৰেছ বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিক্ৰী যাব বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে আজমলে লোকক দেখুৱাই কংগ্ৰেছৰে মিত্ৰতা কৰিছে আৰু কামেৰে বিজেপিক সহায় কৰি আছে৷ আজিৰ তাৰিখত কংগ্ৰেছৰ হাতত আছে ২৭ খন আসন৷ তাৰ ভিতৰত নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে ইতিমধ্যে বিজেপিক সমৰ্থন জনাব বুলি মত প্ৰকাশ কৰিছে৷ কংগ্ৰেছৰ এটা সূত্ৰ মতে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাক লৈ কংগ্ৰেছ নেতৃত্ব আস্বস্ত হ’ব পৰা নাই৷ তৰুণ গগৈৰ উত্তৰসুৰী বিধায়ক ভাস্কৰ বৰুৱাই ইতিমধ্যে বিজেপিৰ একাধিক ৰাজনৈতিক অনুষ্ঠানত ভাগ লৈ বিতৰ্কত সোমাই পৰিছিল৷ বিধায়ক আফটাব উদ্দিন মোল্লায়ো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ৷ এনেবোৰ ঘটনা পৰিঘটনা কংগ্ৰেছ নেতৃত্বৰ নিদ্ৰাহৰণৰ কাৰণ হৈ পৰিছে৷ এনে সময়তে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয়–ৰাজ্যসভাৰ দুয়োখন আসনত জয়ী হ’ব বিজেপি মিত্ৰজোট৷ কংগ্ৰেছৰ ৰাজ্যখনৰ নেতৃত্বই ৰিপুন বৰা সাংসদ হোৱাটো নিবিচাৰে৷ কংগ্ৰেছত এতিয়া জ্জটা লবী৷ কংগ্ৰেছৰ ৬টা লবীয়ে ৰিপুন বৰা জয়ী হোৱাটো নিবিচাৰে৷ ছয়টা লবীয়েই ৰিপুন বৰাক হৰুৱাবলৈ কাম কৰি আছে৷ কংগ্ৰেছে এতিয়াও ইউ ডি এফক ‘বেইজ্জতী’কৰিয়েই আছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ নিৰ্বাচনকলৈ মুৰ ঘোমোৱা নাই৷ তেওঁ উত্তৰ প্ৰদেশ, মণিপুৰ ঘূৰি আছে৷ কাইলৈ পুনৰ তেওঁ দিল্লীলৈ যাব৷ ইফালে, কংগ্ৰেছৰ এটা শীৰ্ষ সূত্ৰমতে বিধায়ক ৰকিবুল হুছেইনৰ বাসগৃহত ৰাজ্যসভাৰ নিৰ্বাচনক লৈ নিশা অনুষ্ঠিত হৈছে এখন বৈঠক৷ পৃথিৱীৰাজ প্ৰভাকৰ সাথে, অনিৰুদ্ধ সিং আৰু বিকাশ উপাধ্যায় ভাগ লোৱা বৈঠকত উপস্থিত থাকে কংগ্ৰেছৰ সকলো বিধায়ক৷ হয়তো এই বৈঠকতে চূড়ান্ত হ’ব কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশল৷