Logo
image

গণনা সম্পূৰ্ণ কাজিৰঙাত বাঢ়িল গঁড়

আমাৰ অসম,৩০ মাৰ্চঃ বিশ্বৰ ভিতৰত সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাৰিদিন ধৰি চলা গঁড় গণনাৰ পাছত প্ৰকৃতিপ্ৰেমীয়ে ফলাফল জানিবলৈ অতি উৎসাহেৰে বাট চাই থকাৰ পাছত আজি উদ্যান কত্তৃৰ্পক্ষই চাৰিবছৰৰ পাছত ২,৯১৩টা গঁড় গণনা কৰি পোৱাৰ তথ্য প্ৰকাশ কৰে৷ এই সম্পৰ্কে আজি কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈ, আন্তঃৰাষ্ট্ৰীয় বিখ্যাত তথা অসম গৌৰৱ বঁটা লাভ কৰা বন বিষয়া ধৰণীধৰ বড়ো, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, উপ-বন সংৰক্ষক খড্গ মোহন ডেকাৰজা আদিৰ উপস্থিতিত সঞ্চালক যতীন্দ্ৰ শৰ্মাই এক সংবাদ মেলযোগে জানিবলৈ দিয়া মতে,২৫ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনাৰ তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে৷ এইবাৰৰ গণনাত মুঠ ২,৬১৩টা গঁড় পোৱা গৈছে বুলি সংবাদ মেলত ঘোষণা কৰে৷ উদ্যান কত্তৃৰ্পক্ষই জানিবলৈ দিয়া মতে, কাজিৰঙাত গণনাত পোৱা মুঠ গঁড়ৰ ভিতৰত ৭৫০টা মতা আৰু ৯০৩জনী মাইকী আৰু লিংগ নিৰূপণ নোহোৱা ১৭০টা৷ অন্যহাতে, মতা ডেকেৰুৱা ১১৬ টা, মাইকী ডেকেৰুৱা ১৪৬ জনী, লিংগ নিৰ্ণয় নোহোৱা ডেকেৰুৱা ১০৩টা, চেমনীয়া অৰ্থাৎ ১-৩ বছৰ বয়সীয়া ২৭৯টা আৰু পোৱালি অৰ্থাৎ এবছৰ বয়সৰ তলৰ ১৪৬টা গঁড় পোৱা গৈছে৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৬০ চনত প্ৰথমবাৰ গণনা কৰি ৩৬৬টা গঁড় পোৱা গৈছিল আৰু শেহতীয়াকৈ ২০১৮চনত গঁড় গণনা কৰি উদ্যানখনত ২,৪১৩টা গঁড় থকাৰ তথ্য লাভ কৰিছিল উদ্যান কত্তৃৰ্পক্ষই৷ ইয়াৰ পাছত অৰ্থাৎ চাৰিবছৰৰ পাছত পুনৰ গণনা কৰি ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ গঁড়ৰ সংখ্যা ২,৬১৩টা পোৱা গ’ল৷ সঞ্চালকে আৰু জানিবলৈ দিয়া মতে, বিগত চাৰিবছৰত মুঠ ২০০টা গঁড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে যদিও স্বাভাৱিক কাৰণ আৰু চোৰাং চিকাৰীৰ হাতত প্ৰায় চাৰিশ গঁড়ৰ মৃত্যু হৈছে৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ্যক গঁড় গণনাত সুবিধা হোৱাকৈ মুঠ ৮৪টা খণ্ডত বিভক্ত কৰি ২৫-২৮ মাৰ্চলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে গঁড় গণনা কৰা হৈছিল৷ এই গঁড় গণনাত ৪৬জন গণনাকাৰী, ১২জন পৰ্যৱেক্ষক, ৪৯জন সংবাদকৰ্মী জড়িত হৈছিল৷ ১৪সংখ্যক গঁড় গণনাত ৫০টা পোহনীয়া হাতীৰ লগতে হাতীৰ মাউত,  সুৰক্ষাকৰ্মীকে ধৰি মুঠ ২৫২জন লোকক নিয়োগ কৰা হৈছিল বুলি উদ্যান কত্তৃৰ্পক্ষই জানিবলৈ দিয়ে৷ উল্লেখ্য যে, এইবাৰৰ গঁড় গণনাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ ২৬ [বি] খণ্ডত সৰ্বাধিক ১৩৯টা গঁড় পোৱা গৈছিল৷ ইফালে ৰাষ্ট্ৰীয় উদ্যানৰ মূল মাটিকালিৰ সৈতে নতুনকৈ সংযোজিত হোৱা অতি বিতৰ্কিত বান্দৰডুবি এলেকাত গণনাকাৰীয়ে ১৪টা গঁড়ে বিচৰণ কৰি থকাৰ তথ্য পোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই মত প্ৰকাশ কৰে৷