Logo
image

অমীমাংসিত হৈ ৰ’ল বহু বিবদমান অঞ্চল

অমিত শ্বাহৰ উপস্থিতিত দিল্লীত স্বাক্ষৰ অসম-মেঘালয় সীমা চুক্তি

আমাৰ অসম, ৩০মাৰ্চঃ প্ৰথমবাৰৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চলৰ দুই ৰাজ্যৰ মাজত থকা সীমা বিবাদৰ নিষ্পত্তি ঘটিল ৰাজধানী নতুন দিল্লীত৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত নৰ্থ ব্লকত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড ছাংমাই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে৷ দুয়ো ৰাজ্যৰ মাজত থকা বিবদমান মুঠ ১২টা এলেকাৰ ভিতৰত আজি ৬টা এলেকাৰ বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰিত হয়৷ চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তাৎপৰ্যপূৰ্ণ মন্তব্য–বিবাদহীন উত্তৰ পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক দিন৷ আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মতে, উত্তৰ পূৰ্বাঞ্চলৰ সীমা বিবাদ নিষ্পত্তিৰ দিশে আজিৰ দিনটো আছিল প্ৰথমটো খোজ৷ অনাগত দিনত অসমৰ সৈতে অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডৰ থকা সীমা বিবাদৰো নিষ্পত্তি ঘটিব৷ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বক্তব্য– দুই ৰাজ্যৰ মাজত থকা সীমা বিবাদ এটা বৰ জটিল সমস্যা৷ এই সমস্যাৰ যথাৰ্থ সমাধান কেতিয়াও সম্ভৱ নহয়৷ পিছে আজি আমাৰ মাজত স্বাক্ষৰিত চুক্তিখন আছিল সম্ভৱপৰ আটাইতকৈ ভাল সমাধান৷ উল্লেখ্য যে, আজি স্বাক্ষৰিত চুক্তি অনুসৰি, মুঠ ৩৬.৭৯ বৰ্গ কিলোমিটাৰৰ বিবদমান ৬টা এলেকাৰ ভিতৰত অসমে ১৮.৫১ আৰু মেঘালয়ে ১৮.২৮ বৰ্গ কিলোমিটাৰ লাভ কৰিব৷ ইপিনে চুক্তি স্বাক্ষৰৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে ১৯৭২৬নত অসমৰ পৰা কাটি মেঘালয় গঠন কৰাৰ পছৰে পৰাই দুয়ো ৰাজ্যৰ মাজত সীমা বিবাদ গা কৰি উঠিছিল৷ কাৰ্যতঃ ইয়াৰ বাবে তদানীন্তন কংগ্ৰেছ চৰকাৰক একপ্ৰকাৰ দোষ প্ৰদান কৰি ড॰ শৰ্মাই কয় যে তেতিয়া স্বাক্ষৰিত চুক্তিত মেঘালয়ৰ সীমা কি হ’ব তাৰ কোনো সুস্পষ্ট বিৱৰণ নাছিল৷ যাৰ বাবে যোৱা ৫০ বছৰ ধৰি দুয়ো ৰাজ্যৰ মাজত সীমা বিবাদ চলি আছিল আৰু লাহে লাহে এই বিবাদ বাঢ়ি গৈ আছিল৷ ৭২৬নত যদি দুটা এলেকাত বিবাদ আছিল তেন্তে ৭৬ চনত চাৰিটা৷ আকৌ ৮২ চনত বিবাদ আৰু অধিক ঠাইলৈ বিয়পিল৷ এতিয়া আমি এই বিবাদ নিষ্পত্তি কৰাৰ দিশে আগবাঢ়িছোঁ৷ আজি বিবদমান ৬টা এলেকাৰ বিবাদ নিষ্পত্তিৰ বাবে যিখন চুক্তি স্বাক্ষৰ কৰা হৈছে তাত সীমান্তত বাসকাৰী গাঁওবাসীৰ কথা মনত ৰখা হৈছে৷ তথা কোনো এখন ৰাজ্যৰ বিশেষ একো ক্ষতি নোহোৱাকৈ এই চুক্তি স্বাক্ষৰিত কৰা হৈছে৷ অনুৰূপ মন্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাৰো৷ চুক্তি স্বাক্ষৰিত হোৱা পাছত সাংবাদিকৰ আগত চুক্তি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আগতে কেৱল ‘হিষ্টৰিকেল ফেক্টৰ্ছ’ৰ ভিত্তিতহে সীমা বিবাদৰ বিষয়টো বিবেচনা কৰা হৈছিল৷ এইবাৰ আমি ‘হিষ্টৰিকেল ফেক্টৰ্ছ’,মানচিত্ৰ আদিৰ লগতে সীমান্তত বাস কৰা ৰাইজৰ আবেগ-অনুভূতিৰ কথাও আমি বিবেচনা কৰি চাইছোঁ তথা সম্ভৱপৰ আটাইতকৈ ভাল সমাধান বিচাৰি পাইছোঁ৷ লক্ষণীয়ভাৱে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি স্বাক্ষৰিত এই চুক্তিখনক অসমৰ লগত থকা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ বিবাদ নিষ্পত্তিৰ দিশে প্ৰথমটো খোজ বুলি আখ্যা দি কয় যে অৰুণাচলৰ লগতে থকা সীমা বিবাদৰ নিষ্পত্তিও বহুখিনি আগবাঢ়িছে৷ সীমা বিবাদকলৈ নাগালেণ্ড আৰু মিজোৰামৰ সৈতেও প্ৰাৰম্ভিক যোগাযোগ আৰম্ভ কৰা হৈছে৷’এই গোটেইবোৰ সীমা বিবাদ যদি সমাধা কৰা হয় তেনেহ’লে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক সংঘাত নাথাকিব আৰু এটা ইউনাইটেড নৰ্থ ইষ্ট হিচাপে উত্তৰ-পূবৰ সাংস্কৃতিক-অৰ্থনৈতিক আৰু ঐতিহ্যসমূহৰ বিকাশৰ বাবে আমি একেলগে কাম কৰিব পাৰিম৷ মেঘালয়, নাগালেণ্ড, অৰুণাচলৰ লগত আমাৰ কাজিয়া থকাৰ বাবে ইউনাইটেড নৰ্থ ইষ্টৰ স্পিৰিটটো আমি দেখা নাপাওঁ৷ এই সীমা বিবাদসমূহ সমাধান হোৱাৰ লগে লগে নৰ্থ ইষ্ট—সাতভনী বুলি আমি যাক কওঁ, সেই স্পিৰিটটোৰ আকৌ এবাৰ উত্থান হ’ব বুলি মই ভাবোঁ’— সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই এনেদৰে কয়৷ লক্ষণীয়ভাৱে অসম-মেঘালয় বিবদমান এলেকাৰ নতুন মানচিত্ৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই বুলি অৱগত কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী ছাংমাৰ বক্তব্য— এয়া এটা প্ৰক্ৰিয়াহে৷’এমাহ, দুমাহ, তিনিমাহ বুলি ক’ব নোৱাৰোঁ৷ যিমান সোনকালে সম্ভৱ এই সমস্যাৰ আমি সমাধা কৰিম৷ পিছে দুয়োৰাজ্যৰ মাজত থকা প্ৰকৃত সীমান্ত ছাৰ্ভে অৱ ইণ্ডিয়াই নিৰ্ধাৰণ কৰিব৷’সাংবাদিকৰ আগত ছাংমাই এনেদৰে কয়৷ মন কৰিবলগীয়া যে কেন্দ্ৰীয় গৃহ বিভাগৰ তৰফত জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিতো দুয়োৰাজ্যৰ নতুন সীমান্ত ছাৰ্ভে অৱ ইণ্ডিয়াই চূড়ান্ত কৰিব বুলি প্ৰকাশ কৰা হৈছে৷ লক্ষণীয়ভাৱে চুক্তি স্বাক্ষৰিত হোৱাৰ পূৰ্বে নৰ্থ ব্লকৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ২০১৪চনৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে তথা অঞ্চলটোৰ সাৰ্বিক উন্নয়নৰ বাবে কাম কৰি আহিছে৷ আনকি উত্তৰ পূৰ্বাঞ্চলৰ সুকীয়া সংস্কৃতিক মান্যতা প্ৰদানৰ বাবেও প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰি আহিছে৷ নিজকে এই সমগ্ৰ প্ৰক্ৰিয়াৰ সাক্ষী বুলি চিহ্নিত কৰি অমিত শ্বাহৰ বক্তব্য— আজিৰ দিনটো নিঃসন্দেহে বিবাদহীন উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত এটা ঐতিহাসিক দিন৷ আজি অসম-মেঘালয়ৰ মাজত থকা বিবদমান ১২টা এলেকাৰ ৬টাৰ নিষ্পত্তি সম্ভৱপৰ হৈছে অনাগত দিনত আন ৬টাৰো নিষ্পত্তি ঘটিব তথা সময় আহিব যেতিয়া আমি সম্পূৰ্ণৰূপে বিবাদমুক্ত উত্তৰ পূৰ্বাঞ্চল দেখা পাম৷ মন কৰিবলগীয়া যে অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ বাবে আজি চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত মোদীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীজনে সীমা বিবাদ নিষ্পত্তিৰ দিশে আগবঢ়োৱা প্ৰথমটো খোজ সন্দৰ্ভত সবিশেষ ব্যক্ত কৰে৷ চুক্তি স্বাক্ষৰ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সাংবাদিকৰ আগত এই কথা জানিবলৈ দিয়ে৷